Logo
image

হুছেইন, তৈয়ব মেহতা, ৰাম কুমাৰৰ চাৰে পাঁচশ কোটি টকাৰ দুৰ্মূল্য ছবি কলাক্ষেত্ৰত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ আগষ্টঃ বিশ্ববিখ্যাত চিত্ৰশিল্পীৰ সৃষ্টিৰে উদ্ভাসিত হৈছে কলাক্ষেত্ৰৰ কলা-বীথিকা৷ ললিত কলা অকাডেমীৰ উদ্যোগত গুৱাহাটী আৰ্টিষ্ট গ্ৰীল্ড আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সহযোগত  অনুষ্ঠিত হৈছে এই বিশেষ চিত্ৰ প্ৰদৰ্শনীৰ৷ এই চিত্ৰ প্ৰদৰ্শনীত মকবুল ফিদা হুছেইনৰ পৰা আকবৰ পদমছীলৈ, তায়েব মেহতাৰ পৰা ৰাম কুমাৰলৈ, শোভা ব্ৰহ্মৰ পৰা নীল পৱন বৰুৱালৈ প্ৰায় পাচশ কোটি টকাৰ দুৰ্মূল্য ছবি প্ৰদৰ্শিত হৈছে৷ এই কালজয়ী সৃষ্টি স্বচক্ষে চাবলৈ কলাক্ষেত্ৰত ভিৰ লাগিছে চিত্ৰশিল্প অনুৰাগীৰ৷ এই প্ৰদৰ্শনত দেশৰ ২০ গৰাকী মৰ্ডাণ ইণ্ডিয়ান মাষ্টাৰ চিত্ৰশিল্পীৰ পেইটিঙো প্ৰদৰ্শিত হৈছে৷ কলা অনুৰাগীৰ মতে মকবুল ফিদা হুচেইন বা আয়েব মেহতাৰ দৰে বিশ্ব প্ৰসিদ্ধ শিল্পীৰ পেইটিং যিকোনো জেগাত দেখা পোৱা নাযায়৷ এনে চিত্ৰ চাবলৈ অসম তথা উত্তৰ-পূবৰ মানুহ নতুন দিল্লীৰ ললিত কলালৈ যাব লগা হয়৷ এনে পেইটিং এতিয়া ঘৰতে আহিছে বাবে আমাৰ সুবিধা হৈছে৷’ উল্লেখ্য যে চিত্ৰ প্ৰদৰ্শনীলৈ কেৱল মকবুল ফিদা হুছেইনৰ পেইটিঙেই আহিছে ছখন৷ যাৰ প্ৰতিখনৰ মূল্য ২ কোটি টকাকৈ৷ বাকীসকলৰ পেইটিনৰ মূল্যও কোনো গুণে কম নহয়৷ নিৰাপত্তা ব্যৱস্থাৰ মাজৰে যোৱা ১১ আগষ্টৰ পৰা চলি আছে এই চিত্ৰ প্ৰদৰ্শনী৷ এই চিত্ৰ প্ৰদৰ্শনীত অসমৰো নীলপৱন বৰুৱা, শোভা বহ্ম, বেণু মিশ্ৰ, প্ৰণৱ বৰুৱাসহ ১০ গৰাকী বৰণ্য চিত্ৰ শিল্পীৰ চিত্ৰ প্ৰদৰ্শিত হৈছে৷ উল্লেখ্য যে ১৮ আগষ্টলৈকে এই চিত্ৰ প্ৰদৰ্শনীখন চলিব৷