Logo
image

অৰ্থনৈতিক সমীক্ষাই নোকোৱা কথাবোৰ

দেশৰ সাধাৰণ বাজেট উত্থাপনৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে সদনৰ মজিয়াত অৰ্থনৈতিক সমীক্ষা দাখিল কৰাটো এক আৰ্থ-ৰাজনৈতিক পৰম্পৰা৷ ১৯৫০-৫১ চনৰ পৰা এই পৰম্পৰা প্ৰচলিত হৈ আহিছে৷ ক’ভিড অতিমাৰীয়ে সৃষ্টি কৰা অভূতপূৰ্ব পৰিস্থিতিৰ মাজতো এই পৰম্পৰা বন্ধ হোৱা নাই৷ ২৯ জানুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাৰ মজিয়াত ২০২০-২১ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰিছে৷ এই সমীক্ষাত প্ৰকাশিত তথ্য-সংবাদে কাইলৈ উত্থাপিত হ’বলগীয়া ২০২১-২২ বৰ্ষৰ সাধাৰণ বাজেটৰো আভাষ বহন কৰিছে৷ অৰ্থনৈতিক সমীক্ষা অথবা বাজেটত থকা বহুতো কথাই সৰ্বসাধাৰণৰ বোধগম্য নহয়; কিন্তু এই চৰকাৰী নথিসমূহত সন্নিবিষ্ট কৰা প্ৰতিটো কথাই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সকলোকে প্ৰভাৱিত কৰে৷ সেইবাবেই সকলোৱে বাজেট, অৰ্থনৈতিক সমীক্ষা আদিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে৷ সমীক্ষাৰ মতে, ক’ভিড অতিমাৰীয়ে সৃষ্টি কৰা দুৰাৱস্থাৰ বাবে দেশৰ আৰ্থিক বিকাশৰ হাৰ ২০২০-২১ বৰ্ষত যথেষ্ট নিম্নগামী হ’ব, কিন্তু ২০২১-২২ বৰ্ষত ভাৰতৰ বিকাশৰ হাৰ বিশ্বৰ ভিতৰতে চকুত লগাকৈ ১১ শতাংশ হ’বগৈ৷ দেশৰ মানুহৰ বাবে এইবোৰ একো একোটা সাঁথৰ৷ সমীক্ষাত কোৱা হৈছে যে ক’ভিডৰ সময়ত বিশেষকৈ কৃষিজাত সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ ফলত নৱেম্বৰত দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ ৬.৯ শতাংশ হৈছিল; কিন্তু, এতিয়া দ্ৰব্য-সামগ্ৰীৰ দাম কমি অহাৰ ফলত মুদ্ৰাস্ফীতিৰ হাৰ যোৱা ডিচেম্বৰতেই বহুত কমি গ’ল৷ বৈদেশিক ঋণৰ মাত্ৰা বাঢ়িছে, সেয়ে হ’লেও বৈদেশিক বিনিময় মুদ্ৰাৰ ভাণ্ডাৰ সবল হৈয়েই আছে৷ আমদানি-ৰপ্তানি আটাইবোৰ দিশেই ক’ভিডৰ দ্বাৰা প্ৰভাৱিত হোৱা সত্ত্বেও বৈদেশিক বাণিজ্যৰ স্থিতি দেশৰ অৰ্থনীতিৰ অনুকূলেই আছে৷ কৃষক বিদ্ৰোহে দেশৰ বতাহ কঁপাই গ’লেও অৰ্থনৈতিক সমীক্ষাৰ হিচাপত ২০২০-২১ বৰ্ষত কৃষিয়ে ৩.৪ শতাংশ বৃদ্ধিৰে দেশৰ অৰ্থব্যৱস্থাক সুৰক্ষিত কৰি ৰাখিব৷ যি সময়ত উদ্যোগ আৰু সেৱাখণ্ডৰ বিকাশ ক্ৰমে ৯.৬ আৰু ৮.