Logo
image

ৰক্তাক্ত ইতিহাসৰ পুনৰাবৃত্তি

সোমবাৰ, অৰ্থাৎ১ ফেব্ৰুৱাৰী, ২০২১ তাৰিখৰ দোক্‌মোকালিতে আমাৰ প্ৰতিৱেশী দেশ ম্যানমাৰত পুনৰ এক সামৰিক অভ্যুত্থান সংঘটিত হ’ল৷ এই অভ্যুত্থানৰ জৰিয়তে দেশখনৰ গণতান্ত্ৰিক চৰকাৰৰ নেত্ৰী আং চান ছ্যু কী আৰু ৰাষ্ট্ৰপতি উইন ম্যীনটক গৃহবন্দী কৰি দেশখনৰ সামৰিকপ্ৰধান মিং আং লিয়াঙে [Ming Aung Hliang]  দেশ শাসনৰ ক্ষমতা হস্তগত কৰে৷ তাৰ উপৰিও এবছৰৰ বাবে দেশখনত জৰুৰী শাসন প্ৰৱত্তৰ্ন কৰা হৈছে৷ ২০২০ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হৈ যোৱা সাধাৰণ নিৰ্বাচনৰ পাছৰে পৰা ম্যানমাৰত নিৰ্বাচিত চৰকাৰ আৰু সামৰিক শক্তিৰ মাজত সংঘাত আৰু উত্তেজনা আৰম্ভ হৈছিল৷ ২০১৫ চনৰ নিৰ্বাচনত বিপুল জয় সাব্যস্ত কৰা আং চান ছ্যু কী নেতৃত্বাধীন নেশ্বনেল লীগ অৱ ডেম’ক্ৰেচী দলে ২০২০ চনৰ নিৰ্বাচনতো সংসদৰ মুঠ আসনৰ ৮৩ শতাংশ আসন লাভ কৰিবলৈ সক্ষম হয়৷ সামৰিক বাহিনীয়ে এই নিৰ্বাচনত বিপুল অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি আহিছিল৷ সেয়েহে নৱনিৰ্বাচিত সংসদৰ অধিৱেশন আৰম্ভ হ’বলগীয়া দিনটোতেই, অৰ্থাৎ এক ফেব্ৰুৱাৰীত অভ্যুত্থান সংঘটিত কৰি দেশ শাসনৰ  ক্ষমতা সামৰিক বাহিনীয়ে হস্তগত কৰে৷ প্ৰায় পাঁচটাদশক সামৰিক শাসনৰ অধীনত থকাৰ পাছত ২০১৫ চনত অনুষ্ঠিত গণতান্ত্ৰিক নিৰ্বাচনৰ জৰিয়তে দেশখনত সাংবিধানিক চৰকাৰ প্ৰতিষ্ঠা কৰা হৈছিল৷ কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সংসদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছতো সংসদৰ ২৫ শতাংশ শাসন সামৰিক বাহিনীৰ বাবে সংৰক্ষিত৷ সামৰিক বাহিনীৰ নেতৃত্বত প্ৰণীত সংবিধান অনুসাৰে আং চান ছ্যু কীৰ সন্তানৰ বিদেশী নাগৰিকত্ব থকা হেতুকে তেওঁক দেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পৰা বাৰণ কৰা হয়৷ অন্যহাতে সামৰিক বাহিনীয়ে তিনিটা অত্যন্ত গুৰুত্বপূৰ্ণ দপ্তৰ ক্ৰমে প্ৰতিৰক্ষা, আভ্যন্তৰীণ নিৰাপত্তা আৰু সীমান্তসুৰক্ষা নিজৰ হাতত ৰাখে৷ তাৰ উপৰিও দেশখনৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি হ’লে সামৰিক বাহিনীয়ে নিৰ্বাচিত চৰকাৰ বৰ্খাস্ত কৰি ক্ষমতা নিজৰ হাতলৈ অনাৰ ব্যবস্থাও সংবিধানত সন্নিবিষ্ট কৰা হয়৷ ২০২০ চনৰ সাধাৰণ নিৰ্বাচনত অনিয়ম কৰা বুলি তোলা অভিযোগক দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি