Logo
image

বশিষ্ঠ দেৱ শৰ্মাক শংকৰদেৱ বঁটা প্ৰদান

আমাৰ অসম, ২৭ছেপ্টেম্বৰঃ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে সন্ধিয়া ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া, বিশিষ্ট বৈষ্ণৱ পণ্ডিত, সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক বশিষ্ঠ দেৱশৰ্মাক ২০১৭ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শংকৰদেৱ বঁটা প্ৰদান কৰে৷ এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, এটা সোণৰ পদক, এখন শৰাই, অংগ বস্ত্ৰ আৰু  লাখ টকাৰ চেক৷ বঁটা প্ৰদান উপলক্ষে আয়োজিত অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয়– মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক  অসমীয়া জাতিৰ নিৰ্মাতা বুলি অভিহিত কৰি গুৰুজনাই সকলো জাতি-জনগোষ্ঠীক একলগ কৰি এখন আধুনিক তথা বিজ্ঞানসন্মত বৃহত্তৰ অসমীয়া সমাজৰ বুনিয়াদ গঢ়ি তুলিছিল৷ গুৰুজনাৰ দ্বাৰা স্থাপন কৰা সত্ৰ আৰু নামঘৰ সমূহে আমাৰ জাতিৰ পৰিচয় বিশ্বৰ বুকুত শক্তিশালীভাৱে তুলি ধৰিছে৷ সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক, গুৰুজনাৰ আধ্যাত্মিকতাৰ বাণীৰ প্ৰচাৰ আৰু প্ৰসাৰেৰে সমাজত এক বিশেষ স্থান দখল কৰা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া শ্ৰী বশিষ্ঠ দেৱশৰ্মাক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ শংকৰদেৱ বঁটা প্ৰদান কৰিবলৈ পাই ৰাজ্য চৰকাৰ অতিশয় আনন্দিত বশিষ্ঠ দেৱশৰ্মাই ভক্তিত যে শক্তি আছে সেই কথা সমাজক শক্তিশালী ৰূপত প্ৰদৰ্শন কৰাত সফল হৈছে৷  বুঢ়াসত্ৰীয়া গৰাকীৰ ভাতৃ প্ৰভাত শৰ্মা, ভতিজী তৰালী শৰ্মাই অসমৰ সংগীতক এক বিশেষ মাত্ৰা প্ৰদান কৰি বিশ্ব তথা ৰাষ্ট্ৰৰ বুকুত অনন্য ৰূপত দাঙি ধৰাত সফল হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে৷ অনুষ্ঠানত বক্তব্য প্ৰদান কৰি স্বাস্থ্য, বিত্ত, লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিক অতি ভাগ্যৱান বুলি উল্লেখ কৰে৷ শ্ৰীমন্ত শংকৰদেৱ অবিহনে বৃহত্তৰ অসমীয়া জাতিয়ে বিশ্বৰ বুকুত সগৌৰৱেৰে মূৰ তুলি বৰ্তি থাকিব নোৱাৰে বুলি ব্যক্ত কৰে৷ অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সন্মানীয় বঁটা প্ৰাপক বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাই নিজৰ অনুভৱ ব্যক্ত কৰি ৰাজ্য চৰকাৰে তেখেতলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুজনাৰ নামত প্ৰদান কৰা এই বঁটা লাভ কৰি অতিশয় আনন্দিত হৈছে বুলি উল্লেখ কৰে৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেও বক্তব্য প্ৰদান কৰে৷

   হৰিনামেৰে মুখৰিত ৰাজ্যৰ থান-সত্ৰ-নামঘৰ

হৰি নাম ৰসে, বৈকুণ্ঠ প্ৰকাশেযপ্ৰেম অমৃতৰ নদীযশ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙ্গি দিলাযবহে ব্ৰহ্মাণ্ডক ভেদি— পাঁচশ বাসত্তৰ বছৰ পূৰ্বেই একশৰণ হৰি নাম ধৰ্মৰ জৰিয়তে অসমীয়া জাতিক ধৰ্ম, সাহিত্য, সংস্কৃতিৰ জৰিয়তে সমৃদ্ধ কৰা জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ আজি সমগ্ৰ ৰাজ্যখনতে উদ্‌যাপন কৰা হয়৷ মহামাৰী কৰ’নাৰ বাবে ক’ভিড প্ৰট’কল মানি ৰাজ্যৰ থান-সত্ৰ-নামঘৰসমূহত হৰি নাম কীত্তৰ্ন কৰা হয়৷  হৰি নামৰ ধবনিৰে মুখৰিত হয় গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান, শল’গুৰি সত্ৰ, নৰোৱা সত্ৰ, সত্ৰ নগৰী বৰপেটাৰ পাটবাউসী, বাৰাদী, সুন্দৰীদিয়া, গণককুছি আৰু বৰপেটা সত্ৰ, বস্ত্ৰ নগৰী শুৱালকুছিৰ শ্ৰীশ্ৰী শঙ্কৰদেৱ নামঘৰ, নাৰায়ণপুৰ, যোৰহাটৰ, ঢেকীয়াখোৱা বৰনামঘৰ, বিজনী সত্ৰ অভয়াপুৰী সত্ৰ, মইনবড়ী সত্ৰ, সৰ্থেবাৰীৰ গোমুৰা সত্ৰ, দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰ, সত্ৰভূমি মাজুলীৰ সত্ৰসমূহৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত থকা নামঘৰসমূহ৷ আজি পুৱা গুৰুজনাৰ প্ৰিয়তম শিষ্য মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেব স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আইসকলৰ নিত্য প্ৰসংগৰ পাছতে বাপুসকলৰ দ্বাৰা নিত্য নৈমিত্তিক প্ৰসংগ কৰা হয়৷ ইয়াৰ পাছতে বৰপেটা সত্ৰৰ পৰা ভাগৱত ভ্ৰমণ উলিওৱা হয়৷ ক’ভিড প্ৰট’কল মানি বৰপেটা সত্ৰৰ মূল কীত্তৰ্ন ঘৰৰ চাৰিওপিনে নাম কীত্তৰ্ন কৰি ভাগৱত পৰিভ্ৰমণ কৰাৰ পাছত দক্ষিণহাটী, নহাটী আৰু উত্তৰহাটীৰ বাটচৰাৰ চাৰিওপিনে ভাগৱত লৈ এপাক পৰিভ্ৰমণ কৰা হয়৷ বিয়লি বিভিন্ন প্ৰান্তত বন্তি প্ৰজ্বলন কৰি গুৰুজনাক স্মৰণ কৰা হয়৷