Logo
image

জনহিতৈষী আদৰ্শ পুৰুষ জি এল আগৰৱালা

অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি, সংবাদকৰ্ম আৰু আধ্যাত্মিক চিন্তাৰে বন্দিত এক বহল ক্ষেত্ৰখনত জি এল আগৰৱালা নামৰ অসমহিতৈষী আৰু স্বদেশপ্ৰেমী ব্যক্তিজনৰ যিমানখিনি মহৎ অৱদান আছে, এই কথা তেওঁ নিজৰ কৰ্মৰ যোগেদিয়েই জীৱনৰ শেষ মুহূৰ্তলৈকে চানেকি দাঙি ধৰি গৈছে৷ সময়ৰ ইতিহাসেও তাৰ যোগ্য স্বীকৃতি দিব, এই কথা নিশ্চিত৷ স্বামী বিবেকানন্দৰ মতে, ‘মানৱ ইতিহাস প্ৰকৃততে এচাম আত্মপ্ৰত্যয়ী লোকৰ ইতিহাস’৷ জি এল আগৰৱালা এনে এচাম মানুহৰেই এজন লোক, যি প্ৰতিকূল পৰিস্থিতিতো হাৰ নামানি জীৱন পথত আগুৱাই গৈছিল৷ সৎ আৰু দুঃসাহসিক চিন্তাই তেওঁৰ জীৱনৰ বাটৰ হেঙাৰ আঁতৰাই সেন্দূৰীয়া পথেৰে আগবঢ়াই নিছিল৷ তেওঁৰ শেষৰ জীৱনৰ একান্ত সংগী হৈ পৰিছিল শ্ৰীমদ্ভাগৱত৷ এই ভাগৱতে স্থিতপ্ৰজ্ঞ কৰি তুলিছিল আৰু আধ্যাত্মিক চিন্তাৰ খোৰাক যোগাইছিল৷ 

জি এল আগৰৱালা এজন সমাজ সচেতন, সমাজপ্ৰিয়, বিদ্বোৎসাহী আৰু জনহিতৈষী লোক আছিল৷ তেওঁ এজন মনে-প্ৰাণে অসমীয়া৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি, অসমীয়া জাতীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ এজন অক্লান্ত আগ্ৰহী নিষ্ঠাৱান লোক আছিল৷ অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভা, বিহুকে ধৰি সকলোকে তেওঁ অন্তঃকৰণেৰে আদৰিবলৈ অনুষ্ঠানবোৰৰ মাজত ব্যক্তিগত আৰু ৰাজহুৱাভাৱে সোমাই পৰি পৰম্পৰাগতভাৱে আদৰি লৈছিল আৰু সকলোতে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল৷ বৰপেটা সাহিত্য সভাৰ অধিৱেশনেই ইয়াৰ প্ৰত্যক্ষ উদাহৰণ দাঙি ধৰে৷ 

