Logo
image

পে’ট্ৰলৰ আকাশলংঘী দাম

আজিৰ যান-বাহননিৰ্ভৰ সমাজ ব্যৱস্থাত ইন্ধনৰ চাহিদা প্ৰচুৰ৷ ইন্ধন অবিহনে যান-বাহনৰ চলাচল বন্ধ হৈ যাব আৰু মানুহৰ জীৱন-যাত্ৰা স্থবিৰ হৈ পৰিব৷ অৱশ্যে, বৈদ্যুতিক যান-বাহনৰ প্ৰচলন হৈছে যদিও ই আজিও চালুকীয়া অৱস্থাতে আছে৷ আজিও যান-বাহনৰ চলাচল পে’ট্ৰ-পণ্যৰ ওপৰতে নিৰ্ভৰশীল৷ সম্প্ৰতি পে’ট্ৰল আৰু ডিজেলৰ দামে শতক স্পৰ্শ কৰাৰ উপক্ৰম হৈছে৷ অৱশ্যে ভাৰতৰ কোনো কোনো ৰাজ্যত ইয়াৰ দামে শতক স্পৰ্শ কৰিছেও৷ বৰ্ধিত ইন্ধনৰ দামে পৰোক্ষভাৱে বজাৰ অৰ্থনীতিতো প্ৰভাৱ পেলাইছে৷ বিগত বৰ্ষত লকডাউনৰ সময়ত হোৱা ৰাজহ ঘাটি পূৰণৰ বাবে চৰকাৰৰ অন্যতম উৎস হৈছে পে’ট্ৰ-পণ্য৷ বিগত বৰ্ষৰ ৩০ মাৰ্চত গুৱাহাটীত পে’ট্ৰলৰ দাম আছিল ৭০.৬৮ টকা, কিন্তু আজি ইয়াৰ দাম ৯০ টকা৷ অৰ্থাৎ লকডাউনৰ পাছত চৰকাৰে  পে’ট্ৰলৰ আৱকাৰী শুল্ক, ভেট অধিক কৰাৰ বাবেই পে’ট্ৰল-ডিজেলৰ দাম আকাশলংঘী হৈছে৷ বিগত বৰ্ষৰ জানুৱাৰীত পে’ট্ৰলৰ আৱকাৰী শুল্ক আছিল ১৯.৯৮ টকা, কিন্তু বৰ্তমান ইয়াৰ হাৰ ৬৬ শতাংশ বৃদ্ধি হৈছে৷ সাধাৰণতে পে’ট্ৰলৰ দাম যিমান  তাৰ আধাখিনি কিন্তু আৱকাৰী শুল্ক, ভেট আৰু ডিলাৰৰ কমিছন৷ অৱশ্যে, পে’ট্ৰ-পণ্যৰ দাম বৃদ্ধিত আন কেইবাটাও কাৰকেও প্ৰভাৱ পেলায়৷ সেই কাৰককেইটা হ’ল– ডলাৰৰ তুলনাত টকাৰ মূল্যমান, খাৰুৱা তেলৰ দাম, ইন্ধনৰ চাহিদা, বৈশ্বিত সংকট আদি৷ ভাৰতে যিহেতু ৮০% খাৰুৱা তেল আমদানি কৰে, সেয়ে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ লগে লগে ভাৰতত পে’ট্ৰ-পণ্যৰ দামো বৃদ্ধি হয়৷ ইন্ধনৰ দাম বৃদ্ধিৰ লগে লগে পৰিবহণ ব্যয় বৃদ্ধি হয় আৰু ইয়ে সামগ্ৰীৰ দাম বৃদ্ধিতো অনুঘটকৰ কাম কৰে৷ চৰকাৰে লকডাউনত হোৱা ৰাজহ ঘাটি পূৰণৰ অৰ্থে পে’ট্ৰ-পণ্যৰ ওপৰত আৰোপ কৰা বৰ্ধিত কৰ হ্ৰাস নকৰিলে সৰ্বসাধাৰণৰ অৱস্থা পুতৌজনক হ’ব৷ পে’ট্ৰল-ডিজেলৰ উপৰি ইতিমধ্যে    ৰন্ধন গেছভৰ্তি চিলিণ্ডাৰৰ দামো অত্যধিক বৃদ্ধি পোৱাৰ লগতে আকাশীযানৰ ইন্ধনৰো দাম বৃদ্ধি পাইছে৷ পৰিবহণ ব্যয় বৃদ্ধিৰ ফলত নিতৌ হোৰাহোৰে সামগ্ৰীৰ দাম বৃদ্ধি পাইছে৷ সামগ্ৰীৰ বৰ্ধিত দামৰ কেঁকোৰা চেপাত আজি জনসাধাৰণ অতিষ্ঠ৷ এনে অৱস্থাত জনসাধাৰণৰ কল্যাণৰ অৰ্থে চৰকাৰে পে’ট্ৰ-পণ্যৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰা দৰকাৰ৷ অৱশ্যে জনসাধাৰণেও জীৱাশ্ম ইন্ধনৰ উপৰি ইলেক্ট্ৰিক বাহন, সৌৰশক্তি-চালিত যন্ত্ৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিব লাগিব৷ এনে ব্যৱস্থাই প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰাৰ উপৰি জীৱাশ্ম ইন্ধনৰ ভঁৰালৰ আয়ুসকাল বৃদ্ধি কৰিব৷ তদুপৰি সম্ভৱস্থলত জনসাধাৰণে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলি লাগে৷ চাইকেল চলালে শাৰীৰিক ব্যায়াম হোৱাৰ উপৰি ইন্ধন ৰাহি হোৱাৰ লগতে অৰ্থনৈতিকভাৱেও লাভৱান হ’ব৷ অন্যথা দিনে দিনে পে’ট্ৰ-পণ্যৰ দাম বাঢ়ি কম সময়ৰ ভিতৰতে ই হয়তো সৰ্বসাধাৰণে ঢুকি নোপোৱা অৱস্থা পাব৷ সেই দিন যাতে নাহে, তাৰ প্ৰতি সকলোৱে  সজাগ-সচেতন হোৱা উচিত৷