Logo
image

শ্বাহিনে বুমৰাক দিলে বিশেষ উপহাৰ

নতুন দিল্লী, ১২ ছেপ্টেম্বৰঃ ভাৰত-পাকিস্তানৰ মেচ মানেই উত্তেজনা, উৎকণ্ঠা, চাপ৷ পাকিস্তান ভাৰতৰ চিৰন্তন প্ৰতিপক্ষ৷ কিন্তু খেলপথাৰৰ বাহিৰত যে ক্ৰিকেটাৰসকল ইজন-সিজনৰ বন্ধু সেই কথা প্ৰমাণ কৰি দিলে শ্বাহিন শ্বাহ আফ্ৰিদীয়ে৷ অৱশ্যে আগতেও দুই দেশৰ ক্ৰিকেটাৰৰ মাজত বন্ধুত্ব দেখা গৈছে৷ সেই তালিকাত নাম লিখালে শ্বাহিনেও৷ সদ্য পিতৃত্ব অৰ্জন কৰা যশপ্ৰীত বুমৰাৰ হাতত তেওঁ তুলি দিলে বিশেষ উপহাৰ৷ বৰষুণৰ বাবে কলম্বোত দেওবাৰে ভাৰত-পাকিস্তানৰ মাজৰ খেলখন সম্পূৰ্ণ কৰিব পৰা নগ’ল৷ সেইদিনাই নতুনকৈ পিতৃ হোৱা বুমৰাৰ হাতত শ্বাহিনে এক উপহাৰ তুলি দিলে৷ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছে৷ তাতেই দেখা গৈছে বুমৰাক মাতি আনি শ্বাহিনে তেওঁৰ হাতত এটা উপহাৰ তুলি দিয়া৷ পাকিস্তানৰ বেগী বলাৰজনে কৈছে–‘তোমাৰ সন্তানক ঈশ্বৰে আৰ্শীবাদ কৰক৷ আশা কৰোঁ এদিন তেঁৱো বুমৰা হৈ উঠিব৷’ চাৰি ছেপ্টেম্বৰত  বুমৰাৰ পত্নী সঞ্জনা গনেশনে এটা পুত্ৰ সন্তানৰ জন্ম দিয়ে৷ এছিয়া  কাপৰ পাকিস্তানৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ মেচৰ পিছতে সেয়ে স্বদেশলৈ আহিছিল বুমৰা৷ সন্তান জন্মৰ সময়ত পত্নীৰ কাষত থকাৰ পাছত তেওঁ পুনৰ ভাৰতীয় দলত যোগ দিয়েগৈ৷