Logo
image

এটা চুমাই জোকাৰিছে ফুটবল বিশ্ব

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ আগষ্টঃ এটা সন্মতিবিহীন ওষ্ঠ চুম্বনে জোকাৰণি তুলিছে ফুটবল বিশ্বত৷ সেই চুমাৰ পৰিণতিত নিজৰ আসন হেৰুৱাইছে ৰয়েল স্পেনিছ ফুটবল ফেডাৰেশ্বনৰ (আৰএফইএফ) সভাপতি লুইছ ৰুবিয়ালেছে৷ বিশ্ব চেম্পিয়ন হোৱাৰ আনন্দৰ আতিশয্যত জাতীয় মহিলা দলটোৰ ষ্ট্ৰাইকাৰ জেনিফাৰ হাৰম’ছ’ৰ ওঁঠত আঁকি দিয়া এটা চুমাই যে তেওঁৰ পতন ঘটাব, সেয়া হয়তো ৰুবিয়ালেছে তেওঁৰ দূৰতম দুঃস্বপ্নতো কল্পনা কৰিব পৰা নাছিল৷ লিবাৰেল, মুক্ত যৌনতাৰ পশ্চিমীয়া দেশত তেনে ওষ্ঠ চুম্বন তেনেই সাধাৰণ কথা বুলি ভাবিছিল অনেকে৷ কিন্তু নহয়, সন্মতিবিহীনভাৱে ‘আৰএফইএফ’ৰ মুৰব্বীয়ে আনন্দৰ আতিশয্যত জেনি হাৰম’ছ’ৰ ওঁঠত আঁকি দিয়া সেই চুমাটোৱেই ৰুবিয়ালেছৰ বাবে কাল হ’ল, নিলম্বিত হ’ল দেশৰ ফুটবল ফেডাৰেশ্বনৰ সৰ্বোচ্ছ পদৰ পৰা৷ ঘটনাৰ ৬দিনৰ দিনা অশেষ বিতৰ্ক আৰু তীব্ৰ বাদানুবাদৰ অন্তত ফুটবলৰ সৰ্বোচ্ছ সংস্থা ফিফাই লুইছ ৰুবিয়ালেছক স্পেইনৰ ফুটবল ফেডাৰেশ্বনৰ সভাপতিৰ পদৰ পৰা নিলম্বিত কৰিছে৷ ফিফাৰ অনুশাসন কমিটীৰ মুৰব্বী জৰ্জ ইভান পালাচিঅ’ই জনাইছে, সাময়িকভাৱে ৰুবিয়ালেছ ৯০ দিনৰ বাবে নিলম্বিত হৈ থাকিব৷ এই সময়ছোৱাত ঘটনাটোৰ তদন্ত কৰিব ফিফাই৷ যদিহে দোষী প্ৰমাণিত হয়, তেন্তে লুইছ ৰুবিয়ালেছ তেওঁৰ পূৰ্বৰ পদমৰ্যাদালৈ উভতি অহা দূৰৰে কথা, ফুটবলৰ সকলো কাৰ্যকলাপৰ পৰা বহিষ্কৃত হ’ব৷ আৰু এই ৯০ দিনত লুইছ ৰুবিয়ালেছে কিম্বা তেওঁৰ সৈতে সম্পৰ্ক থকা কোনো লোকে, সংগঠনে জেনি হাৰম’ছ’ অথবা তেওঁৰ ঘনিষ্ঠ বৃত্তৰ সৈতে যোগাযোগৰ চেষ্টা কৰে তেন্তে আগতীয়াকৈ গুৰুতৰ শাস্তিৰ সন্মুখীন হ’ব৷ অহা ৯০ দিন তেওঁ ফুটবল সম্পৰ্কীয় সকলো কাম-কাজৰ পৰা দূৰত থাকিব লাগিব৷
বিশ্ব ফুটবলক কঁপাই দিয়া এই ঘটনাৰ সূত্ৰপাত যোৱা দেওবাৰৰ, যিদিনা ফিফাৰ মহিলা বিশ্বকাপত স্পেইনে ইংলেণ্ডক ৰ-ঙ্ম গ’লত পৰাস্ত কৰি বিশ্বচেম্পিয়ন হৈছিল৷ পুৰস্কাৰ প্ৰদান মঞ্চত উপস্থিত আছিল স্পেইন ফুটবল ফেডাৰেশ্বনৰ সভাপতি লুইছ ৰুবিয়ালেছ৷ মঞ্চত তেওঁ দলৰ প্ৰত্যেকগৰাকী বিজয়ী সদস্যক আঁকোৱালি লৈ গালত একোটাকৈ চুমা আঁকি