Logo
image

স্বাধীনতাৰ মহাৰজত বৰ্ষত আত্মনিৰ্ভৰশীল ভাৰত

২০২২ চনত ভাৰতবৰ্ষই স্বাধীনতা প্ৰাপ্তিৰ মহাৰজত জয়ন্তী উদ্‌যাপন কৰিব৷ এই জয়ন্তীৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰে ‘আত্মনিৰ্ভৰশীল ভাৰত’ নিৰ্মাণৰ স্থাপত্য [Architecture] ঘোষণা কৰিছে৷ ২০২১-২২ বৰ্ষৰ বাজেটভাষণত এই স্থাপত্যৰ দিক্‌-দৰ্শন দাঙি ধৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে: The AtmaNirbhar Packages accelerated our pace of structural reforms. Redefinition of MSMEs, Commercialisation of the Mineral Sector, Agriculture and Labour Reforms, Privatisation of Public Sector Undertakings, One Nation One Ration Card, and Production Linked Incentive Schemes are some of the notable reforms carried out during this period.

অৰ্থাৎ স্বাধীনতা প্ৰাপ্তিৰ ৭৫ বছৰত ভৰি দিয়া ভাৰতবৰ্ষই নিৰ্মাণ কৰিব খোজা ‘আত্মনিৰ্ভৰশীল ভাৰতৰ মূল চালিকা শক্তি হ’ল গাঠনিগত সংস্কাৰক আৰু অধিক দ্ৰুততৰ কৰি তোলা ৷ খনিজখণ্ডৰ ব্যক্তিগতকৰণ, কৃষিখণ্ড তথা শ্ৰমিক আইনৰ সংস্কাৰ সাধন কৰা আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ব্যক্তিগতকৰণৰ জৰিয়তে চৰকাৰে গাঠনিগত সংস্কাৰ প্ৰক্ৰিয়াক দ্ৰুতগামী কৰিব খুজিছে ৷ বিত্তমন্ত্ৰীয়ে চৰকাৰৰ ‘আত্মনিৰ্ভৰশীল ভাৰতৰ ধাৰণাটো নিজৰ দক্ষতা আৰু সক্ষমতাৰ ওপৰত প্ৰচুৰ আস্থা থকা ১৩০কোটি ভাৰতীয়ৰ সমূহীয়া ইচ্ছাৰ প্ৰতিফলন বুলি দাবী কৰি কৈছে : ‘AtmaNirbhar Bharat is an expression of 130 crores Indians who have full confidence in their capabilities and skills.৷  বাজেটত এই কথাও ঘোষণা কৰা হৈছে যে, দেশৰ প্ৰধান বন্দৰসমূহৰ পৰিচালনা এতিয়া ব্যক্তিখণ্ডৰ হাতলৈ যাব ৷ চৰকাৰে Insurance Act, ১৯৩৮ সংশোধন কৰি বীমা কোম্পানীসমূহত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ ৪৯শতাংশৰ পৰা ৭৪শতাংশলৈ বৃদ্ধি কৰা হ’ব বুলিও ঘোষণা কৰিছে ৷ বাজেটভাষণত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে : ‘.In spite of COVID-19, we have kept working towards strategic disinvestment. A number of transactions namely BPCL, Air India, Shihping Corporation of India, Container Corporation of India, IDBI Bank, BEML, Pawan Hans, Neelachal Ispat Nigam limited among others would be completed in 2021-22. Other than IDBI Bank, we propose to take up the privatization of two Public Sector Banks and one General Insurance company in the year 2021-22. This would require legislative amendments and I propose to introduce the amendments in this Session itself.’ অৰ্থাৎ ক’ভিড-১৯ৰ প্ৰত্যাহ্বান স্বত্ত্বেও চৰকাৰ দেশৰ অতি গুৰুত্বপূৰ্ণ উৎপাদন, সেৱা অথবা বীমা খণ্ডসমূহৰ নিৰ্বিনিয়োজন প্ৰক্ৰিয়াত মুঠেও থমকি ৰোৱা নাই- দুগুণ উৎসাহেৰে চৰকাৰ এইক্ষেত্ৰত আগবাঢ়ি যাব আৰু তাৰ বাবে প্ৰয়োজনীয় আইনৰ সংশোধন সংসদৰ এই অধিৱেশনতে উত্থাপন কৰিব ৷ 