অসমৰ ভিন ভিন ঠাইৰ পৰা আহি গুৱাহাটী মহানগৰত থিতাপি লৈ নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা লাভ কৰাসকলৰ ভিতৰত জি এল আগৰৱালাও এজন৷ তেওঁ নিজৰ আত্মবিশ্বাসক মূলধন কৰি লৈ বৰপেটাৰ পৰা গুৱাহাটীলৈ আহি মহানগৰৰ সমাজখনত বিশেষভাৱে স্থায়ী আৰু জনপ্ৰিয় হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ লগতে এজন সফল ব্যৱসায়ী, সফল সংবাদসেৱী, সফল বুদ্ধিজীৱী আৰু সফল আঢ্যৱন্ত লোক হিচাপে পৰিগণিত৷ তেওঁৰ বহল ইতিহাস জনপ্ৰিয়তাই সু-প্ৰতিষ্ঠিত কৰি মহানগৰৰ হৃদয়স্থলীত স্থান আৰোপিত কৰি ৰজাঘৰ-প্ৰজাঘৰ উভয়ৰে সংস্পৰ্শলৈ ওচৰ চপাই নিছিল৷ সেয়ে তেওঁ ৰাজ্যিক সন্মান পোৱা এজন প্ৰথম আৰু প্ৰধান মাৰোৱাৰী সম্প্ৰদায়ৰ লোক হিচাপে চিহ্নিত হৈছে৷ এই সম্প্ৰদায়ৰে এজন খাটি অসমীয়া হৈ অসমীয়া সমাজ আৰু জাতিৰ হিয়াৰ আমঠু হোৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদেও এনে ৰাজ্যিক ৰজাঘৰীয়া সন্মান লাভৰ পৰা জীৱনকালত বিৰত আছিল৷ জি এল আগৰৱালাৰেই মহাপ্ৰবন্ধক প্ৰণৱ তালুকদাৰে তেওঁৰ ছাঁৰ দৰে থাকি সকলো কামত সহায়ৰ হাত আগবঢ়াইছিল আৰু তেওঁৰ হতুৱায়েই বেছিভাগ কাম কৰাইছিল৷

জোনাকী, বিশ্বকোষ, ভূতনাথ শ্মশান, স্বৰ্গৰথ, শ্ৰীমদ্ভাগৱত যাত্ৰা, শত-সহস্ৰাধিক নামঘৰত ভাগৱত পুথি দান, সকলো সমাজ আৰু সম্প্ৰদায়ক আদৰিবলৈ একেশ্বৰবাদ গুৰুধৰ্মৰে শ্ৰীমন্ত শংকৰদেৱক অসমীয়া জাতিৰ জনক হিচাপে স্থাপনৰ প্ৰয়াস কৰা আদি গুণৰ অধিকাৰীয়ে জি এল আগৰৱালাক সদায়েই অসমীয়া সমাজত এক আদৰ্শৱান পুৰুষ হিচাপে সুপ্ৰতিষ্ঠিত কৰি ৰাখিব৷ ই নিশ্চিত৷

মানুহে যেতিয়া ব্যক্তিগত স্বাৰ্থৰ পৰিমণ্ডলৰ পৰা সমাজ আৰু দহৰ উপকাৰৰ হকে কাম কৰিবলৈ আগবাঢ়ি আহে, তেতিয়াই তেওঁ সমাজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে৷ জি এল আগৰৱালাই সুদীৰ্ঘ জীৱন পৰিক্ৰমা অতিবাহিত কৰি জীৱনৰ কণ্টকময় দিশ অতিক্ৰম কৰি আহি সচ্ছল ব্যৱসায়-বাণিজ্যৰ মাজেৰে সমাজৰ উত্তৰণৰ দিশত দেশ আৰু জাতিৰ ইতিহাস ৰচনাৰ যি সোণালী সপোন ৰচনা কৰিছিল, তাৰ বাবে তেওঁ সকলোৰে আপোনজন হৈ এক বহল পৰিধিৰ মাজত সোমাই পৰিছিল৷ 

শিশুকালেত পিতৃহাৰা হোৱা মাতৃৰ হিয়াৰ উমেৰে ডাঙৰ-দীঘল হৈ জাতীয় অনুশীলন আৰু শিক্ষা-বিদ্যাৰে পৰিপুষ্ট হোৱা, নানা ঘাত-সংঘাত অতিক্ৰম কৰি আহি জি এলৰ এটা নিকা, সচ্ছল জীৱনে ঠন ধৰি উঠিছিল৷ প্ৰথমে বৰপেটা, নলবাৰী পাছত গুৱাহাটীত এটা চিনাকি নামেৰে পৰিচিত হৈ পৰিছিল  জি এল আগৰৱালা নামৰ অসম মাতৃৰ সু-সন্তানজন৷