প্ৰত্যাহ্বান বুলি ঘোষণা কৰি সামৰিক বাহিনীয়ে যোৱা এক ফেব্ৰুৱাৰীত ক্ষমতা হস্তগত কৰিলে৷ দেশৰ নিৰ্বাচনী আয়োগে সামৰিক বাহিনীয়ে ২০২০ চনৰ নৱেম্বৰৰ সাধাৰণ নিৰ্বাচনৰ বিৰুদ্ধে তোলা অভিযোগ অস্বীকাৰ কৰি আহিছিল ৷ কিন্তু সামৰিক বাহিনীয়ে নিৰ্বাচন আয়োগৰ কথালৈ কাণসাৰ নিদি স্ব-বিচাৰেৰে এই নিৰ্বাচন অবৈধ বুলি ঘোষণা কৰিলে৷

প্ৰায় দুটা দশক ধৰি কাৰাবন্দী হৈও গণতন্ত্ৰৰ হকে সংগ্ৰাম কৰি শেষত ২০১৫ চনত ম্যানমাৰত গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা শান্তিৰ নোবেল বঁটা বিজেতা আৰু নেশ্বনেল লীগ অৱ ডেম’ক্ৰেচীৰ নেতা আং চান ছু্য কীৰ বাবে ৰক্তাক্ত ইতিহাসৰ দেশ ম্যানমাৰৰ শাসন পৰিচালনা কৰাটো মুঠেই সহজ কথা নাছিল৷ যদিওবা তেওঁকেই দেশখনৰ শাসন পৰিচালনাৰ অঘোষিত মুৰব্বী বুলি মানি লোৱা হৈছিল তথাপিও সামৰিক বাহিনীৰ প্ৰচুৰ আধিপত্য থকা বাবে তেওঁ স্বাধীনভাৱে শাসন পৰিচালনা কৰিব পৰা নাছিল৷ ম্যানমাৰত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় দেশসমূহে সুদীৰ্ঘকাল ম্যানমাৰৰ সামৰিক বাহিনীৰ ওপৰত হেঁচা দি আহিছিল৷ সেয়েহে ২০১৫ চনত আং চান ছ্যু কীৰ দল নেশ্বনেল লীগ অৱ ডেম’ক্ৰেচী শাসনত অধিষ্ঠিত হোৱাত এই দেশসমূহে কৃতিত্ব দাবী কৰিছিল৷ কিন্তু ২০১৭ চনত ৰাইন প্ৰদেশত ৰহিংগীয়া মুছলমানৰ বিৰুদ্ধে হোৱা সামৰিক অভিযানৰ পৰিপ্ৰেক্ষিতত আং চান ছু্য কী এই দেশসমূহৰ ৰোষত পৰিছিল৷ সামৰিক শাসনকালত ম্যানমাৰৰ সংখ্যালঘু নৃগোষ্ঠীসমূহ অবৰ্ণনীয় উৎপীড়নৰ সমুখীন হৈছিল৷ ১৯৪৮ চনত স্বাধীনতা লাভ কৰা তেতিয়াৰ বাৰ্মাই দেশৰ স্বাধীনতা সংগ্ৰামৰ মূল নেতা আং চান ছ্যু কীৰ পিতৃ জেনেৰেল আং চানৰ নেতৃত্বত সৰু-বৰ সকলো নৃগোষ্ঠীকে সাঙুৰি এক বিকেন্দ্ৰিকৃত শাসনব্যৱস্থা প্ৰৱত্তৰ্নৰ বাবে কছৰৎ আৰম্ভ কৰিছিল৷ কিন্তু ১৯৪৮ চনতেই জেনেৰেল আং চানক হত্যা কৰা হ’ল৷ সেই সময়ত আং চান ছু্য কীৰ বয়স আছিল মাত্ৰ দুবছৰ৷ সামৰিক শাসনৰ অধীনত সংখ্যালঘু নৃগোষ্ঠীসমূহৰ ওপৰত কেনে উৎপীড়ন চলিছিল সেই কথা নেদেখিলে বা নুশুনিলে বিশ্বাস কৰিব নোৱাৰি৷ এনে ঘটনাও ঘটিছিল যে, ককাকৰ বুকুত বন্দুক থৈ সামৰিক বাহিনীৰ লোকে তেওঁৰ সমুখতে নাতিয়েকক ধৰ্ষণ কৰিছিল৷ বাধ্য হৈ এই নৃগোষ্ঠীৰ লোক প্ৰতিৱেশী দেশ থাইলেণ্ড বা অন্য দেশলৈ পলায়ন কৰিছিল৷ ম্যানমাৰৰ সীমান্তত থকা থাইলেণ্ডৰ মে’চটত এনে