Logo
image

চাৰিটা পদকেৰে এছিয়াডৰ চাঞ্চল্য ভাৰতৰ ঈশা সিং

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ ছেপ্টেম্বৰঃ ‘বুলছ আই’ তেওঁৰ বাবে অতি পছন্দৰ লক্ষ্য৷ বাৰম্বাৰ ‘বুলছ আই’ত হাতৰ পিস্তলত থকা গুলীৰে বিদ্ধ কৰাটো তেওঁৰ বাবে ততোধিক পছন্দৰ কাম৷ ত্ৰয়োদশী হৈ থাকোতেই মানু ভাকেৰ, হিনা সিদ্ধুক উপৰ্যুপৰি পৰাজিত কৰি নিজৰ ‘টাৰ্গেট’ৰ পৰা বিচলিত নোহোৱাৰ মনোভাৱ প্ৰদৰ্শন কৰিছিল ঈশা সিঙে৷ এতিয়া ঈশা অষ্টাদশী৷ ‘বুলছ আই’ত হাতৰ পিস্তলৰ গুলীৰে ‘টাৰ্গেট’ত বিদ্ধ কৰাটো এতিয়া অষ্টাদশী ঈশাৰ বাবে অভ্যাসত পৰিণত হৈছে৷ তাকেই হাংঝৌ এছিয়ান গেমছত প্ৰমাণ কৰি ভাৰতৰ অষ্টাদশী ঈষা সিঙে এতিয়ালৈ চাৰিটা পদক অৰ্জন কৰিছে৷ শ্বুটাৰ ঈশা সিঙে কেৱল ব্যক্তিগতভাৱেই সংগ্ৰহ কৰিছে দুটা পদক৷ আন দুটা পদক আনিছে অষ্টাদশী ঈশাই দলীয়ভাৱে৷ প্ৰসংগতঃ, বিগত টকিঅ’ অলিম্পিকত ভাৰতীয় শ্বুটাৰ দলৰ পদকৰ সংখ্যা আছিল শূন্য৷ এইবাৰ হাংঝৌ এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰে অভিলেখ স্থাপন কৰিছে পদকৰ সংখ্যাৰে৷ শুকুৰবাৰ পৰ্যন্ত ভাৰতীয় শ্বুটাৰে লাভ কৰিছে মুঠতে ১৮টা পদক, য’ৰ ৬টাই স্বৰ্ণ আৰু ইয়াৰ অংশীদাৰ একক আৰু দলীয়ভাৱে অষ্টাদশী কিশোৰী ঈশা সিং৷ উল্লেখ্য, এছিয়ান গেমছত ভাৰতৰ শ্বুটিং দলৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ২০০৬ চনৰ ডোহাত৷ সেইবাৰ ভাৰতীয় দলটোৱে শ্বুটিঙত ১৪টা পদক লাভ কৰিছিল৷ এইবাৰ প্ৰতিযোগিতাৰ মেচ শেষ নৌহওতেই  দলটোৰ সংগ্ৰহ ১৪টা পদক৷ আনহাতে ঈশা সিঙে ভাৰতীয় দলটোৰ ভিতৰত সৰ্বাধিক পদক সংগ্ৰহ কৰি বিস্ময়ৰ সৃষ্টি কৰিছে৷