Logo
image

হালৱা বনাম বাজেট

আমাৰ অসম, ২ ফেব্ৰুৱাৰীঃ উৎসৱৰ কত যে নাম! কিমান ধৰণৰ যে উৎসৱ আছে! ধৰ্মীয় আৰু সামাজিক উৎসৱসমূহৰ বাহিৰেও বিভিন্ন বিষয়ক উৎসৱ উদ্‌যাপন কৰা হয় পৃথিৱীৰ বিভিন্ন ঠাইত৷ ক’ৰবাত বিলাহী উৎসৱ, ক’ৰবাত আম উৎসৱ, ক’ৰবাত কঁঠাল উৎসৱ, আৰু ক’ৰবাত কণী উৎসৱ৷ অসমতো বিভিন্ন প্ৰকাৰৰ উৎসৱ উদ্‌যাপন কৰা হয়৷ ভাৰতৰ আন আন ৰাজ্যতো উদ্‌যাপন কৰা হয়৷ আজি আমি ক’বলৈ লোৱা উৎসৱটো এটা ব্যতিক্ৰম উৎসৱ৷ ইয়াৰ সৈতে ধৰ্ম, সাহিত্য, কৃষি বা সংস্কৃতিৰ কোনো সম্পৰ্ক নাই৷ উৎসৱটোৰ নাম ‘হালৱা মহোৎসৱ’৷ আশ্চৰ্যজনকভাৱে উৎসৱটোৰ সৈতে সম্পৰ্ক আছে কেন্দ্ৰীয় বাজেটৰ৷ প্ৰতিবছৰে কেন্দ্ৰীয় বাজেট প্ৰস্তুত কৰিবৰ বাবে উদ্‌যাপন কৰা হয় হালৱা মহোৎসৱ৷ অৰ্থাৎ সংসদত বাজেট দাখিল কৰাৰ পূৰ্বে বা বাজেট চূড়ান্ত হোৱাৰ পূৰ্বে বেছ কিছুদিন কেন্দ্ৰীয় চৰকাৰৰ, বিশেষকৈ গৃহ আৰু বিত্ত মন্ত্ৰণালয়ৰ বহু বিষয়া-কৰ্মচাৰী একেলগে একে ঠাইতে থাকে৷ সেই সময়ত তেওঁলোকে কেন্দ্ৰীয় বাজেটৰ কাম কৰে৷ বাজেটৰ কোনো কথা যাতে বাহিৰলৈ যাব নোৱাৰে, তাৰ বাবে বিশেষ সাৱধানতা অৱলম্বন কৰা হয়৷ কাম কৰি থকাৰ মাজে মাজে সকলোকে হালৱা খাবলৈ দিয়া হয়৷ হয়তো সেইবাবেই উৎসৱটো হালৱা উৎসৱৰূপে জনাজাত৷ নৰ্থ ব্লকৰ মূল ভৱনৰ তলত থকা অংশত ১০ৰ পৰা ২০ দিনপৰ্যন্ত উদ্‌যাপন কৰা হয় হালৱা মহোৎসৱ৷ এইবাৰো কেন্দ্ৰীয় বাজেটৰ পূৰ্বে ২০ জানুৱাৰীৰ পৰা নৰ্থ ব্লকত অনুষ্ঠিত হৈছিল হালৱা মহোৎসৱ৷ এইবাৰো এই মহোৎসৱত চূড়ান্ত হোৱা কেন্দ্ৰীয় বাজেট ১ ফেব্ৰুৱাৰীত সংসদত উত্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে৷ এই হালৱা মহোৎসৱক কেন্দ্ৰীয় বাজেট অধ্যায়ৰ আৰম্ভণি বুলি ধৰা হয়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ উপৰি গৃহ আৰু বিত্ত মন্ত্ৰণালয়ৰ প্ৰায় সকলো বিষয়া-কৰ্মচাৰীয়ে ইয়াত অংশগ্ৰহণ কৰে৷ প্ৰয়োজন সাপেক্ষে প্ৰধানমন্ত্ৰীও যায়৷ বাজেট প্ৰস্তুত প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকলক এক বিশেষ প্ৰক্ৰিয়াৰে থাকিবলৈ দিয়া হয়৷ এই সময়ছোৱাত বহিঃজগতৰ সৈতে তেওঁলোকৰ যোগাযোগ প্ৰায় বিচ্ছিন্ন কৰি ৰখা হয়৷ নিৰ্দিষ্ট সময়ত পৰিয়ালৰ সৈতে কথা পাতিবলৈ দিয়া হয় যদিও কোনে কি কথা পাতিছে তাৰ ওপৰত চকু ৰখা হয়৷ মোবাইল ইত্যাদি ব্যৱহাৰৰ ক্ষেত্ৰতো আৰোপ কৰা হয় কঠোৰ নীতি-নিয়ম৷ ব্ৰেকফাষ্টৰ পৰা লাঞ্চলৈ, লাঞ্চৰ পৰা টিফিনলৈ, টিফিনৰ পৰা ডিনাৰলৈ– সকলো তাতেই কৰা হয়৷ মাজে মাজে দিয়া হয় চাহ আৰু কফি৷ লগত সুস্বাদু হালৱা...৷