Logo
image

ফুটবলৰ পৰা ট্ৰেকলৈ অম্লানৰ অভিনৱ যাত্ৰা

দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ল’ৰাজনে খেলুৱৈ জীৱন আৰম্ভ কৰিছিল ফুটবলাৰ হিচাপে৷ দেউতাক  বি চি বৰগোহাঁই আৰু জ্যেষ্ঠ ভাতৃ প্ৰদ্যুমান বৰগোহাঁই দুয়ো ভাল ফুটবল খেলিছিল৷ সেয়েহে ফুটবলৰ জৰিয়তে ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰাৰ সপোন দেখিছিল৷ ইতিমধ্যে স্কুল দলক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাত দৰ্শনীয় প্ৰদৰ্শনেৰে সপোন বাস্তবায়িত কৰাৰ ক্ষেত্ৰত আশাৰ ৰেঙণি দেখুৱাইছিল৷ অৱশ্যে ফুটবল খেলি আঘাতপ্ৰাপ্ত হোৱা ল’ৰাজনৰ খেলুৱৈ জীৱন ইমানতে ইতি পৰাৰ সম্ভাৱনাই দেখা দিছিল৷ এই সময়ছোৱাত মাক গীতাঞ্জলি বৰগোহাঁই আৰু জ্যেষ্ঠ ভাতৃ প্ৰদ্যুমানে ল’ৰাজনৰ প্ৰতিটো দিশ ভালদৰে চোৱা-চিতা কৰি ল’ৰাজনক সততে অনুপ্ৰাণিত কৰি থাকিছিল আৰু ল’ৰাজনে যাতে খেলুৱৈ জীৱন অব্যাহত ৰাখে তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল৷ প্ৰতিভাবান ল’ৰাজনৰ খেলুৱৈ জীৱন অব্যাহত ৰখাৰ স্বাৰ্থত ল’ৰাজনে ফুটবলৰ পৰা ট্ৰেক সলনি কৰিছিল এথলেটিছলৈ৷ মাক আৰু ককায়েকৰ অনুপ্ৰেৰণাত দৌৰিবলৈ আৰম্ভ কৰা খেলুৱৈজনে জীৱনৰ প্ৰথমখন [১০০ মিটাৰ দৌৰ] প্ৰতিযোগিতাতে ৰাজ্যিক চেম্পিয়নজনক পৰাভূত কৰি সকলোকে আচৰিত কৰিছিল৷ এই আত্মবিশ্বাসেই সফলতাৰ দুৱাৰ খোলে ছয় ফুট চাৰি ইঞ্চিৰ দৈহিক উচ্ছতাৰ খেলুৱৈজনৰ৷

১৯৯৮ চনৰ ২৫ এপ্ৰিলত জন্মগ্ৰহণ কৰা ল’ৰাজন আন কোনো নহয়, দেশৰ ক্ৰীড়াক্ষেত্ৰৰ নৱতম চাঞ্চল্য অম্লান বৰগোহাঁই৷ ভাৰতীয় সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত দেউতাকে হায়দৰাবাদত এটি বিশেষ চাকৰিত নিযুক্তি লাভ কৰে৷ ফলত অম্লানহঁতৰ পৰিয়ালটো ২০১৪ চনত হায়দৰাবাদলৈ ৰাওনা হয়৷ তাতেই ফুটবলাৰ হিচাপে খেলুৱৈ জীৱন আৰম্ভ কৰি ২০১৫ চনত এথলেটিকছত আত্মপ্ৰকাশ কৰে৷ চাই ৰেড্ডী নামৰ খ্যাতিসম্পন্ন প্ৰশিক্ষকজনৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি অতি কম দিনৰ ভিতৰতে অম্লানৰ অন্তনিৰ্হিত প্ৰতিভা বিকাশ হ’বলৈ ধৰে৷ ইয়াৰ পাছতেই ৰাজ্যিক দলক প্ৰতিনিধিত্বৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত যোগদানৰ সৌভাগ্য অৰ্জন কৰিছিল যদিও বিশেষ সফলতা লাভ কৰা নাছিল৷ ২০১৭-২০১৮ চনৰ সময়ছোৱাতে ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণেৰে পদক জয় কৰিবলৈ সক্ষম হোৱা নাছিল যদিও বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল৷ ক্ৰীড়া বিশেষজ্ঞই অম্লানৰ অন্তনিৰ্হিত প্ৰতিভা সঠিক চিনাক্ত কৰিব পাৰিছিল৷ লগতে বুজি উঠিছিল ভালদৰে ঘঁহিলে-পিটিলে উচ্ছস্তৰৰ প্ৰশিক্ষণ প্ৰদান কৰিলে ল’ৰাজনে এদিন অসম্ভৱ যেন লগা কথাবোৰ সম্ভৱ কৰিবলৈ সক্ষম হ’ব৷ 