স্বাধীনতাৰ মহাৰজতবৰ্ষ উদ্‌যাপনৰ মূহূৰ্তত চৰকাৰে আগবঢ়োৱা ‘আত্মনিৰ্ভৰশীলতা’ৰ স্থাপত্যই স্বাধীনতা আন্দোলনে নিৰ্মাণ কৰা ‘আত্মনিৰ্ভৰৰ্শীল ভাৰত’ৰ ধাৰণাটোকে বদলাই দিছে ৷ স্বাধীনতা প্ৰাপ্তিৰ পাছত আত্মনিৰ্ভৰশীল অৰ্থনীতি নিৰ্মাণৰ লক্ষ্য আছিল জাতীয় অৰ্থনীতিৰ ওপৰত জাতীয় চৰকাৰৰ কতৃৰ্ত্ব সাব্যস্ত কৰা আৰু উন্নয়ন প্ৰক্ৰিয়াক সাংবিধানিক লক্ষ্যত উপনীত হ’বৰ বাবে সাজু কৰি তোলা ৷ এই লক্ষ্যসমূহৰ ভিতৰত অন্যতম আছিল সামাজিক সমতা আৰু সামাজিক ন্যায় নিৰ্মাণ কৰি তোলা ৷ এই লক্ষ্যত উপনীত হ’বৰ বাবে সামন্তীয় শোষণ ব্যৱস্থা ভাঙি পেলোৱা তথা ব্যক্তিগত কোম্পানীয়ে উৎপাদন খণ্ডতেই হওক অথবা বেংকিং খণ্ডতেই হওক- যিকোনো খণ্ডতেই চলাই থকা আধিপত্যৰ ওৰ পেলাই সেইবোৰক সামাজিক নিয়ন্ত্ৰণৰ অধীনস্থ কৰা ৷ তাৰ বাবে যেনেকৈ ভূমি সংস্কাৰ নীতিৰ প্ৰয়োজন হৈছিল ঠিক সেইদৰে প্ৰয়োজন হৈছিল বেংক ব্যৱস্থাৰ ৰাষ্ট্ৰীয়কৰণ আৰু শ্ৰমিক সুৰক্ষা আইন প্ৰণয়ন ৷ এই গোটেই প্ৰক্ৰিয়াসমূহৰ লগত বৰ্ণব্যৱস্থা বিনাশ কৰা তথা শ্ৰমিক আৰু কৰ্মচাৰীসকলক নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে বিধিগত সুবিধা প্ৰদানৰ প্ৰশ্নটোও জড়িত আছিল ৷ নাগৰিকৰ সাংবিধানিক মৰ্যদা বাস্তবায়িত কৰিবৰ বাবে এইবোৰ পদক্ষেপ অত্যন্ত জৰুৰী আছিল ৷ চৰকাৰৰ ঘোষিত লক্ষ্য আছিল সমূহৰ কল্যাণ ৷ নাগৰিকক আত্মনিৰ্ভৰশীল কৰি তুলিবৰ বাবে তেওঁলোকৰ উৎপাদনক্ষমতা বৃদ্ধি কৰিব লাগিব ৷ এই ক্ষমতা লাভ কৰিবলৈ সকলো সময়তে চৰকাৰৰ ওচৰত ভিক্ষা মাগিলে নহ’ব- তাৰ বিপৰীতে চৰকাৰে সম্পূৰ্ণ নাগৰিক মৰ্যদা অটুত ৰাখি সমূহৰ কল্যাণৰ স্বাৰ্থত কাম কৰিব লাগিব- এইটোহে সাংবিধানিক আত্মনিৰ্ভৰশীলতাৰ সূত্ৰ ৷ পুঁজিৰ চেপা আৰু সামন্তীয় শক্তিৰ উৎপীড়ন- এই দুয়োটাৰ পৰা উদ্ধাৰ নাপালে সাংবিধানিক মৰ্যদাৰে দেশৰ অথবা নাগৰিকৰ আত্মনিৰ্ভৰশীলতা নিৰ্মাণ কৰিব নোৱাৰি ৷ চৰকাৰৰ ৰাজহ আহিব লাগিব ৰাজহুৱা সম্পদ আৰু খণ্ডৰ ওপৰত চৰকাৰৰ কতৃৰ্ত্বৰ জৰিয়তে ৷ ব্যক্তিগতখণ্ডৰ হাতত পানীৰ দৰত ৰাজহুৱা সম্পদ বিক্ৰী কৰি ৰাইজৰ কল্যাণ কৰা ধাৰণাটো স্বাধীনতাৰ আন্দোলনে নিৰ্মাণ কৰা আত্মনিৰ্ভৰশীলতাৰ দৰ্শনৰ পৰিপন্থী ৷ 

