Logo
image

ক’ভিড-উত্তৰ বাজেটত স্বাস্থ্য, আন্তঃগাঁথনিত গুৰুত্ব

  • বজাৰত উল্লাস, ছেনছেক্স-নিফ্‌টিৰ অভিলেখ বৃদ্ধি 
  • ভেক্‌চিনৰ বাবে ৩৫ হাজাৰ কোটি টকা

আমাৰ অসম, ২ ফেব্ৰুৱাৰীঃ ক’ভিড-উত্তৰ পৰিস্থিতিৰ প্ৰথম বাজেট, সন্মুখত কৃষকৰ তীব্ৰ প্ৰতিবাদৰ জ্বলন্ত সমস্যা আৰু কমেও ৫খন ৰাজ্যত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বিষয় ১০০ শতাংশই বিবেচনাত ৰাখি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা এই দশকৰ প্ৰথমখন কেন্দ্ৰীয় বাজেটত সেয়ে স্বাস্থ্য, কৃষকৰ কল্যাণ আৰু নিৰ্বাচনী পেকেজৰ  প্ৰতিফলন ঘটিল৷ অৱশ্যে সমান্তৰালভাৱে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰথমবাৰৰ বাবে কাগজ-কলমৰ হিচাপ পৰিত্যাগ কৰি এটা ভাৰতত নিৰ্মিত টেবলেটেৰে ডিজিটেল পদ্ধতিত দাখিল কৰা বাজেটত আন্তঃগাঁথনি উন্নয়নৰো প্ৰতিশ্ৰুতি আছে৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট বক্তৃতাত দাবী কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ পূৰ্ণকালীন নৱমখন বাজেটত মূলতঃ ৬টা স্তম্ভ আছে৷ সেয়া হৈছে– ১] স্বাস্থ্য আৰু সু-স্বাস্থ্য¸ ৰক্ষা, ২] আন্তঃগাঁথনি উন্নয়নৰ বাবে অৰ্থৰ যোগান, ৩] ন-উদ্যোগীৰ বাবে অন্তৰ্ভুক্তিমূলক বিকাশ, ৪] মানৱ সম্পদৰ পুনৰ শ্ৰীবৃদ্ধি, ৫] উদ্ভাৱন আৰু গৱেষণাৰ প্ৰতি পুৰস্কাৰৰ লক্ষ্য আৰু ৬] ন্যূনতম চৰকাৰী নীতিৰ বিপৰীতে সৰ্বোচ্ছ সুশাসন৷

বাজেট দাখিল কৰি এই  ৬টা স্তম্ভক ২০২১-২২ বিত্তীয়বৰ্ষৰ বাজেটৰ মূল লক্ষ্য বুলি মন্তব্য কৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দুমাহৰ পাছতে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৪খন ৰাজ্য ক্ৰমে তামিলনাডু, কেৰালা, পশ্চিমবংগ আৰু অসমৰ বাবে ২.২৭ লাখ কোটি টকাৰ ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ পেকেজ বিশেষভাৱে আগবঢ়াইছে৷ একেদৰে বিলগ্নীকৰণ অৰ্থাৎ চৰকাৰী সম্পদ বিক্ৰী কৰি চলিত বিত্তীয় বৰ্ষত মোদী চৰকাৰে ১.৭৫ লাখ কোটি টকা উপাৰ্জন কৰাৰ লক্ষ্যও নিৰ্মলা সীতাৰমণৰ বাজেটত আছে৷ পিছে এই দুটা অতি গুৰুত্বপূৰ্ণ বিষয়ক বিত্তমন্ত্ৰী সীতাৰমণে তেওঁৰ বাজেটৰ ৬টা স্তম্ভৰ অন্যতম বুলি উল্লেখ কৰাৰ সাহস কৰা নাই৷

২০২১-২২ বৰ্ষৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুঠতে ৩৪.৫০ লাখ কোটি টকা ব্যয় কৰিব৷ ইয়াৰে ৪.৩৯ লাখ কোটি টকা হ’ব মূলধনী ব্যয়৷ বিগত বিত্তীয় বৰ্ষৰ বাজেট ব্যয় আছিল ৩০.৪২ লাখ কোটি টকাৰ৷ কিন্তু ক’ভিডৰ প্ৰতিকূল পৰিস্থিতিত চৰকাৰে নতুনকৈ গ্ৰহণ কৰা সকলোবোৰ উন্নয়নমূলক আঁচনি আৰু কাম-কাজ বন্ধ কৰা বুলি ঘোষণা কৰিবলৈ বাধ্য হৈছিল৷ এইবাৰ বাজেটত যিমান পৰিমাণৰ লক্ষ্য লোৱা হৈছে, সেই পৰিমাণৰ ধন চৰকাৰে বছৰটোৰ ভিতৰত আয় কৰিব নোৱাৰিব৷ ফলত চৰকাৰৰ ৰাজকোষত ঘাটি হ’ব দেশৰ মুঠ ঘৰুৱা উৎপাদন বা ডিজিপিৰ ৯.৫ শতাংশ পৰিমাণৰ অৰ্থ৷