ভূৱনেশ্বৰৰ এথলেটিকছ হাই পাৰফৰমেন্স চেণ্টাৰৰ মুখ্য প্ৰশিক্ষক জেমছ হিলিয়াৰে অম্লানৰ জন্মগত প্ৰতিভা সম্পৰ্কে ভালদৰে জ্ঞাত হৈ হাতে-কামে লাগি গ’ল অম্লানৰ অন্তনিৰ্হিত শক্তি জাগ্ৰত কৰিবৰ বাবে৷ ফলত কমদিনৰ ভিতৰতে অম্লান বৰগোহাঁই নামৰ ভৱিষ্যতৰ তাৰকাজনৰ প্ৰতিভা অভাৱনীয় ভাৱে বিকাশ হ’বলৈ ধৰিলে৷ জেমছ হিলিয়াৰ নামৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন  প্ৰশিক্ষকজনৰ অতি উচ্ছস্তৰৰ প্ৰশিক্ষণৰ ফলত দ্ৰুত উন্নতি ঘটিবলৈ ধৰিলে অম্লানৰ দক্ষতা৷ ইয়াৰ পাছতেই ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতা সমূহত পদক প্ৰাপ্তিৰে আহিবলগীয়া দিনবোৰত ইয়াতকৈ অধিক সফলতা অৰ্জনৰ ইংগিত বহন কৰিলে৷ প্ৰথম অৱস্থাত হায়দৰাবাদত ছাই ৰেড্ডীৰ ওচৰত আৰু ইয়াৰ পাছৰ সময়ছোৱাত ২০২০ চনৰ পৰা ভূৱনেশ্বৰত জেমছ হিলিয়াৰৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি চমকপ্ৰদ উন্নতি ঘটা অম্লান বৰগোহাঁয়ে অংশগ্ৰহণ কৰা প্ৰথমখন উচ্ছস্তৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা আছিল ৰাষ্ট্ৰীয় মুকলি এথলেটিছ প্ৰতিযোগিতা৷ ৱাৰাংগলত ২০২১ চনৰ ছেপ্তেম্বৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত অম্লান বৰগোহাঁয়ে ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰ উভয়তে প্ৰথমস্থান হস্তগত কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়৷ ২০০ মিটাৰত ২০.৭৫ আৰু ১০০ মিটাৰত ১০.৩৪ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি চমক সৃষ্টি কৰে৷ এইদৰেই অসম সন্তানৰ দক্ষতা প্ৰদৰ্শন কৰা অম্লানে ইয়াৰ পিছৰ বছৰ অৰ্থাৎ ২০২২ চনত কেৰালাত আয়োজিত ফেডাৰেশ্বন কাপ এথলেটিকছত চমকপ্ৰদ ক্ৰীড়া নৈপুণ্যৰে ২০০ মিটাৰ দৌৰত অভাৱনীয় কৃৰ্তিত্বৰে ২০.৫২ ছেকেণ্ডত সম্পূৰ্ণ কৰি সোণৰ পদক জয় কৰাৰ লগতে নতুন ৰাষ্ট্ৰীয় অভিলেখ ৰচনা কৰে৷ পুৰুষৰ ২০০ মিটাৰ দৌৰৰ পূৰ্বৰ ৰেকৰ্ড আছিল ২০.৬৩ ছেকেণ্ড৷ ৰেকৰ্ডটো কৰিছিল মহম্মদ মানাছ য়হিয়াই ২০১৮ বৰ্ষত৷ ইপিনে একেটা বৰ্ষৰে একেটা মাহতে চেন্নাইত অনুষ্ঠিত আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিছ প্ৰতিযোগিতাত সুদক্ষ এথলীটজনে  ১০০ মিটাৰৰ লগতে ২০০ মিটাৰ দৌৰত সোণৰ পদক দখল কৰি ৰাষ্ট্ৰীয় স্তৰত নিজৰ নাম উজলাই তোলে৷ 

