Logo
image

ৰাজনৈতিক মুক্তি

উত্তৰ-পূৰ্বাঞ্চলৰ সম্পদশালী ৰাজ্য হিচাপে পৰিচিত অসমত স্বৰাজোত্তৰ কালৰে পৰা নাগৰিকৰ জীৱনশৈলী দেশৰ বাকী ৰাজ্যৰ তুলনাত সহজ আৰু শান্ত বুলি ক’ব পাৰি৷ কৃষিপ্ৰধান অসমত নাগৰিকে খাদ্যৰ অভাৱত কেতিয়াও খালী পেটত জীৱন সংগ্ৰাম কৰিবলগীয়া হোৱা নাই৷ ৰাজ্যৰ প্ৰতিখন গাঁৱত শান্তিৰে শুব পাৰে নাগৰিকে৷ শিক্ষাৰ বহল প্ৰসাৰে শিক্ষিত কৰা নৱপ্ৰজন্মই আজি প্ৰতিযোগিতাৰ পথাৰত ফেৰ মাৰিব পৰা হৈছে৷ জীৱনৰ সংজ্ঞা বিচাৰি পোৱা নৱপ্ৰজন্মই সপোন দেখিব পৰা হৈছে৷ অসমৰ কীৰ্তিমান ছাত্ৰ-ছাত্ৰীয়ে সৰ্বভাৰতীয় পৰীক্ষাত স্থান লাভ কৰি অনুপ্ৰাণিত কৰিছে অনুজ ছাত্ৰ-ছাত্ৰীক৷ সকলো ঠিকেই আছে, কিন্তু যেন ঠিকে থকা নাই অসমৰ ৰাজনৈতিক পথাৰখন৷ ২০২১ চনত ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ পাছৰে পৰা সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক বতাহ৷ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলৰ মাজত পুনৰ আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ আখৰা৷ সাধাৰণ নাগৰিকৰ সুখ-দুখৰ প্ৰতি সৰৱ হৈছে প্ৰাথিত্বপ্ৰত্যাশী নেতা-পালিনেতাসকল৷ সুবিধা পালেই সাংবাদিকৰ সন্মুখত টেঁটুফালি নিজৰ ৰাজনৈতিক সচেতনতা বা দক্ষতাৰ প্ৰমাণ দিবলৈ অহা নেতাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ শাসক-বিৰোধীৰ মাজত চলা বাকযুদ্ধই পাৰ কৰিছে শালীনতাৰ সকলো সীমা৷ ভাৰতৰ ৰাজনৈতিক পথাৰত ভুমুকি মৰা সামান্যসংখ্যক মহিলাৰ চৰিত্ৰহননত কুণ্ঠাবোধ কৰা নাই পুৰুষে৷ সেইদৰে পুৰুষৰ প্ৰৰোচনাত গাৰ বস্ত্ৰ খুলি চৰকাৰী পক্ষক শ’লঠেকত পেলাবলৈ আত্মপ্ৰকাশ কৰিছে একাংশ মহিলা৷ কোনজন নেতাৰ আছে মহিলাৰ লগত অবৈধ সম্পৰ্ক বা কোনগৰাকী নেত্ৰীৰ চলি আছে পৰপুৰুষৰ লগত অবৈধ প্ৰেম, কোনজন নেতাই ৰাজ্যৰ ছিণ্ডিকেট চলাই কোটিপতি হৈছে, কোনজন নেতাই অসমৰ বাহিৰত অট্টালিকা সাজিছে, কোনজন নেতাই চাহ বাগান খুলিছে আদি অনেক অভিযোগ আৰু প্ৰতি অভিযোগে কলুষিত কৰিছে ৰাজ্যৰ ৰাজনীতি৷ সাংবাদিকৰ প্ৰশ্নত বিব্ৰত হৈ কাৰোবাক পেণ্ট খুলি উলংগ কৰিম বুলি ভাবুকি দিয়া নেতাৰ বক্তব্যই হতবাক কৰিছে নাগৰিকক৷ সত্যটো হৈছে শাসকীয় আৰু বিৰোধীৰ মাজত চলা বাকযুদ্ধত ব্যৱহৃত হৈছে একো একাগৰাকী মহিলাৰ গোপন কথা (সত্যই হওক বা অসত্যই হওক)৷ ৰাজনৈতিক দলৰ কাৰ্যালয়ত নিশা মহিলাকৰ্মীৰ প্ৰৱেশ যেন এটা ডাঙৰ কথা হৈ পৰিছে৷ কাৰ্যতঃ মহিলা কৰ্মীসকলে ইতস্ততাবোধ কৰা হৈছে দলৰ কাৰ্যালয়ত৷ ব্যক্তিগত পৰ্যায়ত বাকযুদ্ধত লিপ্ত হোৱা নেতাৰ ভিতৰত স্থান পাইছে মন্ত্ৰী, বিৰোধী দলৰ দলপতি তথা আন ৰাজনৈতিক দলৰ সভাপতি৷ এনে নেতাৰ অভিযোগ আৰু প্ৰতিঅভিযোগত প্ৰচালিত বাতৰিয়ে পাহৰাই দিছে নাগৰিকৰ মৌলিক সমস্যাৰ বাতৰিবোৰ৷ চিকিৎসালয়ত মৃত্যুৰ ক্ষণ গণা দৰিদ্ৰৰ জীৱনগাথা, অস্থিৰতাৰ মাজত থকা অসমীয়া মধ্যবিত্তৰ পৰিয়ালৰ সমস্যা, সংস্থাপনৰ অভাৱত মানসিক দ্বন্দ্বই সুৰাসক্ত কৰা যুৱক-যুৱতীৰ জীৱন বা পিতা-পুত্ৰৰ সংঘাতে পৰিয়াললৈ অনা অন্ধকাৰৰ বাতৰিবোৰ মূল্যহীন হৈ পৰিছে সমাজজীৱনত৷ ৰাজনৈতিক নেতাৰ বাক্যই প্ৰকৃতাৰ্থত শান্তিৰ পৰিৱেশ বিঘ্নিত কৰে সমাজত৷ গ্ৰামাঞ্চলৰ নাগৰিকৰ মাজত সক্ৰিয় হৈ থকা ৰাজনৈতিক নেতায়ো দলৰ মুৰব্বী বা নেতাৰ মুখৰ বাক্যবোৰ প্ৰচাৰ কৰে সাধাৰণ কৰ্মীৰ মাজত৷ এখন গাঁৱত বাস কৰা নাগৰিকৰ মাজত অংকুৰিত ৰাজনৈতিক শত্ৰুতাই ভাগ ভাগ কৰিব ধৰিছে সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতি৷  দিনত সাংবাদিকৰ সন্মুখত প্ৰচণ্ড কাজিয়া কৰা আৰু নিশা একেলগে পাৰ্টী কৰা নেতাৰ বহু কথাই গম নাপায় সাধাৰণ কৰ্মীয়ে৷ যি সময়ত এটা অনুদানৰ গৃহৰ তালিকাত নামভৰ্তি কৰিব নোৱাৰি মাৰপিটত লিপ্ত হৈছে দৰিদ্ৰ নাগৰিক, সেই সময়ত দলৰ নেতাৰ সম্পত্তিৰ তালিকাখন হৈছে আকাশলংঘী৷ কোন হিন্দু বা কোন মুছলমান, কোন উচ্ছবৰ্ণৰ বা কোন নিম্নবৰ্গৰ, কোন উজনিৰ বা কোন নামনিৰ তেনেবোৰ বিশ্লেষণৰ মাজতেই সীমাবদ্ধ হৈ আছে অসমৰ ৰাজনীতি৷
প্ৰশ্নটো হৈছে অসমৰ ৰাজনৈতিক দলৰ নেতাৰ জনচক্ষুৰ আঁৰত থকা সু-সম্পৰ্কৰ কথা কিয় কোৱা নাযায় নাগৰিকক?  অসমৰ স্বাৰ্থত সৰৱ হৈ থকা শিক্ষাবিদ ড॰ হীৰেন গোহাঁইৰ বাসগৃহত গৈ স্বাস্থ্যৰ বতৰা লোৱাত বাধা আছে নেকি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ? প্ৰতিখন কেবিনেট সভাৰ পূৰ্বে বিৰোধী দলৰ নেতাৰ লগত গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা কিয় পাতিব নোৱাৰে বিভাগীয় মন্ত্ৰীসকলে? চৰকাৰৰ সভাসমূহত কিয় উপস্থিত নাথাকে বিৰোধী দলৰ বিধায়কসকল? ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা নিযুক্তিৰ মেলাত উপস্থিত থাকি কিয় উৎসাহিত কৰা নহয় নৱজীৱন আৰম্ভ কৰা যুৱক-যুৱতীক? ৰাজনৈতিক অস্থিৰতা কঢ়িয়াই অনা প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁই, প্ৰাক্তন সাংসদ ৰমেন ডেকা, প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু বিধায়ক ৰমাকান্ত দেউৰীক নিজ কাৰ্যালয়লৈ মাতি আনি তেওঁলোকৰ অশান্ত মন কিয় শান্ত কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
এনেবোৰ কৰ্মৰ দ্বাৰা সমস্যা সমাধানৰ অনেক পথ থাকে যদিও প্ৰকৃত কৰ্মৰ পৰা নিলগত থাকে অসমৰ ৰাজনৈতিক নেতাসকল৷ নাগৰিকৰ মৌলিক সমস্যাৰ পৰা দূৰৈত অৱস্থান লৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে আজিৰ নেতাসকল৷ সমস্যা এটাৰ সমাধানৰ কাৰণে প্ৰধানকৈ প্ৰয়োজন হয় মুখামুখি আলোচনাৰ৷ কিন্তু পৰিতাপৰ কথা যে অসমত শাসক-বিৰোধীৰ মাজত কাচিৎহে হয় মুখামুখি আলোচনা৷ সংবাদ মাধ্যমৰ জৰিয়তে এজনে আনজনৰ প্ৰতি নিক্ষেপ পৰা প্ৰশ্ন বা সমালোচনাৰ প্ৰকৃত উত্তৰ বিচাৰি নাপায় নাগৰিকে৷ ৰাজ্যৰ ৩.৪ কোটি নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত শাসক-বিৰোধীৰ মতাদৰ্শৰ ব্যৱধান দূৰ কৰিবলৈ প্ৰয়োজন সহায়-সহযোগৰ৷ কোনটো দলক ক্ষমতাত বহুৱাব তাৰ সিদ্ধান্ত সময়ত ল’ব নাগৰিকে; কিন্তু অপ্ৰয়োজনীয় বিষয়ত সঘনাই মত দি ৰাইজৰ মন বেয়া কৰা ৰাজনৈতিক নেতাসকলে ভাবিবৰ হ’ল– ক্ষমতা এক অস্থায়ী ব্যৱস্থা৷