দি অভিনন্দন জনাইছিল৷ কিন্তু জেনিফাৰ হাৰম’ছ’ক ৰুবিয়ালেছে সাৱতি ধৰি হঠাতে ওঁঠত চুমা আঁকি দিয়ে৷ ড্ৰেছিং ৰূমলৈ আহি জেনিয়ে সতীৰ্থৰ আগত কৈছিল– সভাপতি ৰুবিয়ালেছৰ আচৰণ তেওঁৰ ভাল নালাগিল৷ জেনি হাৰম’ছ’ৰ সেই বক্তব্য প্ৰকাশ পোৱাৰ লগে লগে স্পেইনৰে নহয়, সমগ্ৰ ফুটবল বিশ্বত জোকাৰণিৰ সৃষ্টি হ’ল৷ বিতৰ্ক বাঢ়ি যোৱাৰ লগে লগে ৰুবিয়ালেছে ঘটনাটোৰ স্পষ্টীকৰণ দি জনালে যে, সেই চুম্বন সন্মতিসূচক আছিল৷ তেওঁ ক’লে– ‘জেনিয়ে পেনাল্টী ‘মিছ’ কৰিছিল৷ মই তেওঁক সান্তনা দিছিলোঁ৷ কৈছিলোঁ, পেনাল্টীৰ কথা পাহৰি যোৱা৷ জেনিক সুধিছিলোঁ– মই তোমাক এটা চুমা খাব পাৰোনে? জেনিয়ে সন্মতি দিছিল৷ সেয়ে জেনিৰ ওঁঠত চুমা খাইছিলোঁ৷’
পিছে ৰুবিয়ালেছৰ এই বক্তব্য প্ৰকাশ পেৱাাৰ লগে লগে জেনিফাৰ হাৰম’ছ’ৱে এটা বিবৃতি দি জনালে– ‘লুইছ ৰুবিয়ালেছে যি কথা কৈছে, সেয়া সত্য নহয়৷ চুম্বনত মোৰ কোনো সন্মতি নাছিল৷ তেওঁ ঘটনাৰ অভিমুখ ঘূৰাই দিয়াৰ চেষ্টা কৰিছে৷ মই এই ঘটনাৰ বিৰুদ্ধে অভিযোগ দিব বিচাৰোঁ৷ কৰ্মক্ষেত্ৰই হওঁক বা ফুটবল ফিল্ড, কোনো ঠাইতে এনে ঘটনা হোৱা অনুচিত৷ মই নিজকে অসুৰক্ষিত বুলি অনুভৱ কৰিছোঁ৷ সন্মতিবিহীনভাৱে ওঁঠত চুমা খোৱা যৌন নিৰ্যাতনৰ সমাৰ্থক৷’ উল্লেখ্য, বিতৰ্ক ডাঙৰ হোৱাৰ লগে লগে দেশৰ প্ৰায় সকলো মহিলা ফুটবলাৰ আৰু একাংশ জাতীয় দলৰ ফুটবলাৰে ৰুবিয়ালেছৰ অপসাৰণ বা পদত্যাগ দাবী কৰিলেও ৰুবিয়ালেছে সেই দাবী নাকচ কৰিছিল৷ প্ৰসংগতঃ, মেচ চলি থকা অৱস্থাত ৰুবিয়ালেছে ৰয়েল বক্সৰ পৰা খেল চাই আছিল আৰু দেশৰ বিজয়ত নিজৰ যৌনাংগত ধৰি আনন্দো২৬৩াস প্ৰকাশ কৰিছিল৷ তেতিয়া তেওঁৰ কাষত আছিল স্পেইনৰ ৰাণী আৰু ৰাণীৰ ১৬ বছৰীয়া কন্যা৷ দুয়ো স্বাভাৱিকতে অস্বস্তি অনুভৱ কৰিছিল৷ পিছে সেই ঘটনাৰ বাবে ৰুবিয়ালেছে ক্ষমা প্ৰাৰ্থনা কৰিছিল৷ ইপিনে, ৰুবিয়ালেছে পদত্যাগৰ দাবী নাকচ কৰাৰ পাছত দেশৰ জাতীয় দলৰ ৩২গৰাকী সদস্যকে ধৰি দেশৰ ৮০গৰাকী মহিলা ফুটবলাৰে স্পেইনৰ হৈ ভৱিষ্যতে নেখেলাৰ সিদ্ধান্ত লৈছিল৷ অৱশ্যে এই বিতৰ্কিত পৰিস্থিতিৰ মাজতে ফিফাই শক্তিশালী পদক্ষেপ লৈ চুম্বন বিতৰ্কৰ দোষীক শাস্তি দিবলৈ সাজু হোৱাত পৰিস্থিতি সামান্য সহজ হৈছে৷