Logo
image

কাৰাবন্দী দেৱাংগনাৰ বিৰুদ্ধে নতুন গোচৰ

আমাৰ অসম, ৩০ জানুৱাৰীঃ দিল্লীৰ ৰাজপথত ‘কা’ প্ৰত্যাহাৰৰ দাবীত আন্দোলন কৰি চৰকাৰৰ ৰোষত পৰা অসমৰ ছাত্ৰী দেবাংগনা কলিতাৰ জামিন আৱেদন নাকচ কৰিছে দিল্লীৰ কৰকৰডোমা আদালতে৷ আদালতে বৃহস্পতিবাৰে প্ৰদান কৰা এক ৰায়ৰ জৰিয়তে দেবাংগনাৰ জামিন নাকচ কৰে৷ অতিৰিক্ত সত্ৰ ন্যায়াধীশ অমিতাভ ৰাৱাতে দেবাংগনাৰ জামিন নাকচ কৰি কয়– দেবাংগনা কলিতাৰ বিৰুদ্ধে যিসমূহ অভিযোগ উত্থাপিত হৈছে সেইসমূহ প্ৰথম দৃষ্টিতে সত্য বুলি মানিব ল’বলৈ ভিত্তি আছে৷ দিল্লীৰ বিভিন্ন স্থানত হোৱা প্ৰতিবাদত যিসমূহ সংঘৰ্ষ হৈছে সেইবোৰ পূৰ্ব পৰিকল্পিত৷ এই সংঘৰ্ষত বহু লোক মৃত্যুমুখত পৰিছিল, বহু লোক ঘূণীয়া হৈছিল৷ ধবংস হৈছিল বহু ৰাজহুৱা সম্পদ৷ অভিযুক্তৰ বিৰুদ্ধে ইউ এ পি এৰ অধীনত গোচৰ ৰুজু কৰা হৈছে সেইবোৰৰ ভিত্তি আছে৷ ২০২০ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছিল দেবাংগনাই৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী দেবাংগনা সম্প্ৰতি তিহাৰ জেলত ন্যায়িক জিম্মাত আছে৷ দেবাংগনাৰ সতীৰ্থ নাতাশা নাৰৱলৰো জামিন একে কাৰণতে মঞ্জুৰ কৰা নাই আদালতে৷ দেবাংগনাৰ জামিন আবেদন খাৰিজ কৰাৰ পাছতে তেওঁৰ বিৰুদ্ধে ইউ এ পি এৰ অধীনত পুনৰ এক নতুন গোচৰ জাপি দিয়া হৈছে৷ ইফালে কৃষক নেতা অখিল গগৈৰ অধিবক্তাই জামিন বিচাৰি বৃহস্পতিবাৰে উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ ২০১৯ চনৰ ডিচেম্বৰ মাহত ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কাৰাগাৰলৈ যোৱা অখিল গগৈয়ে এবছৰৰো অধিক কাল কাৰাবন্দী হৈ আছে৷ কৃষক নেতাজনৰ বিৰুদ্ধে মাওবাদীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলাৰ অভিযোগ উত্থাপন কৰিছিল ‘নিয়া’ই৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ত জামিন আবেদন নাকচ কৰাৰ পাছত উচ্ছ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কৃষক নেতাজনৰ অধিবক্তাই৷