Logo
image

ৰাজনীতিত কৃত্ৰিম বুদ্ধিমত্তা

... ৰাজনীতি আৰু প্ৰযুক্তিৰ মাজৰ যি প্ৰতিদ্বন্দ্বিতা, তাৰ 

ফলাফল কি হ’ব পাৰে তালৈও নাগৰিকসকল সচেতন হ’ব লাগিব৷ প্ৰযুক্তিয়ে যাতেগণতন্ত্ৰক ধ্বংস কৰিব নোৱাৰে, তাৰ বাবে বিজ্ঞানে ফেক্‌টমেটা আৰু এভান্‌টগাৰ্‌ডে এনালাইটিক্‌ছ নামৰ কৃত্ৰিম বুদ্ধিমত্তাসম্বলিত দুটা পদ্ধতি উদ্ভাৱন কৰিছে, যিয়ে ৰাজনীতিৰ ভুৱা প্ৰচাৰৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে ...

এসময়ত কৃত্ৰিম বুদ্ধিমত্তা আছিল কল্পবিজ্ঞান কাহিনীৰ বিষয়বস্তু৷ এই কল্পবিজ্ঞান কাহিনীৰ বিষয়বস্তু এতিয়া হৈ পৰিছে গোটেই বিশ্বতে বহুল ব্যৱহৃত এটা বিজ্ঞানৰ বিষয়৷ কৃত্ৰিম বুদ্ধিমত্তাই বৰ্তমান ৰাজনীতিৰ ক্ষেত্ৰখনতো প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে৷

বহুতো ৰাজনীতিকে জনসাধাৰণৰ দৰ্শন অধ্যয়ন কৰিবলৈ এ আইযুক্ত [Artificial intelligence:A.I) পদ্ধতিৰ সহায় লয় আৰু এইদৰেই জনসাধাৰণৰ সমৰ্থন লাভ কৰিবলৈ ৰাজনীতিকে নিজকে প্ৰস্তুত কৰি তোলে৷ ২০১২ চনত বাৰাক অ’বামা, ২০১৪ চনত নৰেন্দ্ৰ মোদী, ২০১৬ চনত  ড’নাল্ড ট্ৰাম্প আদিৰ সফলতাৰ পৰাই এ আই ৰাজনীতিৰ যে এটা সফল আহিলা, এই কথাৰ উমান পাব পাৰি৷

কোনো ৰাজনীতিকৰ কাৰ্যপদ্ধতিত দুৰ্নীতি সংঘটিত হ’লে তাক চিনাক্ত কৰিবলৈ, ভোটদানৰ পূৰ্বে কোনো ৰাজনীতিকৰ কামৰ দক্ষতা, নেতৃত্বৰ দক্ষতা আদি অধ্যয়ন কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা সম্বলিত পদ্ধতি ব্যৱহাৰ কৰিব পৰা হৈছে৷ সামাজিক মাধ্যমত প্ৰচাৰিত সকলো ৰাজনৈতিক উৰাবাতৰি, মিছা কাৰ্যসূচী আদি যিবিলাকে জনসাধাৰণক বিপথে পৰিচালিত কৰিব পাৰে, সেই আটাইবোৰ এ আইৰ সহায়ত চিনাক্ত কৰি, সেইবোৰ সামাজিক মাধ্যমৰ পৰা মুহূৰ্ততে আঁতৰ কৰিব পৰা হৈছে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ কৌশল ব্যৱহাৰ কৰি ৰাজনীতিকে নিৰ্বাচনী প্ৰচাৰৰ খৰচো কমাব পাৰে৷ ৰাজনীতিৰ ক্ষেত্ৰত এ আই ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশতে ব্যৱহাৰ কৰিব পাৰি৷ ধনাত্মক দিশেৰে ইয়াৰ ব্যৱহাৰ কৰি গণতন্ত্ৰৰ মূল ভেটি সুদৃঢ় কৰাৰ দৰকাৰ৷

ৰাজনীতিত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ বৰ্তমান গোটেই বিশ্বব্যাপি বিদ্যমান হৈছে৷ কিন্তু ইয়াৰ নেতিবাচক প্ৰয়োগে গণতান্ত্ৰিক অনুষ্ঠানসমূহলৈ ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে৷