ৰাজস্থানৰ পৰা আহি অসমত থিতাপি লোৱা বহু অসমৰ ঐতিহ্যমণ্ডিত খ্যাতি পৰিয়ালৰ ইতিহাসে অসমৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখন ৰসাল আৰু উৰ্বৰ কৰি আহিছে৷ ইয়াৰ ভিতৰত প্ৰথমেই নাম ল’ব লাগিব হৰিবিলাস আগৰৱালাৰ পৰিয়ালৰ কথা, যিজনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষা আৰু মহাপুৰুষ মাধৱদেৱৰ নামঘোষা, বৰগীত আদি সাঁচিপতীয়া পুথি ছপা আকাৰৰ গ্ৰন্থলৈ ৰূপান্তৰ কৰি তুলিলে৷

তেনেদৰে অসমীয়া ভাষাৰ প্ৰাণ-প্ৰতিষ্ঠা কৰা চন্দ্ৰকুমাৰ আগৰৱালা, ভাঙনি কবি আনন্দ চন্দ্ৰ আগৰৱালা, স্বাধীনতা সংগ্ৰামী, থলুৱা গীত-মাতেৰে সমাহাৰ ঘটাই প্ৰথম অসমীয়া চলচ্ছিত্ৰ নিৰ্মাণ কৰোঁতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালৰ দৰেই অসমৰ প্ৰায়বিলাক নগৰে-চহৰে, গাঁৱে-ভূঞে ৰাজস্থান আদিৰ পৰা অসমত থিতাপি লৈ খাটি অসমীয়া হৈ পৰা বহু পৰিয়াল অসমত আছে৷ যিখিনি পৰিয়াল আজি অসমীয়া পুৰণি সমাজৰ অবিচ্ছেদ্য অংগস্বৰূপ৷ এনে পৰিয়ালৰেই এজন জি এল আগৰৱালা৷ এই আপাহতে মোৰ শিক্ষা জীৱনৰ পৰম বন্ধু দেৰগাঁৱৰ প্ৰয়াত ওংকাৰমল মহেশ্ৰী আৰু নলবাৰীৰ চিৰঞ্জীৱ জৈন আদিৰ নাম আন্তৰিকাৰে লৈছোঁ৷

জি এল আগৰৱালাই সৰুতেই পিতৃক হেৰুৱাইছে, বিধৱা মাতৃয়ে প্ৰাৰম্ভিক শিক্ষাৰ দায়িত্ব হাতত তুলি ল’লে৷ অতি ভাল লাগিল যে জি এল আগৰৱালাই ক-ফলাৰ পৰা অসমীয়া মাধ্যমতে শিক্ষা আৰম্ভ কৰি প্ৰৱেশিকাৰ ডেওনা সমাপ্ত কৰি মহাবিদ্যালয়ত ছেকেণ্ড লেংগুৱেজ হিচাপে অসমীয়া ভাষা লৈ শিক্ষাগ্ৰহণ কৰিছিল৷ মাতৃভাষাৰ প্ৰতি এনে আগ্ৰহ আৰু ধাউতি থকাৰ বাবেই সম্ভৱ জি এল আগৰৱালাই ‘আমাৰ অসম’ৰ দৰে এখন সৰ্বজনসমাদৃত উচ্ছস্তৰৰ কাকত জন্ম দিব পাৰিলে৷ অসম সাহিত্য সভাৰ দৰে এটা জাতীয় অনুষ্ঠানৰ কাষ চাপি জাতি-বৰ্ণ-নিৰ্বিশেষে অসমত সকলোৰে জনপ্ৰিয় আৰু আদৰৰ কৰি তোলাই নহয় অৰ্থ ব্যয় কৰি সজীৱতা আনিবলৈ আগবাঢ়ি আহিল৷ বৰপেটাৰোডৰ অধিৱেশনেই জ্বলন্ত সাক্ষী৷ মোৰ আৰু হূদস্পৰ্শী কাম কৰিলে যেতিয়া বহুত পলমকৈ হ’লেও অসমৰ ঐতিহ্যপূৰ্ণ প্ৰাচীন আলোচনীক পুনৰ প্ৰকাশ কৰি জনমানসত সদৰী কৰি তুলিলে৷ এই কাৰণেই হৃদয়স্পৰ্শী বুলি কৈছোঁ যে মোৰ পিতৃপুৰুষে গোলাঘাট মদাৰগুৰি সত্ৰৰ ঘৰত সংৰক্ষণ কৰি ৰখা ‘জোনাকী’ক মই ড॰ নগেন শইকীয়াৰ যোগেদি আগবঢ়াই দিব পাৰিলোঁ৷ ড॰ নগেন শইকীয়াক পুৰণি আলোচনী যেনে– অৰুনোদই, বাঁহী, চেতনা, ভ্ৰমৰ, আৱাহন আদিৰ কিছু সংখ্যা দিছিলোঁ, এনে বদান্য লোকৰ স্পৰ্শ পালে নিশ্চয় পুনৰ প্ৰকাশ পাব৷ 

