Logo
image

এছিয়ান গেমছত পদক নিশ্চিতঃ পেৰিছ অলিম্পিকলৈ যোগ্যতা অসম কন্যা লাভলীনা বৰগোহাঁইৰ

ডিজিটেল ডেস্কঃ চীনৰ হাংঝুত অনুস্থিত হৈ থকা এছিয়ান গেমছ ২০২৩ত মহিলা বক্সিঙৰ ৭৫ কি:গ্ৰা: শাখাৰ ফাইনেলত প্ৰৱেশ কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে৷ ফাইনেলত প্ৰৱেশ লগে লগে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিলে লাভলীনা বৰগোহাঁয়ে৷ লাভলীনাই ছেমি ফাইনেলত থাইলেণ্ডৰ মানেকন বাইছনৰ বিৰুদ্ধে ৫-০ ব্যৱধানত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে৷ ফাইনেলত প্ৰৱেশৰ লগে লগে লাভলীনাই দেশৰ বাবে সোণৰ বা ৰূপৰ পদক নিশ্চিত কৰে৷ 

লাভলীনাই ফাইনেলত প্ৰৱেশৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনাই 'এক্স'ত (টুইটাৰ)  লিখিছে যে পাৱাৰ পাঞ্চ! অসম কন্যা লভলিনা বৰগোহাঁইৰ কি অভূতপূৰ্ব প্ৰদৰ্শন, তেওঁ থাইলেণ্ডৰ মানেকনক ৫-০ ব্যৱধানত পৰাস্ত কৰি এছিয়ান গেমছৰ মহিলা বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাত ফাইনেলত প্ৰৱেশ কৰে৷ ইয়াৰ লগে লগেতেওঁ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। আমি সঁচাকৈয়ে গৌৰৱান্বিত। এই ধাৰা অব্যাহত ৰাখক!"