ক’ভিড অতিমাৰীয়ে নৰেন্দ্ৰ মোদী চৰকাৰক আৰ্থিকভাৱে কোঙা কৰি পেলাইছিল৷ তেনে পৰিস্থিতিৰ কথা অনুধাৱন কৰিয়েই এইবাৰ বিগত বৰ্ষৰ তুলনাত স্বাস্থ্য শিতানত ১৩৭ শতাংশ ধন বৃদ্ধি কৰি মুঠতে ২,২৩,৮৪৬ কোটি টকা ব্যয়ৰ পৰিকল্পনা কৰিছে৷ ইয়াৰে ৩৫,০০০ কোটি টকা প্ৰতিষেধকৰ বাবে ব্যৱহাৰ কৰা হ’ব৷ বিগত বিত্তীয় বৰ্ষত স্বাস্থ্য শিতানত আৱণ্টন কৰা হৈছিল ৯৪,৪৫২ কোটি টকা৷ স্বাস্থ্য শিতানত এইবাৰৰ বাজেটত প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বস্থ ভাৰত যোজনাৰ অধীনত ছবছৰৰ বাবে ৬৪,১৮০ কোটি আৱণ্টন কৰা হৈছে৷ ইয়াৰ উপৰি দেশত চাৰিখন আঞ্চলিক ৰাষ্ট্ৰীয় ভাইৰ’লজী প্ৰতিষ্ঠান স্থাপন কৰা হ’ব৷ স্বাস্থ্য শিতানতে পেয় জলৰ বাবে ২,৮৭,০০০ কোটি টকা জল জীৱন অভিযানত, ২.৮৬ কোটি টকা খোৱাপানী সংযোগৰ বাবে ব্যয় কৰা হ’ব৷

আন্তঃগাঁথনি উন্নয়নত চৰকাৰে এন আই পিৰ অধীনত মুঠতে ৭,৪০০ প্ৰকল্প হাতত লৈছে৷ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ৫ লাখ কোটি টকা অহা তিনি বছৰত ব্যয় কৰা হ’ব৷ ২ লাখ কোটি টকা ৰাজ্যসমূহৰ স্বায়ত্তশাসিত পৰিষদৰ বাবে ব্যয় কৰা হ’ব৷ পথ নিৰ্মাণৰ ক্ষেত্ৰত আৱণ্টন কৰা হৈছে ১,১৮,১০১ কোটি টকা৷ ভাৰতমালা পৰিযোজনাৰ অধীনত ৫.৩৫ কোটি টকাৰে ১৩ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব৷ ইয়াৰে ইকন’মিক কৰিডৰ হিচাপে তামিলনাডুক ১.০৩ লাখ কোটি,  কেৰালাক ৬৫ হাজাৰ কোটি, অসমক ৩৪ হাজাৰ কোটি আৰু পশ্চিমবংগক ২৫ হাজাৰ কোটি টকা আৱণ্টন দিয়া হ’ব৷ বিধানসভাৰ নিৰ্বাচন পৰৱৰ্তী দুমাহৰ ভিতৰত হ’বলগীয়া এই চাৰিখন ৰাজ্যৰ বাহিৰে দেশৰ কোনো ৰাজ্যকে বাজেটত ইকন’মিক কৰিডৰ উপহাৰ দিয়া হোৱা নাই৷ 

ইপিনে বিভিন্ন ধৰণৰ কৰ আৰোপ কৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আয়কৰৰ গাঁথনি পূৰ্বৰ দৰে একেই ৰাখিছে৷ আয়কৰৰ ক্ষেত্ৰত এটা জনদৰদী সিদ্ধান্ত লৈ ৭৫ বছৰৰ অধিক বয়সৰ নাগৰিকৰ ক্ষেত্ৰত আয়কৰ অহা বিত্তীয় বৰ্ষৰ পৰা শূন্য কৰিছে৷ এতিয়াৰ পৰা ৭৫ বছৰৰ অধিক বয়সৰ নাগৰিকে আয়কৰ ৰিটাৰ্ণ জমা কৰিব নালাগে৷

ৰে’ল বিভাগৰ বাবে আৱণ্টন কৰা হৈছে ১,১০,০০৫ কোটি টকা৷ ইয়াৰে ১,০৭,১০০ কোটি টকা হ’ব চৰকাৰৰ মূলধনী ব্যয়৷ ব্ৰডগজ ৰে’লপথ সমূহত ২০২৩ চনৰ ভিতৰত পূৰ্ণ শতাংশ বৈদ্যুতিকীকৰণৰ সিদ্ধান্ত লোৱা হৈছে৷ পৰৱৰ্তী বছৰটোত পূৰ্ব নিৰ্দ্ধাৰিত ৪৬,০০০ কিলোমিটাৰ ৰে’লপথৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব৷

