Logo
image

ৰাজ্যত ২ শতাধিক সুৰা বিপণীৰ নিবিদা আহ্বান

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ অক্টোবৰঃ চহৰ অঞ্চলৰ পৰা আৰম্ভ কৰি সীমান্তৱৰ্তী জিলাৰ অনগ্ৰসৰ অঞ্চললৈ সমগ্ৰ অসমতে সুৰাৰ বন্যা বোৱাৰ বাবে সাজু হৈছে অসম চৰকাৰ৷ ৰাজহ ঘাটি জোৰা মৰা আৰু হিতাধিকাৰীক ধন দিয়াৰ বাবে একমাত্ৰ আবকাৰী ৰাজহৰ স্বাৰ্থত পদূলিয়ে পদূলিয়ে সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰক্ৰিয়া চূড়ান্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ ৰাজ্যত বৰ্তমান ৩,০৬৬ দেশী-বিদেশী ৱাইন শ্বপ আৰু বাৰ থকাৰ পাছতো এইবাৰ মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ নেতৃত্বাধীন আবকাৰী বিভাগে নতুনকৈ ২৩২ খন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰস্তুতি কৰিছে৷ এই সন্দৰ্ভত আবকাৰী আয়ুক্তক বিগত ২ ছেপ্টেম্বৰত আবকাৰী বিভাগৰ সচিবে ২৩২ খন ৱাইন শ্বপৰ নিবিদা জাৰি কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে৷ দুই-এদিনৰ ভিতৰতে আবকাৰী আয়ুক্তালয়ৰ ফালৰ পৰা নতুন ৱাইন শ্বপৰ বাবে নিবিদা মুকলি কৰিব বুলিও জানিব পৰা গৈছে৷ লক্ষণীয়ভাৱে সুৰাপায়ীৰে হাজাৰ হাজাৰ কোটি টকা ৰাজহেৰে ৰাজ্যৰ ৰাজকোষ টনকীয়াল কৰাত উৎসাহিত হৈ আবকাৰী বিভাগে ন ন স্থানত নতুনকৈ অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অৱশ্যে প্ৰজন্মৰ পাছত প্ৰজন্মক মদে পংগু কৰি তোলাত বিহাৰ-উত্তৰ প্ৰদেশত সুৰা নিষিদ্ধৰ দৰে অসমতো সুৰাৰ বিৰুদ্ধে প্ৰতিবাদ হৈ আহিছে যদিও ৰাজ্য চৰকাৰে সুৰাৰ সপেক্ষে আজৱ যুক্তি দি আহিছে৷ আনকি আবকাৰী মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই মদ খোৱাটো বেয়া বুলি পৰামৰ্শ দি ওলোটাই নতুনকৈ গঢ় লৈ উঠা মফচলীয় চহৰ আৰু আন্তঃৰাজ্যিক সীমান্তৱৰ্তী অঞ্চলসমূহত অবৈধ সুৰাৰ প্ৰচলন বন্ধ কৰাৰ স্বাৰ্থতহে চৰকাৰে নতুন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ পোষকতা কৰা বুলিও উদ্ভট যুক্তি দিয়া দেখা গৈছে৷ সুৰাৰ পৰা দৈনিক ১০.৮৫ কোটি টকাকৈ ৰাজকোষলৈ অহা ৰাজহ দুগুণলৈ বৃদ্ধি কৰাৰ পৰিকল্পনাৰেই গাঁৱে-চহৰে সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ যে দিব সেয়া নকলেও বুজা যায়৷ আবকাৰী বিভাগে প্ৰকাশ কৰা অনুসৰি দুই-এদিনৰ ভিতৰত নিবিদা প্ৰকাশ কৰিবলগীয়া নতুন ২৩২ খন ৱাইন শ্বপৰ ভিতৰত ১৭২ খন ৱাইন শ্বপ নগৰীয়া এলেকাত আৰু ৬০খন ৱাইনশ্বপ সীমান্তৰ গ্ৰাম্য অঞ্চলত দিয়া হ’ব৷ লক্ষণীয়ভাৱে সদ্যসমাপ্ত অসম বিধানসভাৰ চলিত শীতকালীন অধিৱেশনত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰকাশ কৰা অনুসৰি অসমত দৈনিক ৫,৩১,১৮০ লিটাৰ সুৰা বিক্ৰী হয়৷ ইয়াৰ ভিতৰত ৩,০৬,৭৭২ লিটাৰ বিদেশী সুৰা; ১,৬৬,৬৮৯ লিটাৰ বীয়েৰ আৰু ৫৭,৮১৮ লিটাৰ দেশীয় সুৰা বিক্ৰী হৈছে৷ তথ্য অনুসৰি এই সুৰা বিক্ৰীৰ বিপৰীতে দৈনিক প্ৰায় ৬.৯০ কোটি টকা আবকাৰী শুল্ক আৰু প্ৰায় ৩.৯৫ কোটি টকা মূল্য সংযোজিত কৰ অৰ্থাৎ ভেট ৰাজহ হিচাপে সংগ্ৰহ কৰে চৰকাৰে৷ অৰ্থাৎ বিগত বৰ্ষটোত সুৰাৰ পৰা দৈনিক ১০.৮৫ কোটি টকা ৰাজহ আহৰণ কৰিছে চৰকাৰে৷ সেই হিচাপে এবছৰত ৰাজহ সংগ্ৰহ হৈছে প্ৰায় ৪ লাখ কোটি টকা৷ আবকাৰী মন্ত্ৰী শুক্লবৈদ্যই সদনত লগতে সদৰী কৰা মতে অসমত বৰ্তমান ১,৬৮৪খন বিদেশী সুৰাৰ বিপণী, ৪৮৬ খন দেশীয় সুৰাৰ বিপণী আৰু ৮৯৬খন বাৰৰ অনুজ্ঞাপত্ৰ দিয়া হৈছে৷