Logo
image

হিমাৰ কেৰিয়াৰৰ সংকট!দীৰ্ঘ সময়ৰ বাবে নিষেধ হৈ যোৱাৰ আশংকা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ ছেপ্টেম্বৰঃ খেলপথাৰৰ সাফল্যতকৈ বিগত কেইবছৰত ‘অফ ফিল্ড’ বিতৰ্কৰে সততে চৰ্চাত থকা অসমৰ অৰ্জুন বঁটা বিজয়ী স্প্ৰিণ্টাৰ হিমা দাসৰ বিৰুদ্ধে ডোপ সম্পৰ্কীয় নিয়ম উলংঘা কৰাৰ অপৰাধত ৰাষ্ট্ৰীয় এণ্টি ডোপিং এজেন্সিয়ে [নাডা] নিষেধাজ্ঞা আৰোপ কৰিছে৷ হিমা দাসৰ বিৰুদ্ধে আৰোপ কৰা এই নিষেধাজ্ঞা ‘প্ৰভিজ’নেল’ বা অন্তৰ্বৰ্তীকালীন বুলি ‘নাডা’ৰ এজন বিষয়াই প্ৰকাশ কৰিছে৷ হিমাৰ বিৰুদ্ধে আৰোপ কৰা এই নিষেধাজ্ঞা সৰ্বাধিক দুবছৰ হোৱাৰ আশংকা আছে৷ কিন্তু অসমৰ স্প্ৰিণ্টাৰগৰাকীয়ে ‘নাডা’ৰ সন্মুখত সঠিকভাৱে আত্মপক্ষ সমৰ্থন কৰিবলৈ সক্ষম হ’লে নিষেধাজ্ঞাৰ ম্যাদ ন্য়ূনতম এবছৰলৈ হ্ৰাস পাব পাৰে বুলি ‘নাডা’ৰ নাম প্ৰকাশত অনিচ্ছুক বিষয়াজনে সংবাদ সংস্থা পিটিআইৰ আগত প্ৰকাশ কৰিছে৷ দেশৰ তাৰকা স্প্ৰিণ্টাৰ হিমা দাসে বিগত ১২ মাহত তেওঁৰ অৱস্থিতিৰ বিষয়ে ৩বাৰকৈ জনোৱাত ব্যৰ্থ হোৱাৰ বাবেই ‘নাডা’ই এই শাস্তি আৰোপ কৰিছে৷ নিষিদ্ধ শক্তিবৰ্ধক ড্ৰাগ্‌ছ ব্যৱহাৰ কৰি যি খেলুৱৈ বা এথলীটে নিজৰ প্ৰদৰ্শনৰ মান উন্নত কৰিব পাৰে, তেনে এথলীটে সময়ে সময়ে সংশ্লিষ্ট দেশৰ ‘এণ্টি ডোপিং এজেন্সি’ক নিজৰ অৱস্থিতিৰ বিষয়ে জনাই থাকিব লাগে৷ কিয়নো ‘এণ্টি ডোপিং এজেন্সি’য়ে প্ৰতিযোগিতা নথকা সময়তো সক্ৰিয় এথলীটৰ ডোপ পৰীক্ষা কৰি থাকে৷ তেনে ‘ৰেণ্ডম’ ডোপ পৰীক্ষাৰ বাবে ‘নাডা’ই হিমা দাসক বিচাৰোঁতে তেওঁৰ অৱস্থিতিৰ বিষয়ে বিগত ১২ মাহত ৩বাৰ তথ্য নোপোৱাৰ বাবে, অৰ্থাৎ বিচাৰি নোপোৱাৰ বাবে ৰাষ্ট্ৰীয়  এণ্টি ডোপিং এজেন্সিটোৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ পিটিআইক ‘নাডা’ৰ বিষয়াজনে কয়– ‘হয়, তেওঁ যোৱা ১২ মাহত তিনিবাৰ নিজৰ অৱস্থিতিৰ বিষয়ে তথ্য প্ৰদান কৰাত ব্যৰ্থ হৈছে৷ সেয়ে তেওঁক ‘নাডা’ই ‘প্ৰভিজনেলি’ নিলম্বিত কৰিছে৷’

চীনৰ হাংঝৌত হ’বলগীয়া এছিয়ান গেম্‌ছলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছে হিমা দাস৷ আঘাতৰ বাবে তেওঁ এছিয়াৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগিতাখনৰ পৰা বঞ্চিত হয়৷ অসমৰ আন এজন স্প্ৰিণ্টাৰ অম্লান বৰগোহাঁয়ে হাংঝৌ এছিয়াডৰ পুৰুষৰ ২০০ মিটাৰত সোমবাৰে ভাৰতীয় দলত স্থান নিশ্চিত