Not Found সৰ্বত্ৰ অমৃতময়
Logo
image

সৰ্বত্ৰ অমৃতময়

ভাৰতত বৰ্তমান শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সৰ্বত্ৰ ‘অমৃত’ৰ পয়োভৰ চলিছে৷ আজাদী কা অমৃত মহোৎসৱৰ নামত ধাৰাবাহিকভাৱে কেন্দ্ৰ চৰকাৰৰ লগতে বিশেষকৈ বিজেপি শাসিত চৰকাৰসমূহৰ উদ্যোগত বহু অনুষ্ঠান, উৎসৱ-পাৰ্বণ, প্ৰকল্প অনুষ্ঠিত হৈছে৷ প্ৰশাসনিক বিষয়া, আমোলা-কৰ্মচাৰী, শিক্ষক-অধ্যাপক সকলোৱে অমৃত মহোৎসৱক সফল কৰাৰ বাবে ঊৰ্ধতন কতৃৰ্পক্ষৰ কঠোৰ নিৰ্দেশক সাৰোগত কৰি পূৰ্ণ প্ৰচেষ্টা চলাইছে৷ এই অমৃত মহোৎসৱৰ কাৰ্যসূচীসমূহ সফল কৰাৰ বাবে মুখ্যমন্ত্ৰী আৰু কেবিনেটৰ সদস্য, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলে সঘনে জিলা পৰ্যায়ৰ, মহকুমা পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীৰ অংশগ্ৰহণেৰে সঘনে অনুষ্ঠিত কৰে অনলাইন বৈঠক, ভিডিঅ’ কনফাৰেন্স৷ বৰ্তমান সময়ত বিভিন্ন বিভাগক যেনে গ্ৰামোন্নয়ন, লোক নিৰ্মাণ, জনস্বাস্থ্য, স্বাস্থ্য, শিক্ষা, বন, জলসিঞ্চন, জলসম্পদ আদিৰ বিষয়া, অভিযন্তা, কৰ্মচাৰীয়ে নিজৰ বিভাগৰ কামসমূহৰ লগতে অমৃত মহোৎসৱকে ধৰি অন্যান্য চৰকাৰী কাৰ্যসূচীসমূহ উদ্‌যাপন কৰাৰ বাবে কাৰো আহৰি নোপোৱাৰ দৰে এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ উল্লেখ্য, উৎসৱ-কাৰ্যসূচীসমূহ নিয়মমাফিক পালন কৰিলেই নহ’ব৷ প্ৰতিটো কাৰ্যসূচীৰ জিঅ’ টেগিং ফটো সংশ্লিষ্ট ৱেবছাইট, এপসমূহত আপলোড কৰি ইয়াৰ সঠিক প্ৰমাণো সাব্যস্ত কৰিব লাগিব৷ কিছুমান কাৰ্যসূচীৰ প্ৰামাণিক তথ্য, ফটো একাধিক ৱেবছাইট, লিংক, এপ আদিত আপলোড কৰি ইয়াক যে অতি আন্তৰিকতা আৰু নিষ্ঠাৰে সন্মান কৰা হৈছে তাৰো প্ৰমাণ দিব লাগিব৷ সকলো দিশতে অমৃতময় কৰাৰ লক্ষ্যৰে এতিয়া অমৃত সাগৰ, অমৃত সৰোবৰ, অমৃত বৃক্ষ, অমৃত কলহ আদি অনেক কাৰ্যসূচী জোৰদাৰ ৰূপত চলোৱা হৈছে৷ মাজে সময়ে দেশবাসীক ৰাষ্ট্ৰীয়তাবাদী ধাৰণাৰে উদ্বুদ্ধ কৰি দেশপ্ৰেম জাগ্ৰত কৰাৰ উদ্দেশ্যে পঞ্চপণ অৰ্থাৎ পাঁচটা শপত গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে৷ চৰকাৰী আদেশ শিৰোধাৰ্য কৰি চৰকাৰী কাৰ্যালয়, স্কুল-কলেজৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱে হাতত পবিত্ৰ মাটি লগত লৈ শপতসমূহ আওৰাই সঠিক স্থানত ফটো আপলোড কৰিছে৷ ‘মেৰী মাটি মেৰা দেশ’ অৰ্থাৎ মোৰ মাটি মোৰ দেশ-ভাৱধাৰাৰে দেশৰ জনসাধাৰণক উজ্জীৱিত কৰাৰ ধাৰণা সৰ্বতোপ্ৰকাৰে প্ৰোথিত কৰাৰ লক্ষ্য কিমানদূৰ বাস্তৱায়িত হ’ব সেয়া পিছৰ কথা; কিন্তু ফটো আপলোড কৰি দেশক ভালপোৱাৰ প্ৰমাণ দিয়াৰ ক্ষেত্ৰত কিন্তু চৰকাৰী বিষয়া-কৰ্মচাৰী, শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে অকণো পিছপৰি থকা নাই৷ মন্ত্ৰী-নেতাৰ পৰা স্থানীয় নেতা-কৰ্মীসকলেও কম কষ্ট কৰা নাই৷ ৰাজধানী চহৰ দিল্লীত গঢ়ি তুলিব বিচৰা উদ্যানৰ ভেটি নিৰ্মাণৰ বাবে অসমৰো প্ৰতিখন গাঁও-চহৰৰ পৰা অনা মাটি কলহ লৈ ঢোলে-ডগৰে কৰা শোভাযাত্ৰা ২০ ছেপ্টেম্বৰৰ পৰাই আৰম্ভ হৈছে৷ অমৃত কলহৰ আগে আগে এক কোটি গছপুলি ৰোপণ কৰি বিশ্ব ৰেকৰ্ড প্ৰতিষ্ঠাৰ বাবে লোৱা বৃহৎ কাৰ্যসূচী ‘অমৃত বৃক্ষ’ আন্দোলনত অগণন ছাত্ৰ-ছাত্ৰী, প্ৰশাসনিক বিষয়া-কৰ্মচাৰী, এনজিঅ’ৰ প্ৰতিনিধি, প্ৰকৃতিপ্ৰেমী আদিয়ে অংশগ্ৰহণ কৰিলে৷ এই মহান কাৰ্যসূচী সফল কৰাৰ বাবে প্ৰশাসন যন্ত্ৰ, শিক্ষানুষ্ঠানকে ধৰি বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ কেইবালানি প্ৰশিক্ষণ হ’ল, লিংক-এপ, ৱেবছাইটত প্ৰতিটো গছৰ পুলি ৰোপণ কৰাৰ ফটো আপলোড হ’ল৷ মুঠতে সফলভাৱে এইভাগি অনুষ্ঠানো সমাপ্ত হ’ল৷ অৱশ্যে অমৃত বৃক্ষৰ পূৰ্বে স্কুল-কলেজৰ বিনামূলীয়া নামভৰ্তিৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে দিয়া বৃক্ষ ৰোপণৰ ফটোত থকা বৃক্ষসমূহৰ বৰ্তমানৰ অৱস্থা কি সেই সম্পৰ্কে কোনো জ্ঞাত নহয়৷ তদুপৰি অসমৰ মুখ্যমন্ত্ৰীৰ তত্ত্বাৱধানত কিছুদিন পূৰ্বে ৰাজ্যৰ শিক্ষানুষ্ঠানত প্ৰয়োগ কৰা ‘মুখ্যমন্ত্ৰীৰ শিক্ষানুষ্ঠানত বৃক্ষ ৰোপণ আঁচনি’ [চি এম আই পি পি]ৰ নামত ৰোপণ কৰা বৃক্ষসমূহ সঠিকভাৱে প্ৰতিপালন হ’বনে তাৰো উত্তৰ নাই৷ দেশখন বা ৰাজ্যখন ‘অমৃতময়’ হোৱাটো সকলোৰে কাম্য৷ দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ অন্যতম ৰূপে প্ৰতিষ্ঠা কৰিবলৈ হ’লে সকলো দিশতে ৰাজ্যখনে উন্নতি কৰিব লাগিব৷ কিন্তু ভুকুতে কল পকোৱাৰ চেষ্টা কৰিলে ই কিমান অমৃতময় হ’ব সেয়া সকলোৰে অনুমেয়৷ ৰাজ্য প্ৰশাসনৰ অধীনত বিভিন্ন বিভাগৰ বাবে নিৰ্দিষ্ট দায়িত্ব অৰ্পণ কৰা থাকে৷ নিজৰ বিভাগসমূহ সঠিকভাৱে, দক্ষতাৰে পৰিচালিত কৰিব পাৰিলে চৰকাৰে বিচৰা বহু কামেই ৰূপায়িত হ’ব৷ কিন্তু তাৰ পৰিৱৰ্তে নিজৰ বিভাগীয় কাম-কাজৰ লগতে অন্যান্য কামৰ বোজা বৃদ্ধি কৰাৰ বাবে সংশ্লিষ্ট বিভাগে ইয়াক এক নিৰ্দেশনা ৰূপেহে গণ্য কৰাটো অধিক পৰিলক্ষিত হৈছে৷ ক্ৰমান্বয়ে মুখ ফুটাই নক’লেও যান্ত্ৰিক ৰূপত লোৱা বহু কাৰ্যসূচীৰ প্ৰতি গৰিষ্ঠ লোকেই নেতিবাচক মন্তব্য পোষণ কৰিবলৈ আৰম্ভ কৰিছে৷ এক বৃক্ষ দশ পুত্ৰসম– সেই কথা শাস্ত্ৰইয়ো কৈছে, ৰাইজো এই সম্পৰ্কে সজাগ হৈছে৷ কিন্তু ৰেকৰ্ড কৰি বৃক্ষ ৰোপণ কৰাৰ পৰিৱৰ্তে গছপুলি ৰোৱাৰ ধাৰণাটোক সৰ্বস্তৰত সজাগতা, বনধবংস প্ৰতিৰোধ কৰাৰ বাবে সঠিক পদক্ষেপ লোৱা হৈছেনে? অমৃতৰ ধাৰণা ৰোপণ কৰিবলৈ হ’লে চিন্তা-চেতনা, কাম-কাজতো ইয়াৰ প্ৰতিফলন ঘটিব লাগিব৷