মোদী চৰকাৰৰ এম এছ এম ই অৰ্থাৎ ক্ষুদ্ৰ, মজলীয়া আৰু লঘু উদ্যোগ তথা ষ্টাৰ্টআপ শিতানত ১৫,৭০০ কোটি টকা আৱণ্টন কৰিছে বিত্তমন্ত্ৰী সীতাৰমণে৷ তাৎপৰ্যপূৰ্ণভাৱে এম এছ এম ইৰ অন্তৰ্গত লঘু উদ্যোগৰ সংজ্ঞা বাজেটৰ পূৰ্বেই সলনি কৰে বিত্তমন্ত্ৰীয়ে৷ সেই অনুসৰি পূৰ্বে ৫০ লাখ টকা পৰ্যন্ত লেনদেন হোৱা উদ্যোগক লঘু উদ্যোগৰ শাৰীত ৰখা হৈছিল৷ এতিয়া সেই সীমা বাৰ্ষিক লেনদেন ২ কোটি টকালৈকে বৃদ্ধি কৰি বৃহৎ কোম্পানীকো সাঙুৰি লোৱা হৈছে৷ অৰ্থাৎ লঘু উদ্যোগৰ নামত আৰ্থিক সাহায্য লাভ কৰিব মাথো কিছুদিনৰ আগলৈকে মজলীয়া উদ্যোগ হিচাপে স্বীকৃত উদ্যোগৰ গৰাকী উদ্যোগপতিয়ে৷

শিক্ষা খণ্ডত নতুন বাজেটত  ১০০ খন নতুন সৈনিক স্কুল আৰু জনজাতি অধ্যুষিত এলেকাত ৭৫০ খন স্কুল স্থাপন কৰা হ’ব৷ অৱশ্যে সৈনিক স্কুল এতিয়াৰ পৰা সামৰিক বাহিনীৰ অৰ্থাৎ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনস্থ হৈ নাথাকিব৷ বেচৰকাৰী কোম্পানীৰ সৈতে যুটীয়াভাৱে পৰিচালিত হ’ব সৈনিক স্কুল৷ 

শক্তি খণ্ডত ৩,০৫,৯৮৪ কোটি টকা পাঁচ বছৰত ব্যয় কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে৷ ইপিনে বন্দৰ উন্নয়নৰ বাবে সাতটা প্ৰকল্পৰ ক্ষেত্ৰত ২,০০০ কোটি টকা আৱণ্টন কৰা হৈছে৷ 

কৃষিখণ্ডত ঘেঁহু খেতি কৰা কৃষকৰ বাবে ৭৫ হাজাৰ কোটি টকা আৱণ্টন কৰা হৈছে৷ তদুপৰি চৰকাৰে এগ্ৰি ক্ৰেডিট আঁচনিৰ অধীনত ১৬.৫ লাখ কোটি টকা কৃষকক ঋণ দিব৷ কৃষিৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আৱণ্টন কৰা হৈছে ৪০ হাজাৰ কোটি টকা৷

আগন্তুক বিত্তীয় বৰ্ষত মোদী চৰকাৰে চৰকাৰী সম্পদ বিক্ৰী কৰি ১,৭৫,০০০ কোটি টকা উপাৰ্জন কৰিব৷ এই টকাৰে ৰাজহ ঘাটি পূৰণৰ লক্ষ্য লৈছে সীতাৰমণে৷ তেওঁ জনোৱা অনুসৰি এইবাৰ এয়াৰ ইণ্ডিয়া, বি পি চি এল, শ্বিপিং কৰ্প’ৰেচন অৱ ইণ্ডিয়া, কণ্টেইনাৰ কৰ্প’ৰেচন অব ইণ্ডিয়া, আই ডি বি আই বেংক, পৱনহংস, নীলাচল ইস্পাত নিগম লিমিটেড ইত্যাদি বিক্ৰী কৰিব৷ এই বিত্তীয় বৰ্ষতে মোদী চৰকাৰে এটা ৰাষ্ট্ৰীয়কৃত বেংক আৰু এটা চৰকাৰী সাধাৰণ বীমা কোম্পানী বেচৰকাৰী উদ্যোগপতিৰ ওচৰত বিক্ৰী কৰিব৷ 

নিৰ্মলা সীতাৰমণৰ বাজেটৰ প্ৰতি উৎসাহিত হৈছে দেশৰ শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰী৷ বাজেট ঘোষণা চলি থকা সময়ৰ পৰা ক্ৰমাৎ ঊধবৰ্মুখী হোৱা বি এছ ই ছেনছেক্স ২৩১৪ পইণ্ট বৃদ্ধি পায়৷ একেলগে এন এছ ইৰ নিফটিও ঊধবৰ্মুখী হয়৷ সামগ্ৰিকভাৱে আজি ভাৰতীয় শ্বেয়াৰ বজাৰে অভিলেখসংখ্যক উত্থান ঘটে৷ স্বাভাৱিকতে এয়া নিৰ্মলা সীতাৰমণৰ বাজেটৰ প্ৰতি মূলধনী বজাৰৰ বিনিয়োগকাৰীৰ ইতিবাচক প্ৰতিক্ৰিয়া৷