Logo
image

১০ দিন সক্ৰিয় থাকি জোনবাইৰ বুকুত শুই পৰিল ৰ’ভাৰ প্ৰজ্ঞান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ ছেপ্টেম্বৰঃ একেৰাহে চৈধ্যদিন সক্ৰিয় হৈ থাকিব বুলি আশা কৰিলেও ইছৰোৱে চন্দ্ৰপৃষ্ঠলৈ প্ৰেৰণ কৰা ৰ’ভাৰ প্ৰজ্ঞান দহ দিনতে নিদ্ৰামগ্ন হৈছে৷ চন্দ্ৰপৃষ্ঠত ক্ৰমাৎ বিয়লি হ’বলৈ লোৱাৰ বাবেই সম্ভৱতঃ সূৰ্যৰ শক্তি পৰ্যাপ্ত পৰিমাণে নোপোৱাৰ ফলত দহদিনতে  নিষ্ক্ৰিয় হৈ পৰিল ভাৰতৰ প্ৰজ্ঞান৷  উল্লেখ্য চন্দ্ৰপৃষ্ঠত সূৰ্যোদয়   হোৱাৰ পৰা সূৰ্যাস্তলৈ আমাৰ পৃথিৱীৰ দিনৰ জোখেৰে চৈধ্য দিন সময় থাকে৷ সেয়ে সূৰ্যৰ পোহৰ আৰু শক্তি থকা সম্পূৰ্ণ চৈধ্যদিন ৰ’ভাৰ প্ৰজ্ঞান সক্ৰিয় হৈ থাকিব বুলি ইছৰোৱে আশা কৰিছিল৷ কিন্তু চৈধ্যদিন সম্পূৰ্ণ হোৱাৰ পূৰ্বেই প্ৰজ্ঞান নিষ্ক্ৰিয় হৈ পৰাত ইছৰোৱে এই ৰ’ভাৰখনক ‘শ্লিপিং মোড’লৈ পঠিয়াই দিয়ে৷ সম্প্ৰতি ৰ’ভাৰ প্ৰজ্ঞানে নিৰাপদ স্থানত নিশ্চিন্তে নিদ্ৰামগ্ন হৈছে৷ পুনৰ প্ৰজ্ঞান সক্ৰিয় হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ কিন্তু পুনৰ ২২ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত সূৰ্যৰ পোহৰ পৰিলে কেনেবাকৈ প্ৰজ্ঞানৰ পিঠিত সংলগ্ন থকা সৌৰপেনেলৰ জৰিয়তে পুনৰ সক্ৰিয় হ’ব পাৰে বুলি ইছৰোৱে ক্ষীণ আশা কৰিছে৷ ইছৰোৱে জনোৱা মতে, ৰ’ভাৰ প্ৰজ্ঞানৰ সৈতে যিসমূহ পে-লোড বা যন্ত্ৰাংশ সংলগ্ন কৰি থোৱা আছিল, সেই সকলোবোৰ তেওঁলোকে গ্ৰাউণ্ড কন্ট্ৰলৰ পৰা বন্ধ কৰি দিছে৷ নিদ্ৰামগ্ন হোৱাৰ সময়লৈ প্ৰজ্ঞানৰ বেটেৰী সম্পূৰ্ণ ৰূপত চাৰ্জ হৈ আছিল৷ 

ভাৰতে সফলভাৱে অৱতৰণ কৰোৱা চন্দ্ৰযান-৩ৰ মুঠতে তিনিটা অংগ আছে৷ সেয়া হ’ল অৰ্বিটাৰ বা চন্দ্ৰক প্ৰদক্ষিণ কৰি থকা অংগ, লেণ্ডাৰ মডিউল বা চন্দ্ৰত অৱতৰণ কৰা অংগ বিক্ৰম আৰু চন্দ্ৰৰ মাটিত ঘূৰি পকি পৰীক্ষা নিৰীক্ষা কৰা ৰ’ভাৰ মডিউল প্ৰজ্ঞান৷ বিক্ৰমে য’ত অৱতৰণ কৰিলে, সেয়া চন্দ্ৰৰ কঠিনতম অঞ্চল৷ অতিকায় শিল-পাহাৰ-কন্দৰেৰে পৰিপূৰ্ণ এই অঞ্চলটো অৱশ্যে একে সময়তে চন্দ্ৰৰ আন ঠাইতকৈ সজীৱো৷ মানৱৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ বিপজ্জনক, ৰহস্যময় কিন্তু সম্ভাব্য বাসপোযোগী চন্দ্ৰৰ এই দক্ষিণ গোলাৰ্ধ৷ ইয়াত আছে দুৰ্গম গিৰিখাদ৷ প্ৰায়ান্ধাকাৰ এই অঞ্চলটোৰ সামান্য অংশতহে সূৰ্যৰ ৰশ্মি আলোকিত হয়৷ অতি শীতল এই স্থানৰ তাপমাত্ৰা নিশা হিমাংকৰ ৩০০ ডিগ্ৰী ফাৰেণহাইট তললৈ নামে৷ সেয়ে চন্দ্ৰত নিশা সাধাৰণতে কম শক্তিশালী কোনো যন্ত্ৰ সজীৱ হৈ থাকিব নোৱাৰে৷ চন্দ্ৰপৃষ্ঠত বিক্ৰমৰ সফল অৱতৰণৰ পাছত লেণ্ডাৰ মডিউল আৰু ৰ’ভাৰ মডিউল [প্ৰজ্ঞান] দুয়োটাৰ কাম আৰম্ভ হৈছিল৷ অৱশ্যে তাৰ পূৰ্বে দুয়ো বিশ্ৰাম লৈছিল ২৬ ঘণ্টা৷ তাৰ পাছতেই ১৭০০ কিলোগ্ৰাম ওজনৰ লেণ্ডাৰ বিক্ৰমৰ বুকুৰ মাজৰ পৰা ওলাই আহিছিল ২৬ কিলোগ্ৰাম ওজনৰ প্ৰজ্ঞান৷ বিক্ৰম স্থিৰ হৈ থাকিলেও প্ৰজ্ঞান সচল৷ প্ৰজ্ঞান বিক্ৰমৰ বুকুৰ পৰা চন্দ্ৰপৃষ্ঠলৈ নামি আহিছিল এটা এঢলীয়া পথেৰে৷ নিজৰ ৬টা চকাৰ সহায়ত প্ৰতি ছেকেণ্ডত ৰ ছেণ্টিমিটাৰ গতিত প্ৰজ্ঞানে ইফাল সিফাল কৰিব পাৰে৷ সেই গতিৰে প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত ১০০ মিটাৰ দূৰলৈ আগুৱাইছিল৷ ইয়াৰ এই গতিৰ বাবে শক্তি যোগান ধৰিছিল সূৰ্যই৷ সেয়ে মুঠ ১৪ দিন, অৰ্থাৎ চন্দ্ৰত সূৰ্যৰ পোহৰ থকালৈকেহে প্ৰজ্ঞান সচ্ছল হৈ থকাৰ কথা আছিল৷ চন্দ্ৰত একেৰাহে আমাৰ পৃথিৱীৰ দিনৰ হিচাপেৰে ১৪ দিন পোহৰ পৰি থাকে আৰু সেয়া চন্দ্ৰৰ বাবে হয় এদিন৷ চন্দ্ৰৰ মাটিত নামিয়েই প্ৰজ্ঞানে আঁকি দিছিল ভাৰতৰ পতাকা৷ একেলগে বিক্ৰম আৰু প্ৰজ্ঞানে পৰস্পৰৰ ফটোও তুলি পৃথিৱীলৈ পঠিয়াই আছিল নিজৰ নিজৰ শৰীৰত থকা একাধিক কেমেৰাৰে৷ প্ৰজ্ঞানে সংগ্ৰহ কৰা সকলো তথ্য বিক্ৰমলৈ প্ৰেৰণ কৰিছিল আৰু বিক্ৰমে সেয়া পঠিয়াইছিল ‘গ্ৰাউণ্ড