ইয়াৰ উপৰি জি এল আগৰৱালাৰ দ্বাৰা সৰ্বপ্ৰথম বিশ্বকোষৰ প্ৰথম পাঁচটা খণ্ড অসমীয়া ভাষাত প্ৰকাশ পোৱা মহৎ কাৰ্যই অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত অমৰ কৰি ৰাখিব জি এল আগৰৱালাক৷ এনেধৰণে জি এল আগৰৱালাই অসমলৈ আগবঢ়াই যোৱা অসমীয়া ভাষা-সাহিত্যৰ মূল্যৱান কীৰ্তিমন্ত কাৰ্যসমূহে অসমত জি এল আগৰৱালাৰ নাম সোণালী আখৰেৰে জিলিকাই ৰাখিব৷ জি এল আগৰৱালাৰ বৰ্তমানৰ সমাদৃত ‘আমাৰ অসম’ বাতৰিৰ উপৰি পূৰ্বতে অৰুণ শৰ্মাৰ সম্পাদনাত পূৰ্বাচল, বেণী মাধৱ দাসৰ সম্পাদনাত পূৱালী, ৰোমাঞ্চ, শিশু আলোচনী ‘মুকুতা’কে ধৰি কেইবাখনো অসমীয়া মাহেকীয়া আলোচনী প্ৰকাশ পাইছিল৷ হিন্দী জনপ্ৰিয় দৈনিক পূৰ্বাচল প্ৰহৰী, ইংৰাজী দৈনিক নৰ্থ ইষ্ট টাইমছ প্ৰকাশৰ সাফল্যই জি এল পাব্লিকেশ্বনক সফল আৰু অসমৰ ভিতৰে-বাহিৰে জনপ্ৰিয় কৰি আহিছে৷ মেঘালয় গাৰ্জেন নামৰ মেঘালয়বাসীৰ এখন দৈনিক জনপ্ৰিয় বাতৰি৷

