Logo
image

শিলঘাটত গঁড়ৰ মুক্ত বিচৰণ

ডিজিটেল সংবাদ, কলিয়াবৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড গঁড়ে সৃষ্টি কৰিছে আতংকৰ। এইবাৰ গঁড় আহি পালেহি শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ সমীপত। মৰাপাট কলটোৰ আবাসিক এলেকাত বিচৰণ কৰা গঁড়টো চাবলৈ ভিৰ কৰিছে অসংখ্য লোক৷ 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা লুইতৰ বুকুৰে আহি গঁড়টো শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ সমীপ পালেহি বুলি জানিবলৈ দিছে গঁড়ৰ বিচৰণথলীত উপস্থিত হোৱা কাজিৰঙাৰ বন বিভাগে৷ ইতিমধ্যে কাজিৰঙা আৰু স্থানীয় বন বিভাগৰ লোকে গঁড়টোক সুৰক্ষা প্ৰদান কৰাৰ লগতে স্থানীয় লোককো সজাগ কৰিছে। সন্ধিয়াৰ ভাগলৈ গঁড়টোক খেদি পঠিওৱাৰ চেষ্টা কৰিব বন বিভাগে ।