কৰাৰ এদিনৰ পাছতে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ তাৰকা স্প্ৰিণ্টাৰ হিমাৰ জৰিয়তে বিষাদৰ বাতৰি আহিল৷ উল্লেখ্য, বিগত টকিঅ’ অলিম্পিকলৈকো হিমা দাসে যোগ্যতা অৰ্জন কৰিব পৰা নাছিল৷ প্ৰসংগতঃ বিগত জাকাৰ্টা এছিয়ান গেম্‌ছৰ পাছত হিমা দাসৰ খেলপথাৰত তেনে কোনো সাফল্য নাই৷ ২০১৮ চনৰ জাকাৰ্টা এছিয়ান গেম্‌ছত হিমা দাসে ব্যক্তিগত ৪০০ মিটাৰত ৰূপৰ পদক লাভ কৰিছিল৷ সোণৰ পদক লাভ কৰিছিল ৪X৪০০ মিটাৰ মিক্সড ৰীলেত আৰু ৰূপৰ পদক লাভ কৰিছিল ৪X৪০০ মিটাৰ মহিলাৰ ৰীলেত৷ অৰ্থাৎ ব্যক্তিগত শাখাত ছিনিয়ৰ বিভাগত হিমা দাসৰ কোনো আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয়  প্ৰতিযোগিতাত স্বৰ্ণপদক নাই৷ তাৎপৰ্যপূৰ্ণ যে বিগত বাৰ্মিংহাম কমনৱেল্‌থ গেম্‌ছ আৰু শেহতীয়া বুডাপেষ্ট বিশ্ব এথলেটিক্‌ছ চেম্পিয়নশ্বিপতো যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হোৱা হিমা দাসে জাকাৰ্টা এছিয়াডৰ পাছত অৰ্থাৎ ২০১৮ চনৰ পাছত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো কোনো সফলতা লাভ কৰা নাই৷ কেৱল যোৱা মাৰ্চত ইণ্ডিয়ান গ্ৰাঁ প্ৰিত ৪০০ মিটাৰত স্বৰ্ণ পদক লাভ কৰিছিল৷ খেলৰ সাফল্যতকৈয়ো বিতৰ্ক অধিক সংগী হৈ পৰা হিমা দাসে জাকাৰ্টা এছিয়াডৰ পৰা অসমৰ এথলেটিক্‌ছ কৰ্মকৰ্তাক সমালোচনা কৰি বিতৰ্কৰ জোৱাৰ তুলিছিল৷ তদুপৰি হিমাই কিছুমান ইউৰোপিয়ান ৱাৰ্ম-আপ গেম্‌ছৰ সাফল্য এনেদৰে প্ৰচাৰ কৰিছিল যে দেশৰ ৰাষ্ট্ৰপতিয়ে সেই সাফল্যত অভিনন্দন জনাই পাছত অস্বস্তিত পৰিছিল৷ আনকি হিমাই নিজেও সেই প্ৰতিযোগিতাৰ মান যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নহয়, সেয়া স্পষ্টীকৰণ দি জনাবলগীয়া হৈছিল৷ ‘অফ ফিল্ড’ কাৰ্যকলাপেৰে চৰ্চাত থাকি ভালপোৱাৰ প্ৰৱণতাই হিমা দাসৰ কেৰিয়াৰলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে৷ ফিনলেণ্ডৰ টেম্পেৰেত বিশ্ব জুনিয়ৰ এথলেটিক্‌ছত দেশৰ প্ৰথম এথলীট হিচাপে স্বৰ্ণপদক অৰ্জন কৰি হিমা দেশত পৰিচিত হৈ পৰিছিল৷ পিছে তাৰকাৰ শাৰীলৈ উন্নীত হোৱাৰ পাছত তেওঁৰ প্ৰদৰ্শন ক্ৰমাৎ শোচনীয় হৈছে আৰু ভুল কাৰণত সংবাদ শিৰোনাম দখল কৰাৰ ঘটনা অধিক হৈ পৰিছে৷ এতিয়া দীঘলীয়া নিষেধাজ্ঞাই যাতে হিমাৰ কেৰিয়াৰৰ সৰ্বনাশ নকৰে, ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীয়ে তাকে কামনা কৰিছে৷