Logo
image

ৱাৰ্ম-আপ মেচত গুৱাহাটীত আজি বাংলাদেশৰ সন্মুখত ইংলেণ্ড

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপৰ্টাৰ, ২ অক্টোবৰঃ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত বিশ্বকাপৰ ৱাৰ্ম-আপ মেচত সোমবাৰে ইংলেণ্ডৰ সন্মুখীন হ’ব বাংলাদেশ৷ এইখন হ’ব গুৱাহাটীয়ে আয়োজনৰ সুযোগ পোৱা এদিনীয়া বিশ্বকাপৰ তৃতীয়খন ৱাৰ্ম-আপ মেচ৷ শনিবাৰে ভাৰত-ইংলেণ্ডৰ মাজৰ ৱাৰ্ম-আপ মেচখন বৰষুণৰ বাবে  বাতিল হৈছিল৷ ধাৰাষাৰ বৰষুণৰ বাবে এটাও বল নপৰাকৈ মেচখন বাতিল হয়৷ ভাৰতীয় দলৰ প্ৰিয় তাৰকাক চাবলৈ যোৱা অনুৰাগীসকল নিৰাশমনেৰ ঘৰলৈ উভতিল৷ গুৱাহাটীত নিজৰ প্ৰথম ৱাৰ্ম-আপ মেচত খেলাৰ সুযোগ হেৰুৱাৰ পাছত সোমবাৰে নি(য় বাংলাদেশৰ বিৰুদ্ধে নিজৰ শক্তি জুখি চোৱাৰ পূৰ্ণ প্ৰয়াস চলাব ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডে৷ বৰ্ষাপাৰত অংশ লোৱা নিজৰ প্ৰথমখন ৱাৰ্ম-আপ মেচত বাংলাদেশে শ্ৰীলংকাৰ বিৰুদ্ধে জয় অৰ্জন কৰিছিল৷ সেই দিশৰ পৰা গুৱাহাটীৰ পৰিৱেশ সৈতে অধিক অভ্যস্ত হৈ আছে বাংলাদেশ৷ শনিবাৰৰ ৱাৰ্ম-আপ মেচ বাতিল হোৱাৰ পাছত বৰষুণক লৈ শংকিত হৈ আছে বাংলাদেশ আৰু ইংলেণ্ড উভয় দল৷ পিছবেলা বতৰ ফৰকাল যদিও দেওবাৰে আগবেলা গুৱাহাটীত বৰষুণ হৈছে৷ সোমবাৰে বৰষুণে বিঘিনি নঘটালে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত দৰ্শকে এখন উপভোগ্য মেচ চাবলৈ পাব বুলি আশা কৰা হৈছে৷ উল্লেখ্য, গুৱাহাটীত অন্তিমখন ৱাৰ্ম-আপ মেচ অনুষ্ঠিত হ’ব তিনি অক্টোবৰত৷ মেচখনত শ্ৰীলংকাই আফগানিস্তানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব৷