Logo
image

ডুৰাণ্ড কাপত হেট্ৰিক কৰা অসমৰ পাৰ্থিৱ গগৈ

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত ৪ আগষ্টত অনুষ্ঠিত  ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল শ্বিলং লাজং এফ চিৰ বিৰুদ্ধে৷ ভাৰতৰ আটাইতকৈ পুৰণি এই  ফুটবল প্ৰতিযোগিতাত অংশ লোৱা নৰ্থ ইষ্ট ইউনাইটেড দলটোক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল অসম সন্তান পাৰ্থিৱ সুন্দৰ গগৈয়ে৷ খেলখনত দৰ্শনীয় প্ৰদৰ্শন দেখুৱাই পাৰ্থিৱে তিনিটাকৈ গ’ল দি শ্বিলং লাজং ফুটবল দলটোক ৪-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ আনটো গ’ল দিছিল ৰ’মাইন ফিলিপটেউক্সে৷ ১৩২ সংখ্যক প্ৰতিযোগিতাখনত হেট্ৰিক অৰ্জন কৰি উজলি উঠা পাৰ্থিৱে খেলুৱৈ জীৱন আৰম্ভ কৰিছিল গড়গাঁও ফুটবল ক’চিং চেণ্টাৰত৷ দেউতাক পৱন গগৈ অসমৰ এখন আগশাৰীৰ কলেজ নাজিৰা কলেজৰ অধ্যাপক হোৱাৰ উপৰি এগৰাকী সুদক্ষ ফুটবলাৰ, প্ৰশিক্ষক, সংগঠক হোৱাৰ সুবাদতে ঘৰতেই ক্ৰীড়াৰ এক সু-পৰিৱেশ লাভ কৰি খেলপথাৰলৈ ওলাই আহিছিল৷  পখিলা খেদা বয়সতে দেউতাকৰ আঙুলিত ধৰি অনুশীলনীত নমা পাৰ্থিৱৰ প্ৰতিভা বিকাশ হ’বৰ বাবে  সৰহ সময়ৰ আৱশ্যক নহ’ল৷ গড়গাঁও ফুটবল ক’চিং চেণ্টাৰৰ সুদক্ষ আৰু অভিজ্ঞ প্ৰশিক্ষকৰ উচ্ছস্তৰৰ প্ৰশিক্ষণত জাগ্ৰত হৈ উঠিল পাৰ্থিৱৰ সুপ্ত প্ৰতিভা আৰু তাৰ পাছতেই জিলা দলক প্ৰতিনিধিত্বৰে আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিলে৷ আন্তঃজিলা পৰ্যায়ৰ প্ৰতিযোগিতাত চমকপ্ৰদ ক্ৰীড়া নৈপুণ্যৰে বাছনি সমিতিৰ দৃষ্টি কাঢ়িলে আৰু আমন্ত্ৰণ লাভ কৰিলে ৰাজ্যিক দল বাছনি শিবিৰলৈ৷ বাছনি শিবিৰতো অভাবনীয় ক্ৰীড়া শৈলী প্ৰদৰ্শনেৰে সকলোকে মুগ্ধ কৰি দলত স্থান লাভ কৰিলে৷ ইয়াৰ পৰৱৰ্তী সময়ত ১৫ বছৰৰ অনূধবৰ্ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসম দলক প্ৰতিনিধিত্ব কৰি দুভৰিৰ যাদুৰে সকলোকে বিমুগ্ধ কৰিবলৈ সক্ষম হোৱা ভৱিষ্যতৰ তাৰকা ফুটবলাৰজনে ইয়াৰ পাছতেই বেংগালুৰু অ’জন ফুটবল ক’চিং চেণ্টাৰলৈ আমন্ত্ৰণ লাভ কৰে৷ ২০১৬ বৰ্ষত প্ৰখ্যাত বেংগাালুৰু ফুটবল ক’চিং চেণ্টাৰত যোগদান কৰিয়েই কম দিনৰ ভিতৰতে নিজা দক্ষতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হোৱাতেই ক্ষান্ত থকা নাছিল, সেই বছৰতে আয়োজিত আই লীগত বেংগালুৰু অ’জন ক’চিং চেণ্টাৰৰ হৈ ১৫ বছৰৰ অনূধবৰ্ৰ শাখাত অংশ গ্ৰহণ কৰি অপূৰ্ব ক্ৰীড়াশৈলী প্ৰদৰ্শনেৰে বিশেষজ্ঞৰ পৰা ভূয়শী প্ৰশংসা আদায় কৰিবলৈ সক্ষম হৈছিল৷ 