কিন্তু ১৯৯১ চনত আৰম্ভ হোৱা অৰ্থনৈতিক সংস্কাৰৰ পৰবৰ্তী কালত অৰ্থনীতি পুনৰনিৰ্মাণৰ নামত ৰাজহুৱাখণ্ডৰ ব্যক্তিগতকৰণৰ যি দৌৰ আৰম্ভ হ’ল সেই দৌৰে স্বাধীনতা প্ৰাপ্তিৰ মহাৰজত জয়ন্তী উদ্‌যাপন বৰ্ষত আহি এক চূড়ান্ত গতি লাভ কৰিছে ৷ এতিয়া দেশৰ অৰ্থনীতি আচলতে ক্ৰমাগতভাৱে ব্যক্তিগতখণ্ডৰ আধিপত্যৰ কৱলত ৷ বেংকিং খণ্ড, স্বাস্থ্যখণ্ড, শিক্ষাখণ্ড, খনিজ আৰু শক্তিখণ্ড, পৰিবহণ আৰু নিৰ্মাণখণ্ড- সকলোতে ব্যক্তিখণ্ডৰ আধিপত্য ৷ এই সকলোবোৰে সমাজত ব্যাপক বৈষম্য নিৰ্মাণ কৰিছে ৷ সমান্তৰালভাৱে সামজিক অসন্তুষ্টি আৰু অপৰাধ বৃদ্ধি পাইছে ৷ উপায়হীন হৈ চৰকাৰে নাগৰিকৰ ওপৰত চোৰাংচোৱাগিৰি কৰিবলৈ ইটোৰ পাছত সিটো পদক্ষেপ হাতত লৈছে ৷ কিন্তু অৰ্থনীতিৰ ব্যক্তিগতকৰণৰ ক্ষেত্ৰত চৰকাৰ বদ্ধপৰিকৰ ৷ ক’ভিড মহামাৰীয়েও চৰকাৰৰ এই দৌৰ ৰোধ কৰিব পৰা নাই ৷

২০২১-২২ বৰ্ষৰ বাজেটভাষণত বিত্তমন্ত্ৰীয়ে বহুবোৰ খণ্ডৰ বাবে অধিক ধনৰ আৱণ্টন দিছে ৷ ক’ভিড ভেকচিনৰ বাবেই ৩৫,০০০ কোটি টকা আৱণ্টন দিছে ৷ সেইদৰে প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বাস্থ্য ভাৰত যোজনাৰ বাবে অহা ছবছৰলৈ মূঠ ৬৪.১৮০ কোটি টকাৰ আৱণ্টন দিছে ৷ স্বাস্থ্যখণ্ডৰ বাজেট আৱণ্টন যোৱা বছৰতকৈ ১৩৭শতাংশ বৃদ্ধি কৰি মুঠ ২,২৩,৮৪৬ কোটি টকাৰ আৱণ্টন দিছে ৷ ঠিক সেইদৰে আন্তঃগাঁঠনি নিৰ্মাণৰ বাবে অধিক বিনিয়োজনৰ প্ৰস্তাৱ ৰাখিছে ৷ তাৰ বাবে কেপিটেল বাজেট বিগত বছৰৰ তুলনাত ৩৫শতাংশতকৈও অধিক বৃদ্ধি কৰিছে ৷ কৃষিক্ষেত্ৰৰ উৎপাদন অনাগত সময়ত দুগুণ কৰাৰ লক্ষ্যও বান্ধি লৈছে ৷

আৰু কৃষকসকলৰ বাবে ? তেওঁলোকৰ বাবে কৰা আটাইতকৈ ডাঙৰ ঘোষণাটো হ’ল কৃষকৰ লোণৰ বাবে এই বাজেটে ১৬.৫ লাখ কোটি টকাৰ লক্ষ্য বান্ধি লৈছে ৷ সমান্তৰালভাৱে গ্ৰাম্যখণ্ডৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবেও বহু প্ৰস্তাৱ আগবঢ়োৱা হৈছে ৷ এতিয়া প্ৰশ্ন হ’ল এই প্ৰস্তাৱসমূহে দুমাহৰো অধিক কাল ধৰি তিনিখন কৃষি আইনৰ বিৰুদ্ধে সংগ্ৰামৰত কৃষকক আশ্বস্ত কৰিব পাৰিবনে ? কৃষকে আচলতে লোণ বিচাৰিছে নে কৃষিখণ্ডৰ ওপৰত কৰ্প’ৰেটৰ আধিপত্য ৰোধ কৰিব বিচাৰিছে ? এই বাজেটত তাৰ কোনো সমাধান সূত্ৰৰ ইংগিত নাই ৷ 

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এই বাজেটত অসমতা ৰোধ অথবা বৰ্ধিত নিবনুৱা সমস্যা মোকাবিলা কৰাৰ কোনো নিদ্দিৰ্ষ্ট প্ৰস্তাৱ নাই ৷ সেয়েহে স্বাধীনতাৰ মহাৰজতজয়ন্তী উদ্‌যাপনৰ সন্ধিক্ষণত চৰকাৰে ভাৰতীয় নাগৰিকসকলক উৎপাদনশীলতাৰে নিজৰ ভৰিত থিয় দি ‘আত্মনিৰ্ভৰশীল’ হোৱাৰ সুবিধা দিয়াতকৈ চৰকাৰৰ ওচৰত অনুগ্ৰহপ্ৰাৰ্থী কৰি তোলাৰহে সম্ভাৱনা বেছি ৷