Logo
image

ৰণবীৰেই বলীউডৰ নতুন ‘ডন’

নতুন ডন লৈ আহিছে ফাৰহান আখতাৰ৷ বলীউডৰ কিং খানক টেক্কা দি ডন হ’বলৈ কঁকালত টঙালী বান্ধিছে বলীউডৰ বাজীৰাও ৰণবীৰ সিং৷ টিজাৰত কোৱা হৈছে সেই আইকনিক ডাইলগ– ‘১১ মুলকো কী পুলিচ জিছে ধুন্দ ৰহে হ্যায়..৷’ ডন-৩ এতিয়া বলীউডৰ চৰ্চাৰ বিষয়৷ নতুন যুগৰ ডন হিচাপে আত্মপ্ৰকাশ কৰিব ৰণবীৰে৷ তাৰ বিপৰীতে নায়িকাৰ চৰিত্ৰত চৰ্চালৈ আহিছে কিয়াৰা আদৱানিৰ নাম৷ ডন ফ্ৰেঞ্চাইজিৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ হ’ল ‘ৰুমা’৷ ইয়াৰ পূৰ্বে ডন-২ ছবিত ৰুমাৰ চৰিত্ৰত দেখা গৈছিল প্ৰিয়ংকা চোপ্ৰাক৷ শুনা গৈছে ৰুমাৰ চৰিত্ৰত এইবাৰ দেখা যাব কিয়াৰাক৷ বলীউডত নতুন যুগৰ সূচনা হৈছে নতুন ‘ডন’ ৰণবীৰ সিঙৰ হাতত ধৰি৷ ইতিমধ্যে ‘ডন-৩’ নিৰ্মাণৰ প্ৰস্তুতিক লৈ ঘোষণা কৰিছে প্ৰযোজক ফাৰহান আখতাৰে৷ এইবাৰ কিং খানৰ পৰিৱৰ্তে ‘ডন-৩’ দেখা যাব ডনৰূপী ৰণবীৰ সিঙক৷ মঙলবাৰে  ডন-৩ টিজাৰ প্ৰকাশ কৰিছে ফাৰহান আখতাৰে৷ তাত তেওঁ উল্লেখ কৰিছে ডন-৩ৰ যোগেদি নতুন যুগৰ সূচনা হ’ব ৰণবীৰৰ হাতত ধৰি৷ ইয়াকে লৈ শ্বাহৰুখৰ অনুৰাগীসকল ক্ষোভত ফাটি পৰিছে৷ শ্বাহৰুখ ভক্তই জনাই দিছে ‘ন’ শ্বাহৰুখ ন’ ডন! কোনোৱে আকৌ হুমকিও দিছে– ‘শ্বাহৰুখ নাথাকিলে আমি বলীউড জ্বলাই দিম৷’ উল্লেখ্য ১৯৭৮ চনত চিত্ৰ নাট্যকাৰ চেলিম জাভেদৰ হাতত ধৰি ‘ডন’ চৰিত্ৰটো তৈয়াৰ হৈছিল৷ ডন চৰিত্ৰটো ৰূপায়ণ কৰিছিল অমিতাভ বচ্ছনে৷ ২০০৬ চনত শ্বাহৰুখৰ হাতত ধৰি নতুন ডন তৈয়াৰ হয়৷ এইবাৰ ডনৰ উত্তৰাধিকাৰী হৈছে ৰণবীৰ সিং৷ আকৌ যেন ৰূপালী পৰ্দাত শুনা যাব সেই বিখ্যাত ডাইলগ– ‘ডনকো পকৰানা মুস্কিল নেহি– নাম উনকিন হ্যে’৷