Logo
image

এছিয়ান চেম্পিয়নছ ট্ৰফী ফাইনেলত ভাৰত-মালয়েছিয়া

চেন্নাই, ১২ আগষ্টঃ আক্ৰমণাত্মক খেলেৰে জাপানক শোচনীয়ভাৱে ৫-০ গ’লত পৰাস্ত কৰি এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈছে ভাৰত৷ শনিবাৰৰ ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বী হ’ব মালয়েছিয়া৷ খেলখনত ভাৰতৰ হৈ গ’ল কৰে আকাশদীপ সিং, অধিনায়ক হৰমনপ্ৰীত সিং, মনদীপ সিং, সুমিত আৰু ছেলভাম কান্তিয়ে৷ উল্লেখ্য, লীগ পৰ্যায়ত ভাৰত আৰু জাপানৰ মাজৰ খেলখন ১-১ গ’লত ড্ৰ’ হৈছিল৷ কিন্তু শুকুৰবাৰৰ দ্বিতীয়খন ছেমিফাইনেলৰ প্ৰথম কোৱাৰ্টাৰ বাদ দি বাকী সময়ছোৱা আছিল সম্পূৰ্ণভাৱে ভাৰতৰ নিয়ন্ত্ৰণত৷ ইপিনে, আনখন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াক ৬-২ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে মালয়েছিয়াই৷ তিনিবাৰৰ চেম্পিয়ন ভাৰতে ৰাউণ্ড ৰবীন লীগ পৰ্যায়ত মালয়েছিয়াক পৰাস্ত কৰিছিল ৫-০ গ’লত৷ সেয়েহে খিতাপৰ প্ৰবল দাবীদাৰ হিচাপেই ভাৰতীয় দলটো ফাইনেলত অৱতীৰ্ণ হ’ব৷