কণ্ট্ৰল’ অৰ্থাৎ ইছৰোলৈ৷ বিক্ৰম আৰু প্ৰজ্ঞানৰ সৈতে সংলগ্ন কৰা হৈছিল ঘাইকৈ ৪টা ‘পে-লোড’ বা যন্ত্ৰ৷ নাম হৈছে ৰম্ভা, চেষ্টে, ইলছা আৰু এৰে৷ ইয়াৰ ৰম্ভা হৈছে ‘ৰেডিঅ’ এনাটমী অৱ মুনবাউণ্ড হাইপাৰছেনচিটিভ আয়নোস্ফিয়াৰ এণ্ড এটমস্ফিয়াৰ’৷ ৰম্ভাই চন্দ্ৰৰ বুকুত সূৰ্যৰ পৰা অহা ৰশ্মিৰ ভিতৰৰ প্লাজমা কণাৰ ঘনত্ব, পৰিমাণ আৰু পৰিৱৰ্তন নিৰীক্ষণ কৰিছে৷ চেষ্টেই [চন্দ্ৰ’জ ছাৰফেচ থাৰ্মোফিজিকেল এক্সপেৰিমেণ্ট [জুখি চাব চন্দ্ৰপৃষ্ঠৰ তাপমাত্ৰা আৰু জলকণাৰ অস্তিত্ব৷ ইলছাই [ইনষ্ট্ৰুমেণ্ট ফৰ লুনাৰ ছিছমিক এক্টিভিটি] অৱতৰণস্থলৰ চৌপাশৰ মাটিৰ কম্পন সংক্ৰান্তীয় তথ্য পৰীক্ষা কৰিছে৷ আনহাতে এৰেই [লেজাৰ ৰেট্ৰোৰিফ্লেক্টৰ] চন্দ্ৰৰ গতিশীলতা আৰু চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৰা পৃথিৱীৰ নিকটতম স্থানৰ দূৰত্ব জুখিছে৷ 

প্ৰজ্ঞান শুই পৰাৰ পাছত আৰু বিক্ৰমো নিষ্ক্ৰিয় হৈ যোৱাৰ সময়ত বিক্ৰমৰ সৈতে সংলগ্ন কৰা ‘এৰে’ [লেজাৰ ৰেট্ৰোৰিফ্লেক্টৰ] নামৰ পে-লোড বা যন্ত্ৰাংশটো ইছৰোৰ বাবে  ব্ৰহ্মাস্ত্ৰ হৈ পৰিব৷ কিয়নো এই যন্ত্ৰটো চন্দ্ৰৰ নিশাৰ ভাগত কাৰ্যকৰী হৈ থাকিব৷ এই যন্ত্ৰ ভাৰতে নিৰ্মাণ কৰা নাই, নিৰ্মাণ কৰিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ ‘স্পেচ ফ্লাইট চেণ্টাৰে’৷ নাছাই জনোৱা মতে বিদ্যুৎ অথবা সৌৰশক্তি অবিহনে কাম কৰিব পৰা এই যন্ত্ৰটোৱে নিশাৰ ভাগত কাম কৰিব৷ তাৰ বাবে অৱশ্যে ‘এৰে’ৰ শৰীৰত চন্দ্ৰত আৱৰ্তন কৰি থকা কোনো অৰ্বিটাৰৰ পৰা অহা লেজাৰ ৰশ্মি প্ৰতিফলিত হ’ব লাগিব৷ তেতিয়াই ই সক্ৰিয় হৈ পৰিব৷ মাত্ৰ ২০ গ্ৰাম ওজনৰ ৫.১১ ছেণ্টিমিটাৰ ব্যাস আৰু ১.৬৫ ছেণ্টিমিটাৰ উচ্ছতাৰ এই যন্ত্ৰই লেজাৰ ৰশ্মি পোৱাৰ লগে লগে সক্ৰিয় হৈ ইছৰো আৰু নাছাই আশা কৰাৰ দৰে নিশাৰ ভাগত অপৰ্যাপ্ত তথ্য প্ৰেৰণ কৰিব পাৰে৷ সেয়ে ‘এৰে’ক ব্ৰহ্মাস্ত্ৰ বুলি অভিহিত কৰা হৈছে৷