কলা-সংস্কৃতিৰ ক্ষেত্ৰখনক সবল ৰূপ দিয়াৰ উদ্দেশ্যে জি এল আগৰৱালাই মিডিয়া ছাভিছেজ গঠন কৰিও কেইবাখনো চলচ্ছিত্ৰ প্ৰযোজনা কৰিছিল৷ অসমৰ পৰ্যটন উদ্যোগক জনপ্ৰিয় আৰু শক্তিশালীকৰণৰ উদ্দেশ্যে বিশিষ্ট বৰঙণি আগবঢ়াই আহিছে৷ বি বৰুৱা কেন্সাৰ হাস্পতালৰ বাবে কৰা কাৰ্যসূচীয়ে ৰোগীৰ মনত উৎসাহ যোগাই আহিছে৷ সমাজ সেৱাৰ ক্ষেত্ৰত জি এল আগৰৱালাৰ বৰঙণি বিশেষভাৱে উল্লেখনীয় যে তেওঁ ভূতনাথ শ্মশানক যি আধুনিক ৰূপ দিলে, অসমত বাদেই ভাৰতৰ ভিতৰতে এনে শ্মশান উত্তোলনৰ ক্ষেত্ৰত এটা বিৰল প্ৰতিচ্ছবি দাঙি ধৰিছে৷ জি এছ ৰোডত নিৰ্মাণ কৰা হনুমান মন্দিৰে গুৱাহাটীত বিশেষ আকৰ্ষণ লাভ কৰিছে৷ জি এল আগৰৱালাৰ সবাতোকৈ মহৎ সেৱা হৈছে শ যাত্ৰাৰ যান৷ প্ৰথম এই মহান কাৰ্যত হাত দিছিল জি এল আগৰৱালাই৷ পূৰ্বতে শ যাত্ৰাৰ বাবে কঢ়িয়াই নিব পৰা যান-বাহনৰ গুৱাহাটীত ইমানেই অভাৱ আছিল যে ভুক্তভোগীয়েহে এই কথা উপলব্ধি কৰিব পাৰিব৷ ইয়াৰে ভুক্তভোগী এসময়ত ময়ো আছিলোঁ৷ সেয়েহে এই অভাৱ দূৰ কৰাৰ বাবে জি এল আগৰৱালাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছিলোঁ৷ 

