Logo
image

পাঁচ বছৰত ১২ হাজাৰ কোটি টকা লাভ বিচিচিআইৰ

বিশ্বৰ সবাতোকৈ চহকী ক্ৰিকেট ব’ৰ্ড হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড [বি চি চি আই]৷ এই তথ্য নতুনকৈ জনোৱাৰ কোনো প্ৰয়োজন নাই৷ ভাৰতীয় ক্ৰিকেট ব’ৰ্ড বিশ্বৰ সবাতোকৈ চহকী ক্ৰিকেট ব’ৰ্ড হ’লেও ব’ৰ্ডৰ আয়-ব্যয়ৰ প্ৰকৃত তথ্য এই পৰ্যন্ত পোৱা হোৱা নাছিল৷ কিন্তু ভাৰতৰ ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থাটোৰ উপাৰ্জনৰ বিষয়ে অলপতে কেতবোৰ তথ্য পোহৰলৈ আহিছে৷ জানিব পৰা মতে, বিগত পাঁচ বছৰত বি চি চি আইৰ লাভ হৈছে ১২,৪০০ কোটি টকা৷ ২০১৭-১৮ চনৰ পৰা ২০২১-২২ চনৰ মাৰ্চলৈ বি চি চি আইৰ লাভ পৰিমাণ  সংসদত জনাইছে এজন মন্ত্ৰীয়ে৷ সাধাৰণতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ আৰ্থিক খতিয়ান ৰাজহুৱা কৰা নহয়৷ শেহতীয়াভাৱে সম্প্ৰচাৰ স্বত্ত্ব বিক্ৰী কৰি প্ৰচুৰ লাভ হৈছে ব’ৰ্ডৰ আৰু সেই হিচাপ অৱশেষত জানিব পৰা গৈছে৷ সংসদত মন্ত্ৰীজনে জনোৱা মতে, ২০২১-২২ বিত্তীয় বৰ্ষত বি চি চি আইৰ উপাৰ্জন হৈছে ৭৫৯৬ কোটি টকা৷ তাৰ বিপৰীতে খৰচ হৈছে ৩০৫৮ কোটি টকা৷ অৰ্থাৎ লাভৰ পৰিমাণ হৈছে ৪৫৩৮ কোটি টকা৷ সংসদত যি পাঁচটা বিত্তীয় বৰ্ষৰ হিচাপ  দাঙি ধৰা হৈছিল, তাৰ ভিতৰত ২০২১-২২ বিত্তীয় বৰ্ষতে ব’ৰ্ডৰ লাভৰ পৰিমাণ আছিল সৰ্বাধিক৷ বিশ্বৰ সবাতোকৈ চহকী ক্ৰিকেট ব’ৰ্ড হোৱাৰ সূত্ৰে বিশ্ব ক্ৰিকেটত ভাৰতৰ এক বিশেষ স্থান আছে বুলি  ধাৰণা কৰা হয়৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড প্ৰকৃততে কিমান চহকী, দীৰ্ঘ দিনৰ পাছত তাৰ তথ্য জানিব পৰা গ’ল৷

ইপিনে, বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ [আই চি চি] মুঠ লাভৰ পৰিমাণ  ভাৰতীয় মুদ্ৰাৰ হিচাপ অনুসৰি ৬০০০ কোটি টকা৷ ২০১৪ চনৰ পৰা ২০২৭  চনলৈ এই লাভৰ ৩৮.৫ শতাংশ পাব ভাৰতে৷ অৰ্থাৎ ১৯০০ কোটি টকা লাভ কৰিব ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে৷ তাৰ লগতে সম্প্ৰচাৰ স্বত্ত্ব বিক্ৰীৰ পৰা অহা ধনো যোগ হ’ব৷ তাৰ লগতে আছে স্বদেশত অনুষ্ঠিত দ্বিপাক্ষিক শৃংখলাৰ সম্প্ৰচাৰ স্বত্ত্বও৷ তাৰ পৰাও ব’ৰ্ডৰ কোষাগাৰলৈ আহে মোটা অংকৰ ধন৷ উল্লেখ্য, ভাৰতৰ বাহিৰে আন কোনো দেশৰ ক্ৰিকেট ব’ৰ্ডে আই চি চিৰ পৰা ইমান বৃহৎ অংকৰ ধন লাভ নকৰে৷ ভাৰতে  এই বৃহৎ অংকৰ ধন পোৱাক লৈ আপত্তি দৰ্শাইছিল পাকিস্তানে৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে পাকিস্তানৰ আপত্তি মানি নল’লে৷ কিছুদিন পূৰ্বে আই চি চিৰ এটা বিবৃতিত প্ৰকাশ পাইছিল যে কাউঞ্চিলৰ ফাইনেন্সিয়েল এণ্ড কমাৰ্চিলে এফেয়াৰ্ছ কমিটীয়ে এই বিষয়টোত সিদ্ধান্ত লৈছে আৰু পৰৱৰ্তী সময়ত তাৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব৷ আই চি চিৰ মুঠ লাভৰ ৩৮.৫ শতাংশ পাব ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে৷  তাৰ বিপৰীতে ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডে ৬.৮৯ আৰু ক্ৰিকেট অষ্ট্ৰেলিয়াই ৬.২৫ শতাংশ ধন লাভ কৰিব৷ এখন দেশৰ ক্ৰিকেট ব’ৰ্ডক অত্যধিক ধন প্ৰদান কৰি আই চি চিয়ে আন দেশবোৰৰ প্ৰতি অন্যায় কৰিছে নেকি? এনে প্ৰশ্নৰ অৱতাৰণা হোৱাটো স্বাভাৱিক যদিও আই চি চিৰ শীৰ্ষ কৰ্মকৰ্তা এজনে জনোৱা মতে, কোনখন দেশৰ ক্ৰিকেট ব’ৰ্ডে কিমান ধন পাব সেয়া নিৰ্ভৰ কৰে মূলতঃ তিনিটা বিষয়ৰ ওপৰত৷ সেয়া হৈছে ক্ৰম তালিকাত দেশখনৰ অৱস্থান, আই চি চিৰ প্ৰতিযোগিতাত দেশখনৰ প্ৰদৰ্শন আৰু সম্প্ৰচাৰৰ লগতে বিজ্ঞাপনৰ পৰা দেশখনে কিমান ধন উপাৰ্জন কৰে৷ ভাৰতত ক্ৰিকেটৰ জনপ্ৰিয়তা আন সকলো দেশৰ তুলনাত অধিক৷ ভাৰতৰ পৰাই সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰে আই চি চিয়ে৷ সেয়েহে বি চি চি আয়ে আই চি চিৰ লাভৰ সিংহভাগ লাভ কৰাৰ বিষয়টোত অন্যায়ৰ কোনো প্ৰশ্ন থাকিব নোৱাৰে৷