Logo
image

মাত্ৰ ৬ দিনত ২৫০ কোটি আয় ‘গদৰ ২’ৰ

মুম্বাই, ১৮ আগষ্টঃ বলীউডৰ ষ্টাৰ অভিনেতা তথা বিজেপিৰ সাংসদ ছানী দেওলৰ নতুন চিনেমা ‘গদৰ ২’ৰ সফলতা অব্যাহত আছে৷ চিনেমাখনে স্বাধীনতা দিৱসৰ দিনা অভিলেখ আয় কৰাৰ পাছত বুধবাৰেও ভাৰতত ৩৪.৫০ কোটি টকা আয় কৰে৷ মাত্ৰ ৬ দিনতে চিনেমাখনে আঢ়ৈশ কোটি টকা আয় কৰে৷ কোনোৱে ভবা নাছিল যে ছানী দেওলৰ চিনেমাখনে এনে সফলতা লাভ কৰিব বুলি৷ বক্স অফিচত চিনেমাখনৰ ছুনামি এতিয়াও কমা নাই৷ এনেদৰে থাকিলে অতি সোনকালেই চিনেমাখনে ৩০০ কোটি টকা আয় কৰিব বুলি ধাৰণা কৰা হৈছে৷ ছানী দেওলৰ চিনেমাখন চাই চিনেমা অনুৰাগীসকলো সুখী৷ তেওঁলোকে খোলাকৈ ছানী দেওলৰ চিনেমাখনৰ প্ৰশংসা অব্যাহত ৰাখিছে৷ এই চিনেমাখনেৰে ছানী দেওলে বলীউডলৈ পুনৰ শক্তিশালী প্ৰত্যাৱৰ্তন কৰে৷