Logo
image

অস্কাৰত ভাৰতৰ প্ৰতিনিধি ‘২০১৮ঃ এভ্‌ৰীৱান ইজ এ হিৰো’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৮ ছেপ্টেম্বৰঃ ‘২০১৮ঃ এভ্‌ৰীৱান ইজ এ হিৰো’ নামৰ মালয়ালম ছবিখনে ২০২৪ চনৰ অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিব৷ ফিল্ম ফেডাৰেশ্বন অব ইণ্ডিয়াই বুধবাৰে এই ঘোষণা কৰিছে৷ নিৰ্বাচনী কমিটীৰ অধ্যক্ষ তথা ছবি পৰিচালক গিৰিশ কাছাৰাভালিয়ে এখন সংবাদ মেলত এই বিষয়ে ঘোষণা কৰে৷ এফ এফ আইৰ অধ্যক্ষ ৰবি কোটাৰাকাৰাই কয় যে, নিৰ্বাচনী  কমিটীৰ ১৬ জন সদস্যই এই ছবিখন চাইছে৷ জুড এন্থনী যোছেফৰ ছবিখন অকাডেমী বঁটাত প্ৰতিনিধিত্বৰ বাবে প্ৰেৰণ কৰাৰ পূৰ্বে দ্য কেৰালা ষ্টৰী, ৰকি অউৰ ৰাণী কি প্ৰেম কহানী, মিছেছ চেটাৰ্জী বনাম নৰৱেকে ধৰি মুঠতে ২২ খন ছবি বিবেচনালৈ আহিছিল৷ টভিন’ থমাছ, কুন্সাকো ব’বান, টনভি ৰাম, অপৰ্ণা বালামুৰালি অভিনীত ‘২০১৮...’  ছবিখন ২০১৮ চনৰ কেৰালাৰ বিভীষিকাময় বানপানীৰ পটভূীমত নিৰ্মিত৷ মূলতঃ ছবিখনে জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহতা প্ৰদৰ্শন কৰিছে৷