Logo
image

মন-মস্তিষ্কৰ পৰা হেৰাই নোযোৱা কিছুমান ছবি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২০ আগষ্টঃ দৰ্শক কিম্বা পাঠকৰ মাজত চলি থকা সেই বিতৰ্কৰ আজিও মীমাংসা হোৱা নাই, ফটোগ্ৰাফাৰজনে মৃতপ্ৰায় শিশুটিক শগুনৰ খোঁটটোৰ পৰা ৰক্ষা কৰিব লাগিছিল নে তেওঁ মানৱীয়তা বিসৰ্জন দি প্ৰথমে ফটোখন তোলা কাৰ্য উচিত আছিল৷ ঘটনাটো ১৯৯৩ চনৰ, স্থান দুৰ্ভিক্ষপীড়িত ছুডান৷ কেৰেলুৱাৰ দৰে বগাই যোৱা এটি মৃত্যুমুখী শিশু আৰু জীৱিত কিম্বা মৃত অৱস্থাত সেই শিশুটিক আহাৰ হিচাপে গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা এটা শগুন৷ কেভিন কাৰ্টাৰ নামৰ এজন ফটোগ্ৰাফাৰে সেই ফটোখন তুলিছিল আৰু ১৯৯৩ চনৰ ২৬ মাৰ্চত প্ৰকাশ হৈছিল ‘দ্য নিউয়ৰ্ক টাইমছ’ত৷ ফটোখন প্ৰকাশ হোৱাৰ লগে লগে বিশ্বজুৰি বিতৰ্কৰ সূচনা হৈছিল আৰু প্ৰবল সমালোচনাৰ চিকাৰ হৈছিল ফটোগ্ৰাফাৰ কেভিন কাৰ্টাৰ৷ একেখন ফটোৰে কেভিন কাৰ্টাৰে ছুডানৰ দুৰ্ভিক্ষকবলিত পৰিস্থিতি বিশ্বক অনুধাবন কৰাবলৈ সক্ষম হৈছিল আৰু নিজকে আৱিষ্কাৰ কৰিছিল অন্তহীন বিতৰ্কৰ মাজত৷ সেইখন ফটোৰে কেভিন কাৰ্টাৰে পুলিটজাৰ বঁটাও লাভ কৰিছিল৷ কিন্তু বহুদিন আগৰে পৰা মানসিক অৱসাদত ভূগি থকা কাৰ্টাৰে ১৯৯৪ চনৰ ২৭ জুলাইত আত্মহত্যা কৰিছিল৷ বহুতেই ভাৱে সেই ফটোখনক লৈ সৃষ্টি হোৱা বিবেকৰ দংশনতে কেভিন কাৰ্টাৰে আত্মহত্যাৰ পথ নিৰ্বাচন কৰিছিল৷ অৱশ্যে এই ধাৰণা সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়৷ যিদৰে সত্য নহয়, ফটোখন সন্দৰ্ভত প্ৰচলিত কেতবোৰ কাহিনী৷ ‘দ্য ভালচাৰ এণ্ড দ্য লিটল গাৰ্ল’ হিচাপে ফটোখন প্ৰখ্যাত হ’লেও শিশুটি আছিল এটি ল’ৰা৷ তদুপৰি কেমেৰাৰ ফ্ৰেমৰ সিপাৰে শিশুটিৰ মাতৃও আছিল আৰু শিশুটিক নিকটবৰ্তী ৰাষ্ট্ৰসংঘৰ খাদ্য কেন্দ্ৰত উপনীত হ’বলৈ কেভিন কাৰ্টাৰে সহায় কৰিছিল৷ শিশুটিৰ গাত শগুনৰ খোঁট পৰা নাছিল তেওঁ দীৰ্ঘদিন জীৱিত আছিল৷ কিন্তু ফটোখনক লৈ তেতিয়াই সৃষ্টি হোৱা বিতৰ্কৰ আজিও অৱসান ঘটা নাই৷

