Logo
image

শ্বাহৰুখৰ ‘প্ৰতিষ্ঠানবিৰোধী’ ‘জৱান’ক লৈ দেশ-বিদেশত চাঞ্চল্য

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ ছেপ্টেম্বৰঃ ছবিত শ্বাহৰুখ খানৰ ভূমিকা ৰবিনহুদৰ দৰে৷ অবৈধভাৱে ধন উপাৰ্জন কৰা  ধনিক শ্ৰেণীৰ পৰা যিদৰে ৰবিনহুদে বলপূৰ্বকভাৱে ধন কাঢ়ি আনি দুখীয়াক বিলাই দিছিল, ঠিক সেইদৰে সদ্য মুক্তিপ্ৰাপ্ত জৱান ছবিত শ্বাহৰুখ খানৰ ভূমিকা একেই৷ অবৈধভাৱে ধন সংগ্ৰহ কৰা লোকৰ পৰা বলপূৰ্বকভাৱে অৰ্থ-সম্পত্তি কাঢ়ি আনি দুখীয়াক সহায় কৰাৰ কাহিনীৰে নিৰ্মিত জৱানে মুক্তিৰ প্ৰথম দিনাই অভিলেখ ৰচনা কৰিছে৷ শ্বাহৰুখ খানৰ  ৰবিনহুদ ভাৱমূৰ্তিৰ এই ছবিক লৈ দেশে-বিদেশে চাঞ্চল্যৰ সৃষ্টি হৈছে৷ পূৰ্বে নিজৰ ছবিত এনে সাফল্য লাভ কৰা নাছিল বলীউডৰ বাদশ্বাহে৷ এইবাৰ মুক্তিৰ প্ৰথম দিনাই শ্বাহৰুখ খানৰ এই ছবিয়ে সংগ্ৰহ কৰিলে ১৫০ কোটি টকা৷ দেশে-বিদেশে বক্স অফিচত প্ৰথম দিনাই শ্বাহৰুখ খানৰ জৱান ছুপাৰ-ডুপাৰ হিট৷ কেৱল নিজৰ পূৰ্বৰ ছবি পাঠানৰে নহয়, আৰ আৰ আৰ আৰু বাহুবলীয়ে মাথোঁ কিছুদিন পূৰ্বে সৃষ্টি কৰা অভিলেখ প্ৰথম দিনাই ভাঙিলে শ্বাহৰুখ খানৰ জৱানে৷ শ্বাহৰুখ খানৰ ছবিৰ আজাদ ৰাথোৰ নামৰ ভূমিকাক লৈ সমালোচনা হ’ব পাৰে৷ কিয়নো চৰকাৰীভাৱে হোৱা অনৈতিকতাক প্ৰায় দস্যুৰ দৰে নাশ কৰি শ্বাহৰুখ খানে তেওঁৰ এই একচন-থ্ৰিলাৰ ছবিখনেৰে সাধাৰণ দৰ্শকক মোহাৱিষ্ট কৰিছে৷ বৃহস্পতিবাৰে মুক্তিৰ প্ৰথম দিনাৰ আগ নিশাৰ পৰাই ছবিঘৰত ভিৰ কৰিছে শ্বাহৰুখ অনুৰাগীয়ে৷ উল্লেখ্য প্ৰথম দিনাই সৰ্বোচ্ছ আয় কৰা ছবি হিচাপে ১০০ কোটি টকা সংগ্ৰহ কৰি অভিলেখ কৰিছিল শ্বাহৰুখ খানৰ আঠমাহ পূৰ্বে মুক্তি পোৱা ছবি পাঠানে৷ পিছে এইবাৰ জৱানৰ জৰিয়তে শ্বাহৰুখ খানে প্ৰথম দিনাই ১৫০ কোটি টকা সংগ্ৰহ কৰি দেশৰ ছবিজগতত নতুন অভিলেখ স্থাপন কৰিলে৷