Logo
image

ছেপ্টেম্বৰতে বিয়া ৰাঘৱ-পৰিণীতিৰ

বলীউডৰ অভিনেত্ৰী আৰু ৰাজনীতিকৰ প্ৰেম-বিবাহ নতুন কথা নহয় যদিও অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু ৰাজনীতিক ৰাঘৱ চাদ্দাৰ প্ৰেম-ৰোমাঞ্চৰ খবৰ সদায় নিত্য-নতুন৷ আপৰ নেতা,  সুবক্তা ৰাঘৱ চাদ্দা আৰু অভিনেত্ৰী পৰিণীতিৰ প্ৰেম পৰ্বই বিনোদন জগতত দীৰ্ঘদিন ধৰি বেচ আমোদৰ খোৰাক জগাই আহিছে৷ সম্প্ৰীতি ৰাঘৱ-পৰিণীতি বলীউড আৰু ৰাজনীতি জগতখনৰ হিট যুটী৷ দুয়োৰে বাগদান সম্পন্ন হোৱা খবৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল৷ অহা ২৫ ছেপ্টেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব ৰাঘৱ পৰিণীতি৷ ৰাজস্থানৰ উদয়পুৰৰ বিলাসবহুল ৰাজকীয় প্ৰাসাদত দুয়োৰে বিবাহ সম্পন্ন হ’ব বুলি জানিব পৰা গৈছে৷ বিবাহৰ পাছতে দিল্লী, মুম্বাই আৰু চণ্ডীগড়ত বিবাহৰ পাৰ্টী চলিব৷ জানিব পৰা মতে বিবাহৰ পাৰ্টী দিল্লী গুৰগাঁৱৰ ‘দ্য লীলা এম্বিয়েন্স’ হোটেলত প্ৰথম বিবাহৰ পাৰ্টীৰ আয়োজন কৰা হ’ব৷ দ্বিতীয়তে সপোনপুৰীতো বিবাহৰ ৰিচিপ্টশ্যন পাৰ্টী চলিব৷ সেইদৰে চণ্ডীগড়তো ৰাঘৱৰ আত্মীয়ৰ মাজত এটা পাৰ্টী হ’ব বুলি ৰাঘৱৰ ঘনিষ্ঠ সূত্ৰই সদৰী কৰিছে৷ শেহতীয়াকৈ প্ৰেমিক দম্পতীয়ে মহাকাল মন্দিৰা দৰ্শন কৰা বুলি জানিব পৰা গৈছে৷