Logo
image

৪ দিনতে বিশ্বজুৰি ৫০০ কোটি আয়

মুম্বাই, ১২ ছেপ্টেম্বৰঃ পাঠান, গদৰ-২ৰ পাছত এইবাৰ শ্বাহৰুখ খানৰ ‘জোৱান’ চিনেমাই বলীউডক লৈ গ’ল সেই পুৰণি সোণালী দিনবোৰলৈ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত শ্বাহৰুখ খানৰ ‘পাঠান’ চিনেমাই ব্যাপক সফলতা লাভ কৰাৰ পাছত এইবাৰ তেওঁৰ নতুন চিনেমা ‘জোৱান’ৰো জয়যাত্ৰা আৰম্ভ হৈছে৷ ‘পাঠান’ৰ চমকপ্ৰদ সফলতাই সকলোকে অবাক কৰি দিয়াৰ পাছত এইবাৰ জোৱানে মাত্ৰ চাৰি দিনতে ২৮৫ কোটি টকা আয় কৰে ভাৰতত৷ আনহাতে, বিশ্বৰ আন আন দেশত হোৱা আয় মিলাই চিনেমাখনে মাত্ৰ চাৰি দিনতে ৫০০ কোটি আয় কৰিবলৈ সক্ষম হয়৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনেমাখনে এনে ঈৰ্ষণীয় সফলতা লাভ কৰাটোৱে শ্বাহৰুখ খান আৰু তেওঁৰ চিনেমাৰ আন আন অভিনেতা-অভিনেত্ৰীক আনন্দিত কৰি তোলে৷ বৃহস্পতিবাৰে মুক্তি পোৱা জোৱান চিনেমাখনে প্ৰথম দিনাই ভাৰতত অভিলেখ আয় কৰাৰ পাছত চতুৰ্থ দিনা অৰ্থাৎ দেওবাৰে ৮০ কোটি টকা আয় কৰে৷ এয়া হৈছে অভিলেখ৷ প্ৰথমবাৰলৈ কোনো বলীউড চিনেমাই এদিনতে ৮০-৮২ কোটি টকা আয় কৰে৷ কেৱল হিন্দী সংস্কৰণতে চিনেমাখনে ৭০ কোটিৰো অধিক আয় কৰে৷