জি এল আগৰৱালাৰ সদায় এটা অনুসন্ধিৎসু মন আছিল৷ সচৰাচৰ তেওঁ সদায় আনে নভবা কাম ভাবি আছিল– যিবিলাক কাম কৰিলে দহৰ উপকাৰ হয়, সমাজখনত উত্তৰপুৰুষৰ বাবে এটা গতি নিৰূপণ কৰিব পাৰে৷ তেওঁ কৰি যোৱা সকলো কামতে এইবোৰ কথা নিহিত আছিল৷ তেওঁ গঠনমূলক কামত আগৰণুৱা আছিল– সমাজ সেৱাৰ কামতেই হওক কিম্বা সাহিত্য-সংস্কৃতি, সংবাদ সেৱাৰ কামতেই হওক৷ তেওঁৰ নতুন চিন্তাৰে এটা সৰু কাম হ’লেও গুৱাহাটী, নগাঁও, তেজপুৰ, যোৰহাট, শিৱসাগৰ আদি অসমৰ মুখ্য চহৰৰ অন্তৰ্ভাগৰ পথ-উপপথবিলাক ‘আমাৰ অসম’ৰ নিৰ্দেশনাৰে স্পৰ্শ কৰি তুলিছিল৷ ই ব্যৱসায়িক প্ৰচাৰ মাধ্যম হ’লেও যাত্ৰীসকলক পথৰ চিনাকি কৰাই সুযোগ প্ৰদান কৰি আহিছে৷ সমগ্ৰ অসমৰ সকলো জাতি-জনগোষ্ঠী, আবাল-বৃদ্ধ-বণিতা সকলোৰে অন্তৰ স্পৰ্শ কৰি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ভাগৱত বাণীৰে মন নিকা কৰি আৰু পৱিত্ৰ কৰি মানুহৰ মাজত প্ৰেম, ভ্ৰাতৃত্ববোধ স্থাপন কৰি জনসাধাৰণৰ মাজত সংশয় বিনাশি বিশ্বাস, সদ্ভাৱনাৰে অসমখন গুৰুজনাৰ আদৰ্শৰে নিকা সমাজ গঠনৰ উদ্দেশ্যে ১৯৯৯ চনৰ পৰাই ভাগৱত পাঠৰ আয়োজন কৰিছিল৷ এই ভাগৱত অনুষ্ঠানৰ লগত অসমৰ শ্ৰীমন্ত শংকৰদেৱৰ গুৰু আদৰ্শৰ প্ৰায়খিনি  অনুষ্ঠান, অসম সত্ৰ মহাসভা, শ্ৰীমন্ত শংকৰদেৱ সংঘ, একশৰণ ভাগৱতী সমাজ, মহাপুৰুষীয়া সমাজ, মহাপুৰুষীয়া সত্ৰ সমাজ, বৈদিক সমাজ, শ্ৰীমন্ত শংকৰদেৱ সমাজ, শান্তি সাধনা আশ্ৰম, অসম নামঘৰীয়া সমাজৰ সকলোকে একত্ৰিত কৰি একেখন মহাভাগৱত সমাজত একে মঞ্চতে উপৱিষ্ট কৰাই তুলিছিল৷ এই কথা আজিলৈকে জি এল আগৰৱালাৰ কাৰণেহে সম্ভৱ হৈ উঠিছে৷ সত্ৰাধিকাৰ, পদাধিকাৰ আৰু ৰাজনৈতিক নেতা তথা সৰ্বসাধাৰণৰ আসন-ভূষণ আগ-পিছৰ কোনো হীনডেঢ়ি নথকা এই ভাগৱত অনুষ্ঠানটো অসমৰ এটা মহান অনুষ্ঠানত পৰিণত হৈছে৷ কেৱল এয়েই নহয়, অসমৰ গাঁৱে-ভূঞে, সত্ৰই-সভাই, নামঘৰে-নামঘৰে, বিদ্যালয়-মহাবিদ্যালয়ে বিনামূলীয়াকৈ ভাগৱত বিতৰণ কৰি ভাগৱতৰ এটা জয়যাত্ৰা জি এল আগৰৱালাই অসমত আৰম্ভ কৰিছিল৷ এই ভাগৱত যাত্ৰাত জড়িত কৰিছিল পণ্ডিত, গৱেষক, শিক্ষক, অধ্যাপক, সত্ৰীয়া, নামঘৰীয়া, আই-মাতৃ, যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী সকলোকে৷ ভাগৱতৰ বিশেষ আকৰ্ষণ কৰি তুলিছিল ন্যায়াধীশ বি পি ছৰাফৰ নামত আগবঢ়োৱা ড॰ অশোক ছৰাফৰ মহা-ভাগৱতৰ ৰথে৷ নিজে গঢ় দিয়া ভাগৱত অনুষ্ঠানৰ উপৰি অসম সাহিত্য সভাকে ধৰি বিভিন্ন জাতীয় অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান তথা অসমৰ ভিতৰে-বাহিৰে বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত হৈ আছিল৷ জি এল আগৰৱালা এসময়ত ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় লোক হ’লেও পাছলৈ কোনো ৰাজনৈতিক দলীয়ভুক্ত নাছিল৷ তেওঁ এবাৰেই ভাৰতীয় জনতা পাৰ্টীৰ লোকসভাৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নামিছিল৷ পৰাজিত হৈছিল যদিও জনতাৰ মাজৰ পৰা আঁতৰি যোৱা নাছিল৷ তেওঁ সৰু-ডাঙৰ সকলো লোকক সমমৰ্যাদাৰে ব্যৱহাৰ কৰিছিল৷ তেওঁৰ শুশ্ৰৃষাকাৰী লোকজনৰ পৰা অনুষ্ঠানৰ কৰ্মচাৰীলৈকে তথা ভি আই পি, ভি ভি আই পিপৰ্যন্ত সকলোৱেই সমমৰ্যাদা আৰু আদৰ লাভ কৰিছিল৷ মানৱীয় দৃষ্টিভংগীৰে চালে জি এল আগৰৱালাৰ ই এটা মহৎ গুণ৷ এই গুণৰ অধিকাৰী হোৱাটো বহুতৰ পক্ষে সম্ভৱপৰ হৈ নুঠে৷

