Logo
image

বিশ্বকাপত আজি পাকিস্তানৰ সন্মুখত নেডাৰলেণ্ডছ

হায়দৰাবাদ, ৬ অক্টোবৰঃ এইবাৰৰ বিশ্বকাপত যিকেইটা দলক সম্ভাব্য চেম্পিয়নৰ তালিকাত ৰখা হৈছে, তাৰ ভিতৰত অন্যতম হৈছে পাকিস্তান৷ ১৯৯২চনৰ চেম্পিয়ন দলটোৱে শুকুৰবাৰে বিশ্বকাপত অভিযান আৰম্ভ কৰিব ‘দুৰ্বল’ নেডাৰলেণ্ডছৰ বিৰুদ্ধে৷ জিম্বাবৱেত অনুষ্ঠিত কোৱালিফায়িং টুৰ্নামেণ্টৰ পৰা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰা ডাচ্ছ দলটোৰ এয়া হ’ব পঞ্চম বিশ্বকাপ৷ নেডাৰলেণ্ডছে এতিয়ালৈকে বিশ্বকাপত খেলা ২০খন খেলৰ কেৱল দুখনতহে জয়ী হৈছে৷ সেই দুখন খেলত ডাচ্ছ দলটোৰ প্ৰতিদ্বন্দ্বী আছিল নামিবিয়া আৰু স্কটলেণ্ড৷ সেইফালৰ পৰা চাবলৈ গ’লে কাইলৈৰ খেলখনত ফেৱৰীট দল হিচাপে অৱতীৰ্ণ হ’ব৷ কিন্তু পাকিস্তানৰ দুজন বেটাৰৰ শেহতীয়া ফৰ্ম টীম মেনেজমেণ্টৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে৷ তেওঁলোক হৈছে ফখৰ জামান আৰু আব্দুল্লা ছাফিক৷ অৱশ্যে তেওঁলোকৰ মাজৰ এজনেই ইমাম উল হকৰ সৈতে ইনিংছ মুকলি কৰিব লাগিব৷ বেটিং ক্ৰমৰ তৃতীয় আৰু চতুৰ্থ স্থানত থকা অধিনায়ক বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ ফৰ্ম দলটোৰ বাবে উৎসাহৰ বিষয় হ’ব পাৰে৷ ইফটিকাৰ আহমেদৰ পৰাও পাকিস্তানে বহুখিনি আশা কৰিব পাৰে৷ মিডল অৰ্ডাৰত ছালমান আগাক স্থান দিয়া হয় নে নহয় সেয়া হ’ব লক্ষ্যণীয়৷ পাকিস্তানৰ শেহতীয়া প্ৰদৰ্শন অৱশ্যে বৰ সন্তোষজনক নহয়৷ দলটো সদ্যসমাপ্ত এছিয়া কাপত ফাইনেলত উপনীত হ’ব পৰা নাছিল৷ আনহাতে, নিউজীলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ দুয়োখন প্ৰস্তুতি খেলত দলটো পৰাস্ত হৈছে৷ বিশ্বকাপত ভাগ লোৱা আন দলকেইটাৰ ক্ৰিকেটাৰৰ দৰে পাকিস্তানৰ ক্ৰিকেটাৰৰ আই পি এলত খেলাৰ অভিজ্ঞতা নাই৷ সেইবাবে ভাৰতৰ পৰিৱেশৰ সৈতে সহজ হ’বলৈ তেওঁলোকক কিছু সময়ৰ প্ৰয়োজন হ’ব পাৰে৷ পাকিস্তানৰ পেচ আক্ৰমণৰ মূল শক্তি হ’ব শ্বাহিন শ্বাহ আফ্ৰিদী৷ আনজন পেচ বলাৰ হেৰিছ ৰৌফৰ অষ্টে˜লিয়াৰ বিৰুদ্ধে প্ৰস্তুতি খেলখনত প্ৰদৰ্শন আছিল নিৰাশাজনক৷ নাছিম শ্বাহৰ অনুপস্থিতিত হাছান আলীৰ প্ৰদৰ্শন হ’ব লক্ষ্যণীয়৷ সহঃ অধিনায়ৰ শ্বাদব খানে এছিয়া কাপত আশানুৰূপ প্ৰদৰ্শন দেখুওৱাব পৰা নাছিল৷ লেগ স্পিনাৰ উছামা মীৰে কাইলৈৰ খেলখনত মূল একাদশত স্থান পাব পাৰে৷

নেডাৰলেণ্ডছে অন্তিমবাৰ বিশ্বকাপ খেলিছিল ২০১১ চনত৷ সেইবাৰৰ বিশ্বকাপত খেলা আৰু এইবাৰৰ ডাচ্ছ দলটোত থকা একমাত্ৰ ক্ৰিকেটাৰজন হৈছে ৱেছলী বাৰেছি৷ বিশ্বকাপত পাকিস্তান আৰু নেডাৰলেণ্ডছৰ এই পৰ্যন্ত মুখামুখি হৈছে দুবাৰ আৰু দুয়োবাৰেই জয়ী হৈছে পাকিস্তান৷ নেডাৰলেণ্ডছে এতিয়ালৈকে বিশ্বকাপত খেলা ২০খন খেলৰ কেৱল দুখনত জয়ী হৈছে৷ সেই দুখন খেল আছিল নামিবিয়া আৰু স্কটলেণ্ডৰ বিৰুদ্ধে৷