ইয়াৰ পাছতো সফলতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা অম্লানে ১০০ মিটাৰ দৌৰত নতুন ৰাষ্ট্ৰীয় অভিলেখ ৰচনা কৰে ৰায়বেৰেলীত আগষ্ট মাহত অনুষ্ঠিত অল ইণ্ডিয়া আন্তঃ ৰেলৱে’ এথলেটিকছ চেম্পিয়নশ্বিপত৷ প্ৰতিযোগিতাখনত অম্লানে ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰিছিল ১০.২৫ ছেকেণ্ডত৷ আগৰ ৰেকৰ্ডটো আছিল অমিয় কুমাৰ মল্লিকৰ নামত৷ মল্লিকে ২০১৬ চনত ১০.২৬ চেকেণ্ডত ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি ৰেকৰ্ড গঢ়ি থৈছিল৷ 

সম্প্ৰতি আমাৰ দেশৰ দ্ৰুততম মানৱ গৰাকীয়ে ২০২২ চনত গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াটো ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰ উভয়তে স্বৰ্ণ পদক জয় কৰি অনাগত দিনবোৰৰ বৃহৎ বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত সফলতা প্ৰাপ্তিৰ ক্ষেত্ৰত নিশ্চিত প্ৰতিশ্ৰুতি বহন কৰিছে৷ প্ৰতিযোগিতাখনত অম্লানে ১০০ মিটাৰ ১০.৩৮ ছেকেণ্ডত সম্পূৰ্ণ কৰাৰ সমান্তৰালকৈ ২০০ মিটাৰ দৌৰ ২০.৫৫ চেকেণ্ডত সম্পূৰ্ণ কৰি নতুন মীট ৰেকৰ্ড প্ৰতিস্থা কৰে৷ 

ইয়াৰোপৰি চলিত বৰ্ষৰ জুনত ভূৱনেশ্বৰত আয়োজিত আন্তঃৰাজ্যিক এথলেটিকছ চেম্পিয়নশ্বিপতো অসম গৌৰৱ এথলীটজনে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াই ২০০ মিটাৰ দৌৰত গ’ল্ড মেডেল জয় কৰিবলৈ সক্ষম হয়৷ আগন্তুক এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জনকাৰী ইভেণ্টটোত অম্লানে সময় লয় ২০.৭১ ছেকেণ্ড৷ কিন্তু হেংঝ’ এছিয়ান গেমছত ২০০ মিটাৰ দৌৰত যোগ্যতা অৰ্জনৰ সময় নিৰ্ধাৰিত আছিল ২০.৬১ ছেকেণ্ড৷ সেয়েহে নিয়ম অনুসৰি এই প্ৰতিযোগিতাৰ ফলাফলৰ দ্বাৰা প্ৰচুৰ সম্ভাৱনাময় চুটি দৌৰৰ এথলীটজনে হেংঝ’ এছিয়ান গেমছলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হয় যদিও ২০০ মিটাৰ দৌৰত খেলুৱৈজনৰ নামত থকা ২০.৫২ ছেকেণ্ডৰ সময়মানে চমু দূৰত্বৰ পাৰদৰ্শী এথলীটজনৰ সম্ভাৱনা আগন্তুক এছিয়ান গেমছত সজীৱ কৰি ৰাখে৷ 

এইদৰেই সফলতা অৰ্জনেৰে সপোনৰ পম খেদি আগবঢ়া অম্লানে চলিত বৰ্ষৰ আগষ্ট মাহত  চীনৰ চেংডো চহৰত আয়োজিত বিশ্ব ইউনিভাৰ্চিটি গেমছত ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক জয় কৰাৰ লগতে ৰায়বেৰেলীত অনুষ্ঠিত ৰাষ্ট্ৰীয় আন্তঃ ৰেলৱে এথলেটিছ প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰ ১০.২৫ ছেকেণ্ডত সম্পূৰ্ণ কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়াৰ পাৰদৰ্শিতাই আগন্তুক এচিয়ান গেমছ, কমনৱে্‌থ গেমছ, দক্ষিণ এছীয় ক্ৰীড়া আদিত পদক প্ৰাপ্তিৰ নিশ্চিত সম্ভাৱনা জাহিৰ কৰিছে৷


ফোনঃ ৮৬৩৮৩৫১১৭০