Logo
image

সুৰাপান মোৰ জীৱনৰ ডাঙৰ ভুল! ৰজনীকান্ত

বাছ কণ্ডাক্টৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল তেওঁ৷ পৰৱৰ্তী সময়ত ৰূপালী পৰ্দাত ভৰি দিয়েই হৈ পৰে ছুপাৰষ্টাৰ৷ ৰজনীকান্তৰ জীৱনৰ উত্থান যেন ৰূপকথাৰ দৰেই৷ দক্ষিণৰ ‘থালাইভা’ খ্যাত ৰজনীকান্ত আজি সমগ্ৰ দেশৰে আইকণ৷ তেওঁৰ প্ৰত্যেকখন ছবিলৈ দৰ্শকে আগ্ৰহেৰে বাট চাই থাকে৷ এইজন ছুপাৰষ্টাৰৰ যে নিছাৰ দৰে বদ অভ্যাস আছে তাক হয়তো বহুতেই নাজানে৷ শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰজনীকান্তে নিজেই স্বীকাৰ কৰিছে তেওঁৰ বদ অভ্যাসৰ কথা৷ অকল চিনেমা বা অভিনয়েই নহয়, ৰজনীকান্তৰ জীৱনগাঁথা অনেকৰে বাবে অনুপ্ৰেৰণা৷ নিজৰ জীৱনক লৈ বহুবাৰ খোলাখুলিকৈ আলোচনা কৰিছে ‘ৰবট’খ্যাত অভিনেতাজনে৷ জীৱনৰ ভাল-বেয়া সকলো দিশ খৰচি মাৰি আলোচনা কৰে ছুপাৰষ্টাৰজনে৷ শেহতীয়াকৈ এক সাক্ষাৎকাৰত মদ্যপানৰ বিষয়ে খোলাখুলিকৈ বক্তব্য আগবঢ়ায় তেওঁ৷ ৰজনীকান্তৰ ভাষাত–‘যদি মই জীৱনত মদ্যপন নকৰিলোহেঁতেন তেতিয়াহ’লে মই সমাজৰ বহু ভাল কাম কৰিব পাৰিলোহেঁতেন৷ এলকহল মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল৷ মই নকও যে একেবাৰে মদ নাখাব, কিন্তু মদ প্ৰত্যেকদিনে খোৱাটো উচিত নহয়৷ শৰীৰৰ লগতে মনৰো ক্ষতি কৰে৷ ছুপাৰষ্টাৰ হৈয়ো এনেদৰে নিছাৰ বদ অভ্যাসৰ কথা অকপটে স্বীকাৰ কৰিছে ৰজনীকান্তে৷ দক্ষিণৰ ছবিৰ লগতে বলীউডৰো উজ্জ্বলতম নক্ষত্ৰ ৰজনীকান্ত৷ সমগ্ৰ দেশে তেওঁক ‘থালাইভা’ হিচাপে জানে৷ চিনেমাৰ দৰেই তেওঁৰ জীৱন কাহিনী ৰোমাঞ্চকৰ৷ তেওঁ কয়– ‘যেতিয়া মই বাছ কণ্ডাক্টৰ আছিলো প্ৰতিদিনে মদ্যপান কৰিছিলো৷ তদুপৰি ধুমপানৰ দৰে বদ অভ্যাস আছিল৷ নিতৌ দুবাৰকৈ আমিষ খাদ্য খাইছিলো৷ মদ, ধুমপান আমিষ খাদ্য এই তিনিবিধ স্বাস্থ্যৰ পক্ষে ভয়ংকৰ৷’