Logo
image

বিজেপিত মহিলা সুৰক্ষিত নহয়, কেৱল ব্যৱহৃত হয়

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৯ আগষ্টঃ বিজেপি দলৰ নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই ৰাজ্যজুৰি ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰাৰ লগতে বিজেপি দলৰ ভিতৰচৰাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ আনকি ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছও ঘটনাটোক  তীব্ৰ ভাষাৰে গৰিহণা দিছে৷ ইয়াৰ মাজতে শুকুৰবাৰে কংগ্ৰেছ দলৰ চাৰিগৰাকী মহিলা নেত্ৰী ক্ৰমে বিধায়িকা তথা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকাদ্বয় নন্দিতা দাস আৰু ৰজলিনা তিৰ্কী, উপ সভানেত্ৰীদ্বয় তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, ববিতা শৰ্মাই এক সংবাদ মেল সম্বোধন কৰি বিজেপি দল আৰু চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ সংবাদ মেলত চাৰিওগৰাকী নেত্ৰীয়ে কয় - দুৰ্ভাগ্যজনক ঘটনাৰ যি বলি হ’ল, যি গৰাকী বিজেপি দলৰ নেত্ৰীয়ে অকালতে জীৱনৰ অৱসান ঘটাবলগীয়া হ’ল তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰ বাবে ভগৱানৰ ওচৰত আমি অন্তৰেৰে প্ৰাৰ্থনা জনাইছো৷  আমাৰ ৰাজ্যখনৰ শাসকীয় দলটোৰ ভিতৰ চ’ৰাৰ এনে ঘটনা দেখি আমি অবাক হৈছো৷ আমি আচৰিত হৈছো৷ ই অধিক চিন্তনীয় বিষয় হৈ পৰে যেতিয়া ৰাজ্য এখন শাসন কৰি থকা দলতেই এনে লজ্জাজনক দুভাৰ্গ্যজনক ঘটনা ঘটে৷ এখন ৰাজ্য জনসাধাৰণৰ সদায় দৃষ্টি থাকে চৰকাৰ আৰু সেই চৰকাৰৰ দলৰ প্ৰতি৷ সেই দলৰ নেতা-কৰ্মীসকলৰ আচৰণে ব্যৱহাৰ, কৰ্ম-কাণ্ড প্ৰতি জনসাধাৰণে সদায় লক্ষ্য ৰাখে৷  তেওঁলোক আজি এনে অসৎ অনৈতিক কাৰ্য কৰি দেখুৱাইছে যে ৰাজ্যবাসী স্তম্ভিত হৈ উঠিছে৷ এই বিষয়ে কবলৈ আমাৰো যেন ভাষা হেৰাই গৈছে৷ ইমানেই গৰ্হিত এই ঘটনা য’ত নেকি দেশৰ সেৱা কৰিম বুলি ওলাই অহা বিজেপি দলটোৰ এগৰাকী নেত্ৰীয়ে আত্মহত্যা কৰাৰ দৰে এক চৰম পথ বাচি ল’ব লগা হ’ল৷ শাসকীয় দলৰ নেতাসকলৰ মুখত অহৰহ ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা শুনি থকা যায়৷ ভাৰতীয় সভ্যতা সংস্কৃতিৰ অন্যতম প্ৰধান নীতিয়েই হৈছে নাৰীক সন্মান কৰা, নাৰীক সুৰক্ষা প্ৰদান কৰা৷ কিন্তু দুভাৰ্গ্যৰ কথা সভ্যতা সংস্কৃতিৰ কথা অহৰহ আওৰাই থকা শাসকীয় দলত আজি কি হৈছে?  দলৰে নেতাই দ্ৰোপদীৰ বস্ত্ৰহৰণৰ দৰে ঘটনা সংঘটিত কৰি দলৰে নেত্ৰীক আত্মহত্যা কৰিবলগীয়া পৰিস্থিতি সৃষ্টি কৰিলে৷ সীতাক হৰণ কৰাৰ পাছত ৰাৱণ ধবংস হৈছিল৷ দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পাছত উছন হৈছিল কৌৰৱ৷ সম্প্ৰতি বিজেপিৰো অৱস্থা তেনেকুৱাই হৈছে৷ কোনোবা নেতা জেললৈ যাব লগা হৈছে৷ কোনোবা কোনোবা পলাই থাকিব লগা হৈছে৷ ৰাইজে এই কথাবোৰ ভাবি চাওক লগতে আমাৰ বাবে ধিক্কাৰ দিব লগা কথাটো হৈছে – এই ঘটনাৰ লগতে চাকৰি দিম বুলি বিজেপি নেতা সকলে লাখ লাখ টকা লোৱা ঘটনা পোহৰলৈ আহিল৷ বিজেপি দলে আমাৰ ৰাজ্যৰ শাসনভাৰ লোৱাৰে পৰা তেওঁলোকে বৰ বৰ ভাষণেৰে কোৱা আৰু আমি শুনি অহা কথাষাৰেই হ’ল দুৰ্নীতি ৰ বিৰুদ্ধে শূন্য সহনশীলতা, দুৰ্নীতি মুক্ত অসম গঢ়া৷ কিন্তু অনুৰাগ চলিহা, দ্বিবন ডেকা আদি আৰু ইন্দ্ৰাণী তহবিলদাৰৰ ঘটনাই আমাক সকলোকে দেখুৱাই দিলে তেওঁলোকৰ নিজৰ দলৰ ভিতৰতে আচল দুৰ্নীতি কেনেকৈ চলি আছে৷ ৰাইজে দেখাকৈ কিছুমান চৰকাৰী বা বিষয়া, কৰ্মচাৰীক দুৰ্নীতিত ধৰি ফটো তুলি বাতৰি প্ৰচাৰ কৰা হয়৷ কিন্তু চকুৰ আঁৰত দলৰ ভিতৰত ঘটি থাকে এনেবিলাক ঘটনা৷ বিজেপি দল কিমান নিকা এই কথা আজি প্ৰমাণিত হ’ল৷ আশা কৰো ৰাইজে এই কথাবোৰ ভাবি চাব৷ বিজেপিৰ শাসন মহিলা নিৰাপত্ত নহয়৷ আনহাতে সংবাদ মেলৰ অন্তত চাৰিওগৰাকী মহিলা নেত্ৰীয়ে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক তেওঁৰ কাৰ্যালয় কক্ষত সাক্ষাৎ কৰি ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ লগত জড়িত দোষী ব্যক্তি সকলৰ বিৰুদ্ধে কঠোৰ আইনগত আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবত এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ আৰক্ষী আয়ুক্তক প্ৰদান কৰা পত্ৰখনত অধিক ক্ষিপ্ৰতাৰে তদন্ত কৰি সামাজিক মাধ্যমত ফটো,  ভিডিঅ আদি ভাইৰেল কৰাকে ধৰি ইন্দ্ৰানীয়ে আত্মহত্যা কৰালৈকে সকলো বিষয় পুংখানু পুংখভাবে তদন্ত কৰি ইয়াৰ লগত জড়িত সকলো দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনোৱা হয়৷