আই লীগৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা সমূহত দৰ্শনীয় প্ৰদৰ্শন কৰাৰ সুবাদতে ২০১৭ চনত জাৰ্মানীৰ বেয়াৰ্ন মিউনিখ চহৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় স্কুল ফুটবলৰ ১৫ বছৰৰ অনূধবৰ্ৰ শাখাত ভাৰতীয় স্কুল দলক প্ৰতিনিধিত্ব কৰাৰ সৌভাগ্য আৰ্জন কৰে৷ খেলুৱৈ জীৱনৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো বুদ্ধিদীপ্ত ক্ৰীড়া নৈপুণ্যৰে বিপক্ষ দলৰ প্ৰতিগৰাকী খেলুৱৈক শলঠেকত পেলাবলৈ সক্ষম হৈ উজলি উঠা পাৰ্থিৱে পৰৱৰ্তী বছৰ অৰ্থাৎ ২০১৮ বৰ্ষত আয়োজিত আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত ১৬ বছৰৰ অনূধবৰ্ৰ শাখাত আকৌ জাতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে৷ এইদৰেই দক্ষতাৰ সুবাদতে ইখনৰ পিছত সিখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্বৰে অসম সন্তানৰ দক্ষতা প্ৰতিপন্ন কৰা নাজিৰা শিমলুগুৰি খনিকৰ গাঁৱৰ পৱন গগৈ আৰু শোভা গগৈৰ সু-সন্তানজনে ২০১৯ বৰ্ষতে সংযুক্ত আৰৱ এমিৰেটছত অনুষ্ঠিত ত্ৰিদেশীয় ফুটবল প্ৰতিযোগিতাতো ভাৰতীয় দলক প্ৰতিনিধিত্বৰে উজলি উঠিবলৈ সক্ষম হয়৷ 

ক্ৰীড়া জগতত সফল হ’বলৈ অত্যাৱশ্যকীয় আটাইবোৰ বিৰল গুণৰ অধিকাৰী পাৰ্থিৱ সুন্দৰ গগৈয়ে ২০১৯ বৰ্ষত মালয়েছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰীতি ফুটবল প্ৰতিযোগিতাত আকৌ এবাৰ জাতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে৷ আই এফ এ শ্বিল্ড আৰু আই লীগত ভাগ লৈ চমক সৃষ্টি কৰা সুদক্ষ ফুটবলাৰজনে  আই লীগত ইতিমধ্যে দুবাৰকৈ হিৰ’ অৱ দ্য মেচ সন্মান লাভ কৰিছে৷ এইদৰেই অসাধাৰণ ক্ৰীড়া প্ৰতিভাৰ উমান দিয়া পাৰ্থিৱে ২০২২ বৰ্ষত ভূৱনেশ্বৰত অনুষ্ঠিত ছাফ ফুটবলতো ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল৷ প্ৰতিযোগিতাখনত চেম্পিয়নৰ খিতাপ অৰ্জা ভাৰতীয় ফুটবল দলটোৰ অন্যতম চালিকা শক্তি আছিল অসমৰ দুৰ্দান্ত ফুটবলাৰজন৷ ২০ বছৰৰ অনূধবৰ্ৰ প্ৰতিযোগিতাখনত বিপক্ষক পাঁচটাকৈ গ’ল দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল পাৰ্থিৱে৷

সম্প্ৰতি নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ খেলি অনাগত দিনবোৰত এতিয়াতকৈ অধিক পৰিপক্ক হোৱাৰ নিশ্চিতি প্ৰদান কৰা নাজিৰা শিমলুগুৰিৰ সন্তানজনে এ এফ চি ২৩ বছৰ আনূধবৰ্ৰ কাটাৰ এছিয়ান কাপ কোৱালিফায়াৰ্ছলৈ সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনৰ দ্বাৰা ঘোষিত ২৮ জনীয়া সাম্ভাৱ্য খেলুৱৈৰ তালিকাত স্থান লাভ কৰিছে অসম ফুটবলক গৌৰৱান্বিত কৰা পাৰ্থিৱ সুন্দৰ গগৈয়ে৷

সন্মুখত এক সুন্দৰ ভৱিষ্যৎ পৰি থকা মাথোঁ কুৰি বছৰীয়া পাৰ্থিৱে ভৱিষ্যতে ছিনিয়ৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ উপৰি ছিনিয়ৰ দলৰ অধিনায়কত্ব লাভৰ দুৰ্বাৰ হেঁপাহ মনত পুঁহি ৰাখিছে৷ আশা কৰা হৈছে, প্ৰচুৰ সম্ভাৱনাময় ফুটবলাৰজনৰ আশাই পূৰ্ণতা পাব আৰু এইদৰেই অসমৰ ফুটবলৰ মান ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত উজলি উঠিব৷


ফোনঃ ৮৬৩৮৩-৫১১৭০