Logo
image

পাৰিলে লিখিত প্ৰতিশ্ৰুতি বিচাৰক

অসম বিধানসভাৰ নিৰ্বাচনলৈ সত্তৰ দিনমানহে আছে যেন লাগে৷ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ লগে লগে স্বাভাৱিকতে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে আগৰ নিচিনাকৈ এইবাৰো নিশ্চয় বিভিন্ন ধৰণৰ বহু প্ৰতিশ্ৰুতি দিব৷ মৌখিক প্ৰতিশ্ৰুতিৰ উপৰি দলবোৰে মুদ্ৰিত ৰূপত নিৰ্বাচনী ইস্তাহাৰো প্ৰকাশ কৰিব৷ বহু সময়ত দেখা যায়, নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰৰ প্ৰায়খিনিয়েই গাদী দখল কৰাৰ পাছত পাহৰি যায়৷

এইবাৰো দল আৰু প্ৰাৰ্থীসকলে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি অসমৰ ভোটাৰসকলক দিব৷ এনে প্ৰতিশ্ৰুতিবোৰে যদি কোনো প্ৰচলিত আইন ভংগ নকৰে, তেনেহ’লে প্ৰতিশ্ৰুতি দিয়াত কাকো বাধা দিব নোৱাৰি৷ অসমৰ ৰাইজে তলত উল্লেখ কৰা ধৰণৰ প্ৰতিশ্ৰুতি শুনি নাচি-গাই কাৰোবাক নিৰ্বাচনত জিকাইছিল–

[ক] ২০১৪ চনৰ মে’ৰ পাছত অবৈধ অনুপ্ৰৱেশকাৰীসকলক অসমৰ পৰা বিতাড়ন কৰা হ’ব;

[খ] অসমক কোনোপ্ৰকাৰে ক্ষতি কৰিব পৰা বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব; আৰু

[গ] অসমৰ পৰা দুৰ্নীতি নিৰ্মূল কৰা হ’ব আদি৷

এইধৰণৰ প্ৰতিশ্ৰুতিবোৰ বাস্তৱত পৰিণত কৰা হ’ল নে নাই সেইটোৰ বিষয়ে ৰাইজে নিজে নিজকে প্ৰশ্ন কৰি সিদ্ধান্ত লওক– অহা নিৰ্বাচনতো এনে মিছা প্ৰতিশ্ৰুতি বিশ্বাস কৰি সঁচা কথা নোকোৱা দল আৰু প্ৰাৰ্থীকেই আকৌ ভোট দিবনে?

নিৰ্বাচনী প্ৰচাৰৰ সময়ত যেতিয়া প্ৰতিদ্বন্দ্বী দলবোৰৰ নেতা-নেত্ৰীসকল আৰু প্ৰাৰ্থীসকল ভোট বিচাৰি ৰাইজৰ মুখামুখি হ’ব, তেতিয়া ৰাইজে ইচ্ছা কৰিলে তলত উল্লেখ কৰাধৰণৰ প্ৰতিশ্ৰুতি কিছুমান তেওঁলোকৰ পৰা লিখিত ৰূপত বিচাৰিব পাৰে৷ অৱশ্যে লিখিত ৰূপত প্ৰতিশ্ৰুতি নিদিলে কাকো জোৰ কৰিব নালাগে৷ লিখিত প্ৰতিশ্ৰুতি নিদিলে ভৱিষ্যতে প্ৰতিশ্ৰুতি পালনত সংশ্লিষ্ট দল বা প্ৰাৰ্থী কিমান বিশ্বাসী সেইটো ৰাইজে বুজি তেনে প্ৰাৰ্থী বা দলক ভোট দিব নে নাই বিবেচনা কৰিব পাৰে৷ এনেদৰে বিচাৰিব পৰা কিছুমান প্ৰতিশ্ৰুতি হ’ল তলত দিয়া ধৰণৰ–

[ক] ২০১৫ চনৰ পৰা ৰাজ্য চৰকাৰে খেতিৰ মাটি খেতি নকৰা লোকৰ হাতলৈ হস্তান্তৰ হোৱাটো অতি সহজ কৰি তুলিছে, যিটো ব্যৱস্থাই অসমৰ খিলঞ্জীয়াসকলৰ বৃহৎ অংশক অহা কেইবছৰমানতে ভূমিহীন কৰি তুলিব পাৰে৷ কৃষিভূমি অনা-কৃষকলৈ হস্তান্তৰ কৰাৰ নিয়ম সৰলীকৰণ ব্যৱস্থা নিৰ্বাচনত জয়ী হ’লে দল আৰু প্ৰাৰ্থীয়ে উঠাই ল’ব নাই নাই;