৮ শতাংশ হাৰত সংকুচিত হ’ব, সেই সময়ত কৃষিৰ বিকাশ কিদৰে ঊধবৰ্মুখী হ’ব, সেয়া এক ভাবি চাবলগীয়া বিষয়৷ বিভিন্ন ক্ষেত্ৰৰ তথ্যপাতিৰ উদ্ধৃতিৰে অৰ্থনৈতিক সমীক্ষাই এইটোও প্ৰতিপন্ন কৰিছে যে দেশত নিয়োগৰ স্থিতিও পূৰ্বতকৈ উন্নত৷ অৱশ্যে, ক’ভিড দুৰ্যোগকালত৷ মিক-স্পেছিয়েল ৰে’লত উঠি ঘৰমুৱা হোৱা ৬৩ লাখৰো অধিক৷ মিকৰ তথ্যও সমীক্ষাত অন্তৰ্ভুক্ত হৈছে৷ কিন্তু, এইসকলৰ পুনৰ সংস্থাপন অথবা ভৱিষ্যৎ কৰ্মৰ কোনো ইংগিত সমীক্ষাত নাই৷ একেদৰে, ক’ভিডে হতাশাগ্ৰস্ত কৰা দেশৰ লাখ লাখ কৰ্মযোগ্য যুৱক-যুৱতীৰ মানসিক স্থিতিৰো কোনো হিচাপ-নিকাচ সমীক্ষাত নাই৷ তেনেস্থলত দেশৰ সামগ্ৰিক স্থিতি বিকাশ-অনুকূল বুলি ভাবিব পৰা নাযায়৷ প্ৰধানমন্ত্ৰী জন-আৰোগ্য যোজনাৰ অধীনত দেশত অধিকসংখ্যক আৰ্থিকভাৱে দুৰ্বল ে৷ ণীৰ লোকৰ স্বাস্থ্যবীমা কৰোৱাৰ তথ্য সমীক্ষাত দেখুওৱা হৈছে৷ পৰিকল্পিত নিয়ন্ত্ৰণৰ দ্বাৰা দেশে কিদৰে ক’ভিড যুদ্ধত জয়লাভ কৰিলে, তাকো পৰিসংখ্যাৰ সহায়ত বিস্তৃতভাৱে প্ৰকাশ কৰা হৈছে৷ কোৱা হৈছে কিদৰে চৰকাৰে তৎপৰতাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰি ‘দ্বিতীয় প্ৰবাহ’ ক’ভিডৰ ধবংসাত্মক পৰিস্থিতিৰ পৰা দেশক সুৰক্ষিত কৰি ৰাখিলে৷ ছটা দিনৰ ভিতৰতে ৯০ লাখতকৈ অধিক ভেকচিন প্ৰদান কৰি দেশে অভিলেখ গঢ়াৰ গৌৰৱ অৰ্জন কৰাৰ কথাও কোৱা হ’ল৷ আনকি, ব্ৰাজিলকে ধৰি ওচৰ-চুবুৰীয়া দেশবোৰলৈ ক’ভিড প্ৰতিষেধক বেজী পঠিওৱাৰ কথাও অৰ্থনৈতিক সমীক্ষাত সন্নিবিষ্ট হ’ল৷ পিছে, দেশৰ মানুহ কিয় আজিও ক’ভিড ত্ৰাসৰ পৰা মুক্ত হ’ব পৰা নাই, প্ৰতিষেধক বেজীৰ সফলতা কিয় সন্দেহৰ ঊধবৰ্লৈ অহা নাই, সেইবোৰ খবৰ সমীক্ষাত নাই৷ আছে অনলাইন ক্লাছৰ কথা, স্মাৰ্টফোন ব্যৱহাৰ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬১.৮ শতাংশলৈ বৃদ্ধি হোৱাৰ তথ্যও আছে৷ কিন্তু বাকী প্ৰায় ৩৯শতাংশ স্মাৰ্টফোন নথকা ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণ কিদৰে প্ৰভাৱিত হ’ব, তাৰ কথা সমীক্ষাত নাই৷ বিকাশ আৰু সমতাৰ কথা কোৱা অৰ্থনৈতিক সমীক্ষাই এইবোৰ অসমতাৰ লগতে বহু কথাই নোকোৱাকৈ থাকিল৷ এই নোকোৱা কথাবোৰেও কিন্তু কোৱা কথাবোৰৰ দৰেই দেশ আৰু দেশবাসীক প্ৰভাৱিত কৰে৷