Logo
image

বিশ্বকাপত আজি ভাৰত-অষ্ট্ৰেলিয়াৰ যুঁজ

চেন্নাই,৮ অক্টোবৰঃ বৰষুণৰ বাবে বিশ্বকাপৰ পূৰ্বে দুয়োখন প্ৰস্তুতি খেলত খেলিব পৰা নাছিল ভাৰতে৷ দেওবাৰে ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৱে বিশ্বকাপত অভিযান আৰম্ভ কৰিব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে৷ সেই খেলখনৰ পূৰ্বেও বৰষুণৰ বাবে শনিবাৰে দলটোৱে অনুশীলন চলাব নোৱাৰিলে৷ শনিবাৰে চেন্নাইত যথেষ্ট বৰষুণ হৈছে৷ তালৈ চাই ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেলখনতো বৰষুণে বিঘিনি জন্মোৱাৰ আশংকা কৰা হৈছে৷ বতৰ বিভাগে পূৰ্বে জনাইছিল যে দেওবাৰৰ খেলখনৰ সময়ত বৰষুণ হোৱাৰ সম্ভাৱনা নাই৷ কিন্তু শেহতীয়াভাৱে কোৱা হৈছে সন্ধিয়া আৰু নিশাৰ ভাগত বৰষুণ হ’ব পাৰে৷ টীম ইণ্ডিয়াৰ কেইবাজনো ক্ৰিকেটাৰৰ বাবে এয়া হ’ব সম্ভৱতঃ অন্তিম বিশ্বকাপ৷ সেয়েহে তেওঁলোকৰ লক্ষ্য হ’ব নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে স্বদেশত অনুষ্ঠিত বিশ্বকাপ স্মৰণীয় কৰি ৰখা৷ এছিয়া কাপ জয় কৰাৰ পাছত স্বদেশত অনুষ্ঠিত তিনিখন খেলৰ এদিনীয়া শৃংখলাত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল৷ কিন্তু সেই শৃংখলাটো আৰু বিশ্বকাপৰ মাজত যথেষ্ট পাৰ্থক্য আছে৷  ভাৰতীয় দলৰ বাবে ইতিবাচক দিশটো হৈছে যে টুৰ্নামেণ্টখন অনুষ্ঠিত হৈছে  স্বদেশত৷  কিন্তু অষ্ট্ৰেলিয়াৰ কেইবাজনো ক্ৰিকেটাৰৰ আই পি এলত খেলাৰ অভিজ্ঞতা আছে৷ সেই সূত্ৰে তেওঁলোক ভাৰতীয় পৰিৱেশৰ সৈতে ভালদৰে পৰিচিত৷ শেহতীয়াভাৱে ভাল ফৰ্মত থকা শুভমন গীল ডেংগিত আক্ৰান্ত হোৱাটো ভাৰতীয় দলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷ তেওঁ  অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব পৰাটো অনিশ্চিত হৈ আছে৷ অধিনায়ক ৰোহিত শৰ্মাই অৱশ্যে দেওবাৰৰ খেলখনত শুভমনে খেলা-নেখেলাক লৈ একো মন্তব্য কৰা নাই৷ শনিবাৰে সংবাদ মেলত তেওঁ কেৱল কয় যে শুভমন বৰ্তমান অসুস্থ৷ এনে স্থিতিত তেওঁক মূল একাদশত ৰখাটো সমীচিন নহ’ব৷ কিন্তু তেওঁ হৈছে যুৱ ক্ৰিকেটাৰ আৰু শীঘ্ৰে সুস্থ হৈ উঠিব বুলি সকেলোৱে আশা ৰাখিছে৷ ইপিনে, শনিবাৰে ভাৰতীয় ক্ৰিকেট নিযন্ত্ৰণ ব’ৰ্ডৰ কৰ্মকৰ্তা এজনে জনোৱা মতে, শুভমনে বিশ্বকাপত ভাৰতৰ প্ৰথম দুখন খেলত খেলিব নোৱাৰিব পাৰে৷

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’বলগীয়া খেলখনত ভাৰতৰ সম্ভাব্য মূল একাদশটোক লৈ চৰ্চা আৰম্ভ হৈছে৷ ভাৰতে এতিয়াও মূল একাদশ ঘোষণা কৰা নাই যদিও শনিবাৰৰ সংবাদ অধিনায়ক ৰোহিত শৰ্মাই কয় যে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া দলত থকাৰ বাবে  এজন অতিৰিক্ত স্পিনাৰ লোৱাৰ সুযোগ পোৱা যাব৷  জানিব পৰা মতে, চেন্নাইত স্পিনৰ সহায়ক উইকেট প্ৰস্তুত কৰা হৈছে৷ সেইবাবেই ৰোহিত শৰ্মাই দলত তিনিজন স্পিনাৰ ৰখাৰ ইংগিত দিছে৷ অষ্ট্ৰেলিয়া দলেও ইয়াৰ পূৰ্বানুমান কৰি শুকুৰবাৰে দীৰ্ঘসময় স্পিনাৰ সন্মুখত বেটিং অনুশীলন চলাইছিল৷ নেট অনুশীলনত কেইবাজনো স্থানীয় স্পিনাৰক আমন্ত্ৰণ জনোৱা হৈছিল৷ যদি সঁচাকৈয়ে চেপক গ্ৰাউণ্ডৰ পিটচ স্পিনাৰৰ সহায়ক হয়, তেন্তে ভাৰতীয় স্পিনাৰ আৰু অষ্ট্ৰেলিয়াৰ বেটাৰৰ যুঁজখন আকৰ্ষণীয় হ’ব বুলি আশা কৰিব পাৰি৷ উল্লেখ্য, চেপক গ্ৰাউণ্ডত এতিয়ালৈকে ভাৰতে খেলা ১৪খন এদিনীয়াৰ সাতখনত দলটো জয়ী হোৱাৰ বিপৰীতে ছখনত পৰাস্ত হৈছে৷ আনহাতে, অষ্ট্ৰেলিয়া এই স্থানত ছখন খেলৰ পাঁচখনত জয়ী হৈছে৷