জনসাধাৰণৰ ইচ্চা-আকাংক্ষা, মতামত ভালদৰে অনুধাৱন কৰি সেইবোৰ পূৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰখাটো এজন ভাল ৰাজনীতিকৰ দায়িত্ব৷  নাগৰিকৰ মতামতসমূহৰ এনে তথ্য কৃত্ৰিম বুদ্ধিমত্তাযুক্ত কৌশলৰ সহায়ত জননেতাসকলে সহজে লাভ কৰিব পাৰে আৰু সদিচ্চা থাকিলে জনসাধাৰণৰ সেই মতামতবোৰ পূৰণ কৰিগণতন্ত্ৰৰ ভেটি মজবুত কৰিব পাৰে৷ কিন্তু দুষ্ট ৰাজনীতিকে কেৱল নিৰ্বাচনৰ আগে আগে এ আইৰ সহায় লৈ নাগৰিকৰ মতামতৰ বুজ লয়, সামাজিক মাধ্যমত জনসাধাৰণে বিচৰা ধৰণে কিছুমান তথ্য, ছবি আদি প্ৰচাৰ কৰে আৰু এইদৰে জনসাধাৰণৰ সমৰ্থন আদায় কৰি নিবৰ্াচনত উত্তীৰ্ণ হয়, জনসাধাৰণ পৰিচালিত হয় ভুল পথে৷ 

পেড্ৰো ড’মিংগ’জ নামৰ কৃত্ৰিম বুদ্ধিমত্তাৰ বিশেষজ্ঞজনে কৈছিল– ‘কৃত্ৰিম বুদ্ধিমত্তালৈ ধন্যবাদ৷ কাৰণ ইয়ে ভোটাৰ আৰু ৰাজনীতিকৰ মাজৰ সম্বন্ধৰ পৰিসৰ বৃদ্ধি কৰি সুস্থ গণতন্ত্ৰৰ সৃষ্টি কৰিব পাৰে’৷ দেশৰ উন্নয়নৰ বাবে কোনবোৰ দিশত গুৰুত্ব দিয়া প্ৰয়োজন বা দেশৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি, এই আটাইবোৰ কথা জানিবলৈ চৰকাৰে এ আইৰ সহায় ল’ব পাৰে৷ সাধাৰণতে ৰাজনীতিকে ভোটাৰক লগ পাবলৈ তেওঁলোকৰ ওচৰলৈ যাবলগীয়া হয়৷ কিন্তু বৰ্তমান এ আইৰ জৰিয়তে সামাজিক মাধ্যমৰ সহায়তেই ৰাজনীতিকসকল ভোটাৰৰ কাষ চাপিব পৰা হ’ল৷

সামাজিক মাধ্যমত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে নানা ভুৱা আৰু প্ৰৰোচনামূলক মন্তব্য, তথ্য প্ৰচাৰৰ ফলতে সৃষ্টি হৈছে কৃত্ৰিম বৌদ্ধজগত আৰু এই কৃত্ৰিম বৌদ্ধজগত হৈছে ৰাজনৈতিক মেৰুকৰণৰ এক অন্যতম কাৰণ৷ ৰাজনৈতিক মেৰুকৰণৰ ফলত বিভিন্ন দেশৰ চৰকাৰ আৰু বিৰোধীৰ মাজত সৃষ্টি হৈছে সংঘাতপূৰ্ণ পৰিস্থিতিৰ৷    ২০১৬ চনৰ ব্ৰেক্সিট অৰ্থাৎ ইউৰোপীয় ইউনিয়নৰ পৰা ব্ৰিটেইনৰ মহাপ্ৰস্থান সম্পৰ্কীয়  ঘটনাসমূহতো পৰিলক্ষিত হয় মেৰুকৰণ, য’ত জড়িত হৈ আছে কৃত্ৰিম বুদ্ধিমত্তাৰ ঋণাত্মক প্ৰয়োগ৷

সামাজিক মাধ্যম, তথ্য সংগ্ৰহ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ নেতিবাচক প্ৰয়োগে মানৱ জাতিক যথেষ্ট ৰাজনৈতিক আঘাত হানিছে লগতে সুস্থ গণতন্ত্ৰৰ প্ৰতি কঢ়িয়াই আনিছে ভাবুকি৷ ২০১৬ চনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত ৰাজনৈতিক কনছালটেঞ্চী ফাৰ্ম ‘কেম্ব্ৰিজ  এনালাইটিকা’ই সামাজিক মাধ্যমৰ সহায়তভুৱা বাতৰি প্ৰচাৰ কৰি দেশ-বিদেশৰ ৰাজনীতি, কূটনীতি আদিত যথেষ্ট প্ৰভাৱ পেলাইছিল আৰু এই আটাইবোৰতে ব্যৱহৃত হৈছে  এ আইযুক্ত পদ্ধতি৷ কৃত্ৰিম বুদ্ধিমত্তা নিজেই এটা ভুল পদ্ধতি নহয়, যদিহে মানুহে তাক ভুলদিশে ব্যৱহাৰ নকৰে৷

ৰাছিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত  ‘এলাইচ’ নামৰ কৃত্ৰিম বুদ্ধিমত্তাৰ এগৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ এলাইচৰ শ্লোগান আছিল ‘The president who knows you best’. এই মহিলাগৰাকীয়ে কেইবাহাজাৰো ভোট পাবলৈ সক্ষম হৈছিল৷ সেইদৰে জাপানৰ তমা নামৰ ঠাইত ‘মিছিহিটো মেটচুদা’ নামৰ কৃত্ৰিম বুদ্ধিমত্তাচালিত এজন প্ৰাৰ্থীয়ে মেয়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু লাভ কৰিছিল কেইবাহাজাৰো ভোট৷ নিউজীলেণ্ডত আছে ‘ছেম’ নামৰ বিশ্বৰ প্ৰথমজন ভাৰ্চুৱেল ৰাজনীতিক৷ ছেমকো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ লক্ষ্য লৈছে নিউজীলেণ্ডে৷

আচলতে ৰাজনৈতিক নেতাসকলৰ প্ৰতি জনসাধাৰণৰ আস্থা কমিবলৈ লৈছে আৰু হয়তো লাহে লাহে ভাৰ্চুৱেল ৰাজনীতিকসকলকেই বিশ্বাসত ল’বলৈ বাধ্য হ’ব৷

ৰাজনীতি আৰু প্ৰযুক্তিৰ মাজৰ যি প্ৰতিদ্বন্দ্বিতা, তাৰ ফলাফল কি হ’ব পাৰে তালৈও নাগৰিকসকল সচেতন হ’ব লাগিব৷

প্ৰযুক্তিয়ে যাতেগণতন্ত্ৰক ধ্বংস কৰিব নোৱাৰে, তাৰ বাবে বিজ্ঞানে ফেক্‌টমেটা আৰু এভান্‌টগাৰ্‌ডে এনালাইটিক্‌ছ নামৰ কৃত্ৰিম বুদ্ধিমত্তাসম্বলিত দুটা পদ্ধতি উদ্ভাৱন কৰিছে, যিয়ে ৰাজনীতিৰ ভুৱা প্ৰচাৰৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে৷

বিশ্বৰ প্ৰথম প্ৰকাশিত বৌদ্ধিক সম্পত্তি সংস্থা ‘উইপ’’ (WIPO)ই প্ৰকাশ কৰিছে কিদৰে কৃত্ৰিম বুদ্ধিমত্তাই  মানৱজাতিৰ প্ৰতিটো ক্ষেত্ৰতে দখল আৰম্ভ কৰিছে৷ প্ৰশ্ন উদয় হৈছে– এজন সুদক্ষ ৰাজনীতিক হ’বলৈ যিবোৰ গুণৰ অধিকাৰী হ’ব লাগে, কৃত্ৰিম বুদ্ধিমত্তাযুক্ত ৰাজনীতিকৰ ক্ষেত্ৰত সেইটো সম্ভৱনে? সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বা আন ৰাজনৈতিক কাৰ্যবোৰত মানৱজাতিৰ ঠাই কৃত্ৰিম বুদ্ধিমত্তাই দখল কৰিব নেকি? নিশ্চয় নোৱাৰে৷ ই কেৱল ৰাজনীতিকৰ অপৰিহাৰ্য সহায়কাৰী হিচাপেহে ব্যৱহৃত হৈ থাকিব৷ কৃত্ৰিম বুদ্ধিমত্তাবৰ্তমান ৰাজনীতিৰ এটা ওতপ্ৰোত অংগ হৈ পৰিছে৷ গতিকে ৰাজনীতিকে ইয়াৰ সদ্ব্যৱহাৰ কৰা দৰকাৰ৷

[লেখিকা পূব কামৰূপ মহাবিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপিকা]

ফোনঃ ৯৮৫৪১-৫২১৭৩