Logo
image

বৈষ্ণোদেৱীৰ পাছত তিৰুপতি মন্দিৰত শ্বাহৰুখ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ ছেপ্টেম্বৰঃ মাথোঁ কেইদিনমান পূৰ্বে বৈষ্ণোদেৱী মন্দিৰত পূজা দিয়া বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে মঙলবাৰে নিজৰ নতুন ছবি ‘জৱান’ৰ মুক্তিৰ ঠিক পূৰ্বে তিৰুপতি মন্দিৰত পূজা আগবঢ়ায়৷ মঙলবাৰে দক্ষিণ ভাৰতীয় ধুতি আৰু মুণ্ড পৰিধান কৰি কন্যা সুহানাৰ সৈতে তিৰুপতি মন্দিৰত ৪০ মিনিট অতিবাহিত কৰে শ্বাহৰুখ কানে৷ ‘জৱান’ ছবিৰ মুক্তিৰ পূৰ্বে শ্বাহৰুখ খানে ইটোৰ পাছত সিটো মন্দিৰলৈ দৌৰি ফুৰাৰ ঘটনাত ছ’চিয়েল মিডিয়া এক প্ৰকাৰ উত্তাল হৈ পৰিছে৷ বৈষ্ণোদেৱী মন্দিৰত পূজা দিওতে নিজৰ মুখ ঢাকি গৈছিল তেওঁ৷ কিন্তু মঙলবাৰে    তিৰুপতি মন্দিৰত তেওঁ অনুৰাগীৰ উদ্দেশ্যি চুম্বন দিয়াৰ লগতে হাতজোৰ কৰি প্ৰাৰ্থনাও জনায়৷ শ্বাহৰুখৰ এই উপৰ্যুপৰি মন্দিৰ দৰ্শন তেওঁৰ ছবিৰ প্ৰচাৰৰ অংগ হিচাপে অনেকে আখ্যা দিলেও বহুতেই তেওঁৰ হিন্দু মন্দিৰ প্ৰৱেশক লৈ প্ৰশ্নও উত্থাপন কৰিছে৷