Logo
image

২০২০ বৰ্ষত বাংলাদেশত ১৪৯জন হিন্দু নাগৰিকক নিৰ্মমভাৱে হত্যা

আমাৰ অসম, ৩০ জানুৱাৰীঃ  ২০২০ চনত ভাৰতবৰ্ষৰ সীমামুৰীয়া বাংলাদেশত সংঘটিত হোৱা বিভিন্ন ঘটনাত অতি কমেও ১৪৯জন হিন্দু ধৰ্মাৱলম্বী লোক হত্যাৰ বলি হৈছে৷ ইয়াৰ উপৰিও ৭,০৩৬জন লোক বিভিন্ন আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হবলগীয়া হৈছে৷ এই তথ্য প্ৰকাশ কৰিছে জটিয়া হিন্দু মহাজোঁট নামৰ বাংলাদেশৰ এটা সংগঠনে৷  এই সংগঠনটোৱে  প্ৰকাশ কৰিছে যে, যোৱা বছৰৰ তুলনাত এই সংখ্যা যথেষ্ট বেছি৷ অলপতে এক প্ৰেছ বিজ্ঞপ্তিযোগে সংগঠনটোৱে এই তথ্য সদৰি কৰাৰ লগতে হিন্দু সকলৰ সুৰক্ষাৰ বাবে দাবী জনায় বাংলাদেশ চৰকাৰক৷  সংগঠনৰ মহাসচিব গোবিন্দ চন্দ্ৰ প্ৰামাণিকে প্ৰকাশ কৰে যে, বাংলাদেশত হিন্দুৰ ওপৰত ক্ৰমাম্বয়ে অত্যাচাৰ বৃদ্ধি হব ধৰিছে৷ ৰাজধানী ঢাকাত ৰিপ’ৰ্টাৰছ ইউনিয়নৰ কাৰ্যালয়ত আয়োজিত এক প্ৰেছ কনফাৰেন্সত ২০২০ চনৰ ২৯ ডিচেম্বৰলৈ হোৱা হত্যাকাণ্ডৰ সংখ্যা প্ৰকাশ কৰা হয়৷ ইয়াৰ তুলনাত যদি ২০১৯ চনৰ সংখ্যা চোৱা হয় তেন্তে দেখা যায় যে সেই বছৰত ১০৮জন হিন্দু লোকক হত্যা কৰা হৈছিল আৰু বিভিন্ন ঘটনাক্ৰমত ৪৮৪জন লোক আঘাতপ্ৰাপ্ত হৈছিল৷ আনহাতে, ২০২০ চনত ৯৪জন হিন্দু লোকক অপহৰণ কৰা হৈছিল৷ ইয়াৰ উপৰিও ২,৬২৩জন হিন্দু লোকক জৱৰদস্তি ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ হেঁচা দিয়া হৈছিল ২০১৯ চনত ইয়াৰ সংখ্যা আছিল ক্ৰমে ৭৬ আৰু ১৮৷ ২০২০ চনত এই সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ সংগঠনটোৱে পুনৰ কয় যে, ২০২০ চনত বাংলাদেশত ৫৩ গৰাকী মহিলাক বলাৎকাৰ কৰা হৈছিল আৰু ৩৭০টা মন্দিৰত প্ৰতিমাৰ প্ৰতিমূৰ্তি ক্ষতিগ্ৰস্ত কৰাৰ ঘটনা সংঘটিত হৈছে৷ ২০১৯ চনত এই দুয়োটা সংখ্যা আছিল ৪২ আৰু ২৪৬৷ সংগঠনটোৱে জনাই যে ২০২০ চনত ২,১২৫টা হিন্দু পৰিয়ালক দেশ এৰি যাবলৈ বাধ্য কৰোৱা হৈছিল৷ ২০১৯ চনত ইয়াৰ সংখ্যা আছিল ৩৭৯৷ ২০২০ চনত ১৬৩টা মন্দিৰত আক্ৰমণ কৰা হৈছিল অথবা জ্বলাই দিয়া হৈছিল৷ ২০১৯ চনত ইয়াৰ সংখ্যা আছিল ১৫৩ টা৷ মুঠৰ ওপৰত হিন্দু সমাজৰ ওপৰত কৰা অত্যাচাৰৰ ৪,০৭০৩টা ঘটনা পোহৰ আহিছে৷ ২০১৯ চনত এই সংখ্যা আছিল ৩১,৫০৫৷ তদুপৰি, World hind federation Bangladesh chapter দ্বাৰা জাৰি কৰা নিৰ্দেশ অনুসৰি ২০২০ চনত হিন্দু সকলৰ ১০টা মন্দিৰ ভাঙি দিয়া হৈছিল৷