Logo
image

চিনেমাত অভিনয় কৰিব ধোনিয়ে!

ক্ৰিকেটৰ লগতে মহেন্দ্ৰ সিং ধোনিৰ যে চিনেমাৰ প্ৰতিও অনুৰাগ আছে সেই কথা অজানা নহয়৷ চিনেমাৰ প্ৰতি থকা আগ্ৰহৰ বাবেই  ‘ধোনি এণ্টাৰটেইনমেণ্ট’ নামেৰে চিনেমাৰ প্ৰযোজনা প্ৰতিষ্ঠান এটা খুলিছিল বিশ্বকাপজয়ী ভাৰতীয় অধিনায়কজনে৷ সেই প্ৰতিষ্ঠানটোৰ বেনাৰত মুক্তি পোৱা প্ৰথমখন ছবি ‘লেটছ গেট মেৰিড’ৰ প্ৰচাৰ অনুষ্ঠানত ধোনিৰ পত্নী সাক্ষীয়ে যি কৈছিল তাতেই ক্ৰিকেটাৰজনৰ অনুৰাগীসকল উৎসাহিত হৈ পৰিছে৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ইতিমধ্যে অৱসৰ লৈছে৷ হয়তো আই পি এলতো ক্ৰিকেটাৰ হিচাপে তেওঁক আৰু দেখা নাযাব৷ এইবাৰ ‘মিষ্টাৰ কুল’ক অভিনেতা হিচাপে দেখা যাব নেকি? শেহতীয়াকৈ এই বিষয়টোক লৈ চলিছে চৰ্চা৷ কোনখন ছবিত ধোনিয়ে অভিনয় কৰিব অথবা কোনটো চৰিত্ৰত তেওঁক দেখা যাব সেই বিষয়ে নিশ্চিত নহ’লেও সকলো ঠিকে থাকে থাকিলে ধোনি যে চিনেমাত অভিষেক ঘটাবলৈ আগ্ৰহী তাৰ উমান পোৱা গৈছে৷ ‘ধোনিক মুখ্য চৰিত্ৰত দেখা যাবনে?’–এনে এটা প্ৰশ্নৰ উত্তৰ সাক্ষীয়ে কৈছিল যে প্ৰস্তাৱটো মনঃপুত হ’লে আৰু সকলো ভালদৰে চলিলে হয়তো ধোনিক ছবি এখনৰ মূল চৰিত্ৰতে দেখা যাব৷ কেমেৰাৰ সন্মুখত ধোনি নাৰ্ভাছ নহয়৷ ২০০৬ চনৰ পৰা তেওঁ বিজ্ঞাপন কৰি আহিছে৷ কেমেৰাৰ সন্মুখলৈ আহিবলৈ তেওঁ সংকোচ নকৰে৷ ইয়াৰ পূৰ্বে কেইবাজনো ক্ৰিকেটাৰে চিনেমাত অভিনয় কৰিছে৷ অৱশ্যে তেওঁলোকক কেন্দ্ৰীয় চৰিত্ৰত লোৱা হোৱা নাছিল৷ ধোনিয়ে যদি ছবি এখনৰ মুখ্য চৰিত্ৰ এটাত অভিনয় কৰে, তেন্তে সেয়া হ’ব এক নতুন পৰম্পৰা৷ সাক্ষীয়ে লগতে আন এটা কথাও উল্লেখ কৰিছিল৷ সেয়া হৈছে ধোনি সদায় একশ্বনধৰ্মী ছবিৰ অনুৰাগী৷ সেইবাবে ধোনিয়ে অভিনয় কৰিবলগীয়া ছবিখনো একশ্বনধৰ্মী হ’ব বুলি ধাৰণা কৰা হৈছে৷