Logo
image

কাছাৰ জিলা বিজেপি কাৰ্যালয়ত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰ ইটখলাৰ কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়ত বৃহস্পতিবাৰে পুৱা ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এটা মৃতদেহ। প্ৰথম মহলাৰ ভিআইপি ৰুমত সুধাংশু দাস নামৰ এগৰাকী যুৱকৰ ৰহস্যজনক‌ভাৱে মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।  

পুৱা বিজেপি কাৰ্যালয়ৰ কেণ্টিন চলোৱা কৰ্মী নাণ্টু ৰয়ে প্ৰথম মহলাৰ ভিআইপি ৰুম ভিতৰৰ পৰা বন্ধ দেখা পায়। দুৱাৰত কেইবাবাৰো টোকৰ মৰাৰ পিছতো ভিতৰৰ পৰা কোনো প্ৰত্যু্ত্তৰ নোপোৱাত বিজেপিৰ কাছাৰ জিলা সভাপতি বিমলেন্দু ৰয়ক খবৰ দিয়ে। সভাপতি ৰয়ে বিষয়টো আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে খবৰ পাই ততাতৈয়াকৈ বিজেপি কাৰ্যালয়ত উপস্থিত হয়। আৰক্ষীয়ে দুৱাৰ ভাঙি ভিতৰত সোমোৱাৰ পাছত আৰক্ষীয়ে এজন যুৱকৰ মৃতদেহ দেখিবলৈ পায়। পাছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মৰ্গলৈ পঠায়। লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

ইফালে কাছাৰ জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰয়ে কয়, সুধাংশু দাস  বিজেপি কাৰ্যালয়ৰ কৰ্মী নহয় যদিও কেতিয়াবা তেওঁলোকৰ কেণ্টিনৰ কৰ্মচাৰী নাণ্টু ৰয়ৰ সৈতে বিজেপিৰ কাৰ্যালয়ত থাকিছিল। পুৱাই নাণ্টু ৰয়ে তেওঁক খবৰ দি কয় যে সুধাংশু দাস থকা ৰুম ভিতৰৰ পৰা বন্ধ হোৱাৰ ফলত খুলিব পৰা নাই। ইয়াৰ পিছতে আৰক্ষীৰ সৈতে যোগাযোগ কৰা হয়। আৰক্ষী আহি পোৱাৰ লগে লগে দুৱাৰখন ভাঙি পেলোৱা হয়। তাৰপিছত আৰক্ষীয়ে দুৱাৰ ভাঙি দেখে যে ভিতৰত সুধাংশু দাসৰ মৃতদেহ পৰি আছে। পিছত আৰক্ষীয়ে মৃতদেহটো শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰে। 

আনহাতে সাংবাদিকৰ আগত বিমলেন্দু ৰয়ে কয় যে আজি পুৱা নান্টু ৰয়ে তেওঁক এই দুখজনক ঘটনাৰ বিষয়ে অৱগত নকৰালৈকে তেওঁ বিজেপিৰ কাৰ্যালয়ত সুধাংশু দাসৰ উপস্থিতিৰ বিষয়ে অৱগত নাছিল। ইপিনে বিগত এবছৰ একেলগে কাম কৰা বুলি দাবী কৰিও নাণ্টু ৰয়ে সুধাংশু দাসৰ আৱাসিক ঠিকনা দিব পৰা নাই। নাণ্টু ৰয়ৰ বক্তব্যত কিছু অসামঞ্জস্যৰ সৃষ্টি হোৱাৰ লগতে দুয়োজনৰ মাজৰ সম্পৰ্কক লৈও প্ৰশ্ন উত্থাপন হৈছে।