‘জৱান’ৰ আচল হিৰো অৰুণ এটলি কুমাৰ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ ছেপ্টেম্বৰঃ অভিযোগ উঠিছে শ্বাহৰুখ খানৰ ‘জৱান’ ছবিখন হেনো তামিল ছবি ‘থাই নাড়ু’ৰ নকল৷ ১৯৮৯ চনত নিৰ্মিত এই ছবিখনত নায়ক সত্যৰাজৰ ভূমিকা শ্বাহৰুখ খানৰ ‘জৱান’ৰ দৰেই আছিল৷ পিছে এই অভিযোগক লৈ চলচ্ছিত্ৰপ্ৰেমীৰ কোনো মূৰৰ বিষ নাই৷ ‘জৱান’ উপভোগ কৰিবলৈ সকলো ছবিঘৰলৈ দৌৰিছে আৰু দৰ্শকৰ এই ‘আতিশয্য’ত আৰম্ভণিতে চমকপ্ৰদ দৌৰ দিয়া ‘গডৰ-২’ থমকি ৰৈছে৷ শনিবাৰলৈকে শ্বাহৰুখ খানৰ ‘জৱানে’ দেশে-বিদেশে ৩০০ কোটি টকাৰ ব্যৱসায় কৰিছে৷ যিকোনো ভাৰতীয় ছবিৰ ক্ষেত্ৰত প্ৰথম তিনিদিনত বক্স অফিচৰ সংগ্ৰহৰ ক্ষেত্ৰত এয়া অভিলেখ৷ পিছে শ্বাহৰুখ খানৰ ‘জৱান’ক ’৯০ৰ দশকৰ তামিল ছবিৰ নকল বুলি অভিযোগ উঠিছে, সেয়া পৰিচালক এটলিৰ ক্ষেত্ৰত নতুন নহয়৷ দক্ষিণৰ তৰুণ পৰিচালকৰ প্ৰকৃত নাম অৰুণ এটলি কুমাৰ, যি এটলি বা এটলি কুমাৰ হিচাপে অধিক পৰিচিত৷ এটলিৰ বিৰুদ্ধে তেওঁৰ ২০১৯ চনৰ প্ৰথম ছবি ‘ৰিগিল’ৰ ক্ষেত্ৰটো কাহিনী চুৰিৰ অভিযোগ উঠিছিল৷ এটলিৰ দ্বিতীয় ছবি ‘থেৰি’ৰ ক্ষেত্ৰটো উঠিছিল একেই অভিযোগ৷ কিন্তু পৰিচালক এটলি কুমাৰৰো এতিয়া সেই অভিযোগক লৈ মুৰ ঘমোৱাৰ সময় নাই৷ প্ৰথমখন হিন্দী ছবি পৰিচালনা কৰিয়েই তেওঁ যি অভূতপূৰ্ব সাফল্য পাইছে, তাকে লৈ ব্যস্ত আছে এটলি৷ এটলি বাণিজ্যিক ছবিৰ হিৰো৷ একেৰাহে চাৰিখনকৈ ছবি মেগাগিট হোৱাৰ পাছত এটলি ‘ব্লকবাষ্টাৰ’ নিৰ্মাতা হিচাপে এতিয়া দেশৰ ছবি উদ্যোগত প্ৰতিষ্ঠিত নাম৷ কোৱা হৈছে ‘জৱান’ৰ সাফল্যৰ মূল হিৰো এটলিহে৷ কিয়নো সাধাৰণ দৰ্শকৰ মনোগ্ৰাহীকৈ ছবি নিৰ্মাণত সিদ্ধহস্ত হোৱাৰ বাবেই এটলিৰ ‘জৱান’ ছবিয়ে এনে অসাধাৰণ সাফল্য লাভ কৰিছে৷ কেৱল শ্বাহৰুখ খানৰ বাবে এই ছবি ছুপাৰ-ডুপাৰ হিট হোৱা নাই৷ চৰ্চা হৈছে, ‘জৱান’ত সাম্প্ৰতিক সময়ৰ মানুহৰ মাজত পুঞ্জীভূত খং, ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটিছে৷ কাহিনী তেওঁৰ বাবে ডাঙৰ নহয়, দেশভক্তিও দেখুৱাব বিছৰা নাই এটলিয়ে৷ দেশজুৰি চলি থকা ‘ছিষ্টেম’ত জনগণ অসন্তুষ্ট আৰু এটলিয়ে বে-আইনীভাৱে সেই ব্যৱস্থা ভাঙি দৰ্শকৰ মনক জগাই তুলিছে ‘জৱান’ত৷ সেয়ে এটলিৰ ছবি ‘মাছ মুভি’ হিচাপে প্ৰতিষ্ঠিত হৈছে৷ দৰ্শকে প্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ জৰিয়তে সমাজৰ সাম্প্ৰতিক ব্যৱস্থা ভঙাৰ আনন্দ লৈছে আৰু তাৰ জৰিয়তে হিৰোত পৰিণত হৈছে এটলি৷ কিয়নো ‘জৱান’ এটলিৰে ‘ব্ৰেইন চাইল্ড’৷