হাজাৰ হাজাৰ শৰণাৰ্থী দশকৰ পাছত দশক ধৰি বাস কৰি আহিছে৷ ক্ষমতাত অধিষ্ঠিত হৈয়েই আং চান ছু্য কীয়ে দেউতাকৰ আধৰুৱা সপোন বাস্তবায়িত কৰাৰ লক্ষ্য বান্ধি লৈছিল আৰু সেই কথা ৰাজহুৱাকৈ ঘোষণা কৰিছিল৷ কিন্তু সামৰিক বাহিনীৰ হেঁচাত তেওঁৰ সেই সপোনো আধৰুৱা হৈ ৰ’ল৷ এফালে ৰহিংগীয়া মুছলমানৰ ওপৰত সামৰিক উৎপীড়ন আৰু অন্যহাতে সংখ্যালঘু নৃগোষ্ঠীৰ সৈতে ৰাজনৈতিক মিত্ৰতা গঢ়ি তোলাত হোৱা ব্যৰ্থতা- এই দুয়োটা কাৰণতে আং চান ছ্যু কীৰ আন্তৰ্জাতিক জনপ্ৰিয়তাও হ্ৰাস পাবলৈ ধৰিলে৷ আৰু তেনে সময়তেই দেশখনত পুনৰ সামৰিক অভ্যুত্থান সংঘটিত হ’ল৷ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আচলতে এক ফেব্ৰুৱাৰী তাৰিখৰ সামৰিক অভ্যুত্থানৰ মূল কাৰণ কি ? আন্তৰ্জাতিক ৰাজনৈতিক বিশ্লেষকসকলে আংঙুলিয়াই দিছে যে, ইয়াৰ সৈতে প্ৰাক্তন সামৰিকপ্ৰধানসকলৰ অৰ্থনৈতিক স্বাৰ্থ নিহিত আছে ৷ দেশখনৰ অৰ্থনীতিৰ ওপৰত এওঁলোকৰ যথেষ্ট কতৃৰ্ত্ত্ব আছে ৷ বিপুল সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ অহা আং চান ছু্য কীৰ দলে তেওঁলোকৰ এই স্বাৰ্থত বিঘিনি ঘটাব বুলি সামৰিক শক্তি শংকিত হৈ পৰিছে৷ অন্যহাতে বত্তৰ্মানৰ সামৰিকপ্ৰধান মিং আং লিয়াঙৰ কাৰ্যকাল অনতিপলমে শেষ হ’ব৷ গতিকে দেশ শাসনৰ কতৃৰ্ত্ত্ব নিজৰ হাতত ৰখাৰ বাবেই লিয়াঙৰ নেতৃত্বত এই অভ্যুত্থান হোৱা বুলিও বিশ্লেষকসকলে আঙুলিয়াই দিছে৷ এই অভ্যুত্থানৰ প্ৰতি আন্তৰ্জাতিক মহলৰ প্ৰতিক্ৰিয়াও অত্যন্ত লক্ষণীয়৷ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু ইউৰোপীয় দেশসমূহে সামৰিক অভ্যুত্থানক গৰিহণা দিয়াৰ লগতে তৎকালে আং চান ছু্য কীক মুকলি কৰি দি গণতান্ত্ৰিক চৰকাৰৰ হাতত ক্ষমতা গতাই দিয়াৰ দাবী তুলিছে৷ আন্তৰ্জাতিক মহলে অতি গভীৰভাৱে লক্ষ্য কৰিছে চীনৰ প্ৰতিক্ৰিয়ালৈ৷ কাৰণ ম্যানমাৰৰ অৰ্থনীতিৰ ওপৰত চীনৰ অবাধ নিয়ন্ত্ৰণ৷ চীনে অতি সংক্ষিপ্তভাৱে দেশখনত স্থিৰতা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে৷ কিন্তু ম্যানমাৰৰ সাধাৰণ নাগৰিকৰ প্ৰত্যাশা হ’ল দেশৰ গণতন্ত্ৰ, সকলো জনগোষ্ঠী আৰু সাধাৰণ জনতাৰ দৈনন্দিন নিৰাপত্তা ৷ ৭৫ বছৰত ভৰি দিয়া আং চান ছু্য কীৰ নেতৃত্বতে এই প্ৰক্ৰিয়াৰ সূত্ৰপাত হৈছিল৷ দেশখন দীৰ্ঘকালৰ বাবে সামৰিক বাহিনীৰ হাতত থাকিলে ম্যানমাৰৰ ইতিহাস পুনৰ অধিক ৰক্তাক্ত হৈ উঠিব৷