Logo
image

২৮টা স্বৰ্ণসহ ১০৭ পদক জয় ভাৰতৰ

হাংঝৌ, ৮ অক্টোবৰঃ হাংঝৌ এছিয়ান গেমছত ৯ টাকৈ পদক জয় কৰি ইতিহাস ৰচনা কৰে ভাৰতীয় আৰ্চাৰে৷ প্ৰতিযোগিতাখনত ভাৰতে মুঠ ১০৭ টা পদকেৰে অভিযান সামৰিছে৷ ইয়াৰ ভিতৰত আছে ২৮ টা স্বৰ্ণ, ৩৮ টা ৰূপ আৰু ৪১ টা ব্ৰঞ্জৰ পদক৷  পদক তালিকাৰ চতুৰ্থ স্থানত থাকে ভাৰত৷ ২০১৮ এছিয়ান গেমছত ভাৰতে ১৬ টা স্বৰ্ণসহ ৭০ টা পদক জয় কৰিছিল৷ প্ৰতিযোগিতাখনত ভাৰতীয় আৰ্চাৰ অ’জাছ দেওটলে আৰু জ্যোতি সুৰেখা ভেনামে তিনিটাকৈ স্বৰ্ণ পদক জয় কৰে৷  মিক্সড পেয়াৰ আৰু মহিলাৰ দলগত শাখাত ইতিমধ্যে স্বৰ্ণ পদক জয় কৰা জ্যোতিয়ে শনিবাৰে মহিলাৰ কম্পাউণ্ডৰ ব্যক্তিগত শাখাত দক্ষিণ কেৰিয়াৰ প্ৰতিপক্ষ ছো চায়েৱ’নক ১৪৯-১৪৫ ব্যৱধানত পৰাস্ত কৰি  স্বৰ্ণ পদক জয় কৰে৷ কম্পাউণ্ডৰ ব্যক্তিগত শাখাত ভাৰতৰ অদিতি স্বামীয়ে শনিবাৰে ব্ৰঞ্জৰ পদক জয় কৰে৷ অ’জাছ দেওটলে পুৰুষৰ ব্যক্তিগত শাখাত দলীয় সতীৰ্থ অভিষেক বাৰ্মাক ১৪৯-১৪৭ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰে৷ ৰূপৰ পদক লাভ কৰে অভিষেকে৷ 

দবাত ৰূপ জয় ভাৰতীয় পুৰুষ-মহিলা দলৰ

হাংঝৌ, ৮ অক্টোবৰঃ হাংঝৌ এছিয়ান গেমছত শনিবাৰে ভাৰতীয় পুৰুষ আৰু মহিলা দলে ৰূপৰ পদক লাভ কৰে৷ হৰিকা দ্ৰোণাভালি, বৈশালী ৰামেশবাবু, ভংটিকা আগৰৱাল আৰু সবিতা শ্ৰী ভাস্কৰকে ধৰি আটাইকেইগৰাকী খেলুৱৈয়ে নিজৰ গেমত জয় লাভ কৰি ফাইনেল ৰাউণ্ডত দক্ষিণ কোৰিয়াক ৪-০ ব্যৱধানত পৰাস্ত কৰে৷ ইউ এ ইক পৰাস্ত কৰি চীনে স্বৰ্ণ পদক জয় কৰে৷ ভাৰতীয় পুৰুষ দলে ফিলিপাইনছৰ বিৰুদ্ধে ৩.৫-০.৫ ব্যৱধানত জয়েৰে অভিযান সামৰে৷ ফিলিপাইনছৰ প্ৰতিপক্ষৰ বিৰুদ্ধে ভাৰতৰ অৰ্জুন এৰিগাইছি, ডি গুকেশ, ভিডিট গুজৰাটি আৰু হৰিকৃষ্ণ পেণ্টলা আটায়ে জয় অৰ্জন কৰে৷