পৃথিৱীৰ দেশ-বিদেশ ভ্ৰমণ কৰি অধিক অভিজ্ঞতা অৰ্জন কৰিলেও নিজৰ ঠাই, অনুষ্ঠানৰ আত্মীয় লোকৰ মাজত সদায় জি এল আগৰৱালা হৈয়েই থাকিল, কোনো বিশেষ পৰিৱৰ্তনে তেওঁৰ গাত ধৰা দিয়া নাছিল৷ পি ভি নৰসিংহ ৰাওৰ সৈতে পেৰিছ [ফ্ৰান্স], আমেৰিকা যুক্তৰাজ্য, বষ্টন, নিউয়ৰ্ক, ৱাশ্বিংটন, ইজিপ্ত, কলম্বিয়া আদি ভ্ৰমণ কৰি অহাৰ পাছতো আমাৰ মাজৰ সেই জি এল আগৰৱালা নামৰ মানুহজনক একেজন মানুহ হিচাপেই পাইছিলোঁ৷ তেওঁ বিশ্ব হিন্দু সন্মিলনৰ বিদেশ ভ্ৰমণ কৰিও বাংলাদেশ, পাকিস্তান পৰিভ্ৰমণ কৰিও নিজৰ আদৰ্শ, ধৰ্মীয় সংস্কৃতি অক্ষুণ্ণ ৰাখিছিল৷ মাত্ৰ দেশ-বিদেশৰ অভিজ্ঞতাহে অৰ্জন কৰিছিল৷ ৰাজহাঁহে পানী মিহলি গাখীৰৰ পৰা গাখীৰখিনি গ্ৰহণ কৰাৰ দৰে জি এল আগৰৱালাই দেশ-বিদেশৰ নৈতিক ভাল গুণখিনিহে আয়ত্ত কৰিছিল৷ ব্যক্তি বিশেষৰ ক্ষেত্ৰতো তেওঁ একেই আছিল৷ সদায় তেওঁ মানুহৰ ভাল গুণক আদৰ কৰি সকলো লোককে সমমৰ্যাদা দিছিল৷ সেয়েহে জি এল আগৰৱালা এজন অমায়িক লোক আৰু যথাৰ্থ ভদ্ৰ লোক বুলি সকলোৰে জ্ঞাত৷ গুৱাহাটী মহানগৰীত জি এল আগৰৱালাতকৈ বহুতো আঢ্যৱন্ত শিক্ষিত লোক আছে, কিন্তু তেওঁৰ দৰে সামাজিকভাৱে প্ৰতিষ্ঠা লাভ কৰিবলৈ খুব কমেইহে সক্ষম হৈছে৷

যোৰহাটৰ দেৱেশ্বৰ শৰ্মা আৰু কনক শৰ্মা, ডিব্ৰুগড়-গুৱাহাটীত ৰাধাগোবিন্দ বৰুৱাই গঢ়ি যোৱা জনমভূমি আৰু আছাম ট্ৰিবিউন প্ৰকাশনৰ দৰেই গুৱাহাটীত জি এল আগৰৱালা প্ৰকাশনৰ ক্ষেত্ৰত সুখ্যাতি লাভ কৰি আহিছে৷ ইয়াৰ বাহিৰেও অসমত বহু মিডিয়া প্ৰকাশন আহিছে আৰু গৈছে৷ বাকীখিনিয়ে উক্ত প্ৰকাশনৰ স্থান লাভ কৰিব পৰা নাই৷ নিষ্ঠা, সাহস, উদ্যম আৰু সততাই ইয়াৰ একনিষ্ঠতা বুলি প্ৰমাণ হৈছে৷ জি এল আগৰৱালাৰ এই আটাইকেইটা উপাদানেই নিশ্চয় আছিল৷

জগতখনক ভাল পোৱা আৰু সন্মান জনোৱাৰ লগতে অসমত আধ্যাত্মিক চেতনা জাগ্ৰত কৰাই আগৰৱালাৰ মুখ্য উদ্দেশ্য আছিল৷

[মৃত্যু তিথি উপলক্ষে]

ফোনঃ ৯৬৭৮০-৩৮৯৯৪