১৯ আগষ্টৰ আন্তঃৰাষ্ট্ৰীয় ফটোগ্ৰাফী দিৱসত কেৱল কেভিন কাৰ্টাৰৰ এই বিতৰ্কিত ফটোখনেই নহয়, সৰ্বকালৰ শ্ৰেষ্ঠ এনে কিছুমান ফটোৰ বিষয়ে চৰ্চা হয়, যি কোনোকালেই মন-মস্তিষ্কৰ পৰা হেৰাই নাযায়৷ ‘নাপাম গাৰ্ল’ হিচাপে বিশ্বত পৰিচিত হৈ পৰা আন এখন ফটোৱে বৰ্ণনা কৰা যুদ্ধৰ আতংক সম্ভৱতঃ কেতিয়াও শেষ নহ’ব৷ বিশ্বযুদ্ধৰ লক্ষ লক্ষ জনৰ মৃত্যুৰ ফটো কিম্বা হিৰোছিমা, নাগাছাকিৰ পৰমাণু বোমাৰ ফলত নিহত লোকৰ অজস্ৰ ফটোৱে মানুহৰ মন-মগজুত ক্ৰিয়া কৰিছে৷ কিন্তু আমেৰিকাৰ নাপাম বোমাৰ ফলত শৰীৰৰ শেষ বস্ত্ৰখনো নোহোৱাকৈ মুকলিলৈ দৌৰি অহা ভিয়েটনামৰ সেই ৯ বছৰীয়া ছোৱালীজনৰ ফটোৱে যুদ্ধৰ বিভীষিকাৰ যি দৃশ্য বিশ্ববাসীৰ চকুত আঁকি দিলে সেই আতংক কোনোদিনেই শেষ নহ’ব৷ ভিয়েটনামৰ ছাইগনত সেই ফটোখন তুলিছিল নিক উটে, য’ত কেইবাটাও শিশুৰ মাজত সম্পূৰ্ণ নগ্ন অৱস্থাত ফান থি কিম ফুক নামৰ ৯ বছৰীয়া ক্ৰন্দনৰত ছোৱালীজনী আছিল৷ আমেৰিকাই বিস্ফোৰণ ঘটোৱা নাপাম বোমাই কিম ফুকৰ শৰীৰৰ বস্ত্ৰ কাঢ়ি নিছিল আৰু প্ৰাণৰ মায়াত তেওঁ ৰাজপথেৰে দৌৰিছিল, বেকগ্ৰাউণ্ডত আছিল বোমাৰ ক’লা ধোঁৱা৷ সেই ফটোৰে নিক উটে ১৯৭৩ চনত পুলিটজাৰ বঁটা লাভ কৰিছিল৷ সৌভাগ্যৰ কথা, ১৯৭২ চনত এখন ফটোৰে বিশ্বত চৰ্চিত হোৱা ‘নাপাম গাৰ্ল’ এতিয়াও জীৱিত৷

বিশ্বত সৰ্বকালৰ শ্ৰেষ্ঠ ফটোৰ তালিকাত ইউছুফ কাৰ্ছে তোলা ব্ৰিটেইনৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলৰ এখন ৰুদ্ৰমূৰ্তিৰ ফটোও আছে, যিখন ফটো ইউছুফে তুলিছিল ১৯৪১ চনত, জাপানে পাৰ্ল হাৰবাৰ আক্ৰমণ কৰাৰ ঠিক পাছত৷ একেদৰে মাৰ্গাৰেট বুৰ্কেই মহাত্মা গান্ধীৰ যঁতৰত সূঁতা কাটি থকা অৱস্থাত তোলা এখন ফটোও সৰ্বকালৰ শ্ৰেষ্ঠৰ শাৰীতে বিবেচিত হয়, যিদৰে অন্যতম শ্ৰেষ্ঠ হিচাপে বিবেচিত হয় ষ্টেনলি ফৰ্মানৰ জুইৰ পৰা ৰক্ষা পৰিবলৈ ঘৰৰ ওপৰৰ পৰা তললৈ পৰি যোৱা ‘ৱমেন ফলিং ফ্ৰম ফায়াৰ এছকেপ’ ফটোখন৷