Logo
image

এছিয়ান চেম্পিয়নছ ট্ৰফী হকীত ভাৰত চেম্পিয়ন

‘আমাৰ অসম’, ১৩ আগষ্টঃ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাত চেম্পিয়নৰ সন্মান লাভ কৰিছে ভাৰতে৷ প্ৰতিযোগিতাৰ ফাইনেলত ১-৩ ব্যৱধানত পাছ পৰি থকাৰ পিছতো কৰা দুৰন্ত প্ৰত্যাৱৰ্তনেৰে ভাৰতে শনিবাৰে খিতাপ জয় কৰিবলৈ সক্ষম হয়৷ ফাইনেলখনত ভাৰতে মালয়েছিয়াক শনিবাৰে পৰাস্ত কৰে ৪-৩ ব্যৱধানত৷ চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণণন ষ্টেডিয়ামত প্ৰথম কোৱাৰ্টাৰত যুগৰাজ সিঙে দিয়া গ’লেৰে প্ৰথমেই অগ্ৰগতি লাভ কৰিছিল ভাৰতে৷ কিন্তু ইয়াৰ পিছতে কমল আবু আৰ্জাইৰ গ’লেৰে খেলখনত মালয়েছিয়াই সমতা স্থাপন কৰে৷ দ্বিতীয় কোৱাৰ্টাৰত ৰেজি ৰহিমে এটা পেনাল্টী  কৰ্নাৰ কাৰ্যকৰী কৰি মালয়েছিয়াক ২-১ত অগ্ৰগতি দিয়ে৷ দ্বিতীয় কোৱাৰ্টাৰৰ শেষৰফালে গ’ল দি মালয়েছিয়াৰ অগ্ৰগতি ৩-১ লৈ বৃদ্ধি কৰে আমিনুদিন মুহামদে৷ খেলৰ ৪৫ মিনিটত ভাৰতৰ হৈ গ’ল কৰি ব্যৱধান ৩-২ লৈ হ্ৰাস কৰে হৰমনপ্ৰীতে৷ ইয়াৰ পিছতেই গুৰজন্ত সিঙে কৰা গ’লেৰে ভাৰতে খেলখনত ৩-৩ গ’লত ক্ষমতা স্থাপন কৰিবলৈ সক্ষম হয়৷ খেলৰ ৫৬ মিনিটত ভাৰতৰ হৈ বিজয়সূচক গ’লটো দিয়ে আকাশদীপ সিঙে৷ ভাৰতে চতুৰ্থবাৰৰ বাবে প্ৰতিযোগিতাখনৰ খিতাপ জয় কৰিলে৷ প্ৰতিযোগিতাৰ ছেমিফাইনেলত ভাৰতে জাপানক ৫-০ গ’লত হৰুৱাৰ বিপৰীতে দক্ষিণ কোৰিয়াক ৬-২ ব্যৱধানত হৰুৱাইছিল মালয়েছিয়াই৷