Logo
image

চৰ্তহীন আলোচনাত ৰাজী বিদ্ৰোহী কৃষক

আমাৰ অসম, ১ ফেব্ৰুৱাৰীঃ দেশবাসীক উদ্দেশ্যি ২৬ জানুৱাৰীৰ লালকিল্লাৰ কৃষক তাণ্ডৱক লৈ দেওবাৰে  বছৰৰ প্ৰথম ‘মন কী বাত’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ‘মন কী বাত’ত তেওঁ ক’লে– প্ৰজাতন্ত্ৰ দিৱসত ত্ৰিৰংগা পতাকাৰ অপমান হৈছে৷  ২৬ জানুৱাৰীৰ ত্ৰিৰংগাৰ অপমানত দুখ পাইছে দেশে৷ দেশব্যাপি চলি থকা কৰ’না টিকাকৰণ অভিযানৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান চলিছে ভাৰতত৷ ৩০ লাখৰ অধিক কৰ’না যোদ্ধাক ভেকচিন দিয়া হৈছে৷ দেশৰ থলুৱা নিজা ভেকচিনৰ সাফল্যত বিশ্ব মঞ্চত ভাৰতৰ মুখ উজ্জ্বল হৈছে৷ দেওবাৰে পুৱা ১১ বজাত মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ত বক্তব্য ৰাখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ দেশবাসীৰ সন্মুখত বিভিন্ন বিষয়ে নিজৰ চিন্তা-ভাৱনাৰ কথা জনালে প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰতিমাহৰ শেষ দেওবাৰে পুৱা ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ‘মন কী বাত’ অনুষ্ঠানৰ মাধ্যমেৰে নিজৰ বক্তব্য ৰাখে৷ দূৰদৰ্শন আৰু আকাশবাণীৰ সকলো চেনেলে এই কাৰ্যসূচীৰ সম্প্ৰচাৰ কৰে৷ বৰ্তমান দিল্লীৰ বিভিন্ন সীমা এলেকাত তিনি কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ বিক্ষোভ চলিছে৷ কৃষকৰ এই আন্দোলন সম্পৰ্কে দেওবাৰে প্ৰথমবাৰ ৰাজহুৱাকৈ বক্তব্য ৰাখিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ২৬ জানুৱাৰীৰ দিল্লীত হোৱা জাতীয় পতাকা অৱমাননাত সমগ্ৰ দেশ ব্যথিত৷ কৰ’না মহামাৰীৰ সময়ত ভাৰতৰ ভূমিকাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীৰ বাৰ্তা– যোৱা বছৰ আমাৰ ধৈৰ্য আৰু সাহসৰ পৰীক্ষা হ’ল, সংকল্প আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আমি কৰ’না যুঁজত জয়ী হ’লো৷ প্ৰধানমন্ত্ৰীয়ে ২০২২ চনত দেশে স্বাধীনতা ৭৫বছৰপূৰ্তি উদ্‌যাপনৰ বাবে প্ৰস্তুত হৈছে বুলিও মন্তব্য কৰে৷ বিশেষকৈ যুৱ সমাজলৈ তেওঁ আহ্বান জনায় যে যুৱকসকলে নিজ নিজ এলেকাৰ দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ তথা ইয়াৰ সৈতে জড়িত ঘটনাৰাজিৰ বিষয়ে লিখিব লাগে৷ এই লেখাবিলাকেই হ’ব স্বাধীনতা আন্দোলনৰ যোদ্ধাৰ প্ৰতি কৰা প্ৰকৃত শ্ৰদ্ধা জ্ঞাপন৷ লক্ষণীয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ জানুৱাৰীত লালকিল্লাত একাংশ কৃষকে ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰি দেশৰ আত্মসন্মানত আঘাত হনা বুলি মন্তব্য কৰাৰ পাছতে প্ৰধানমন্ত্ৰীক উভতি ধৰিলে ভাৰতীয় কিষাণ সংঘৰ নেতা ৰাকেশ টিকাইটে৷ তেওঁ প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– কোনোবাই যদি জাতীয় পতাকাক অৱমাননা কৰিছে তেন্তে তেওঁক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক৷ জাতীয় পতাকা সকলোৰে, যিয়ে জাতীয় পতাকাক অৱমাননা কৰিছে চৰকাৰে দৃষ্টান্তমূলক শাস্তি দিয়ক৷ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্দোলনকাৰী কৃষকসকললৈ আলোচনাৰ বাৰ্তা দি কৈছিল যে, চৰকাৰ এটা ফোনৰ অপেক্ষাত আছে৷ কৃষক নেতাসকলৰ তৰফৰ পৰা এটা ফোন আহিলেই চৰকাৰে কৃষি আইন স্থগিত ৰখা তথা পুনৰ আলোচনাৰ বাবে সাজু আছে৷ প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি দেওবাৰে সঁহাৰি জনাই বিক্ষোভকাৰী  কৃষকৰ অন্যতম নেতা ৰাকেশ টিকেইটে কয় যে তেওঁলোকো আলোচনাৰ বাবে ৰাজী আছে৷ কিন্তু কোনোধৰণৰ পূৰ্ব চৰ্ত কৃষকসকলে মানি নলয়৷ অৰ্থাৎ চৰ্তহীন আলোচনাৰ বাবে ৰাজী আৰু সাজু বিদ্ৰোহী কৃষকসকল৷ টিকেইটৰ বক্তব্য– প্ৰধানমন্ত্ৰীক সন্মান জনাই আমি কৈছো, আমাৰ কৃষকসকলৰ সমস্যাৰ সমাধান লাগে৷ কিন্তু মূৰত বন্দুক ৰাখি আমি আলোচনা নকৰো৷ কেন্দ্ৰীয় চৰকাৰে কোনোধৰণৰ পূৰ্ব চৰ্ত নাৰাখিলে আমি পুনৰ আলোচনাত বহিবৰ বাবে সাজু আছো৷ উল্লেখ্য যে কৃষক আন্দোলনৰ হিংসাৰ ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে পাঁচখন ৰাজ্যৰ ৮৪ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩৮ টা গোচৰ ৰুজু কৰিছে৷ মধ্যপ্ৰদেশৰ ৬ জন সাংবাদিকৰ বিৰুদ্ধেও কৃষক আন্দোলনত ইন্ধন যোগোৱাৰ অভিযোগত ৬ টা গোচৰ ৰুজু হৈছে৷ ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতে ক্ৰমাগতভাৱে দ্বিতীয়টো টেষ্ট শৃংখলা জয় কৰি ইতিহাস ৰচনা কৰা কাৰ্যৰ ভুৰি ভুৰি প্ৰশংসা কৰে৷ তেওঁ কয় যে এয়া বহুতৰ বাবে প্ৰেৰণাৰ উৎস৷ ভাৰতীয় দলৰ টীম ৱৰ্ক আৰু হাৰ্ডৱৰ্কক লৈ প্ৰধানমন্ত্ৰীয়ে গৌৰৱ কৰে৷