[খ] অসমৰ খিলঞ্জীয়া লোকৰ মাটি অনা-খিলঞ্জীয়াৰ হাতলৈ যোৱাটো বন্ধ কৰিব নে নাই; আৰু ‘দি মেঘালয় লেণ্ড ট্ৰেন্সফাৰ এক্ট [The Meghalaya Land transfer Act]ৰ নিচিনা আইন এখন অসমৰ বাবে প্ৰণয়ন কৰিব  নে নাই;

[গ] অসমৰ ক্ষতি কৰিব পৰা বৃহৎ নদীবান্ধবোৰৰ কাম সম্পূৰ্ণৰূপে বন্ধ কৰিব নে নাই;

[ঘ] বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত বিভিন্ন স্তৰৰ পঞ্চায়ত আৰু মিউনিচিপালিটিবোৰৰ কাম-কাজত অবৈধ আৰু বে-আইনী হস্তক্ষেপ বন্ধ কৰিব নে নাই৷ এনে অবৈধ হস্তক্ষেপৰ অভিযোগ বহুত পোৱা যায়– সংবাদ মাধ্যমত;

[ঙ] নিজ সমষ্টিৰ বিভিন্নধৰণৰ ছিণ্ডিকেট আৰু ৰাস্তাই-ঘাটে বিভিন্ন বাহনৰ পৰা বলপূৰ্বক আৰু অবৈধভাৱে ধন আদায় কৰাটো বন্ধ কৰিব নে নাই;

[চ] সমষ্টিৰ নিবনুৱাসকলক নতুন চৰকাৰ গঠন কৰিব পাৰিলে অন্ততঃ ছমাহৰ ভিতৰত উপাৰ্জনৰ কি কি পথ দেখুৱাব;

[ছ] ৰাজ্যৰ ভূমিহীন লোকসকলক অলপ হ’লেও মাটি কেতিয়া দিব;

[জ] যিসকল লোকে আৱণ্টন পোৱা চৰকাৰী মাটিত তিনি বছৰ বা অধিক কাল ধৰি বসবাস কৰি আছে তেওঁলোকৰ আৱণ্টন পত্ৰবোৰ ছমাহৰ ভিতৰত একচনা পট্টালৈ ৰূপান্তৰ কৰিবনে?

[ঝ] যিসকল লোকে একচনা পট্টাৰ মাটিত বসবাস কৰি আছে সেই একচনা পট্টাবোৰ চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত প্ৰিমিয়াম আদায়ক্ৰমে ম্যাদী পট্টালৈ ৰূপান্তৰ কৰা হ’বনে?

[ঞ] নদীৰ গৰাখহনীয়াক, বানপানী, খৰাং, অগ্নিকাণ্ড, ভূমিকম্প, ভূ-স্খলন, শস্যৰ ওপৰত পোকৰ আক্ৰমণ আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগ বুলি ঘোষণা কৰি গৰাখহনীয়াত মাটি হেৰুৱা লোকসকলক আৰ্থিক সাহায্য দিবনে?

[ট] বানপানীত ছিগি যোৱা মথাউৰিবোৰ অহা নৱেম্বৰৰ পৰাই মেৰামতি কৰা হ’বনে? মথাউৰি নিৰ্মাণ কৰা হ’বনে? মেৰামতিত বালি ব্যৱহাৰ কৰাৰ অভিযোগ নোহোৱা কৰিবনে?

[ঠ] অসমৰ কৃষকৰ স্বাৰ্থত ৰাজ্যত ‘সত্য প্ৰমাণিত নোহোৱা’ [uncertified] শস্য বীজৰ বিক্ৰী বন্ধ কৰিবনে?

[ড] যোৱা কেইবছৰত ৰাজ্যত হোৱা বৃহৎ বিত্তীয় কেলেংকাৰিবোৰৰ লেহেমীয়া হৈ পৰা তদন্ত খৰতকীয়া কৰা হ’বনে?

[ঢ] অসমৰ বনসম্পদৰ ওপৰত চলি থকা লুটৰ অভিযোগবোৰৰ অন্ত পেলোৱাৰ ব্যৱস্থা ল’বনে?

[ণ] সকলো কৰ্মৰত শিক্ষকৰ বেতন নিশ্চিত কৰা হ’বনে?

[ত] চৰকাৰী খৰচত পতা বৃহৎ আৰু ৰঙচঙীয়া সভা, সমাৱেশবোৰৰ খৰচ কমোৱা হ’বনে?

[থ] কথাই প্ৰতি ৰাইজৰ ধনেৰে হেলিকপ্টাৰ ব্যৱহাৰ কৰা আৰু খৰচী হোটেল আদিত চৰকাৰে সভা আদি পাতি কৰা খৰচ কমাবনে?

ফোনঃ ৯৪৩৫৫-৫৫৬২৭

[লেখক অসম জাতীয় পৰিষদৰ এজন উপ-সভাপতি৷ প্ৰৱন্ধত ব্যক্ত কৰা মতামত লেখকৰ নিজা]