Logo
image

৯ বছৰ ধৰি চলা ছলমান-অৰিজিতৰ বিবাদৰ অৱসান!

অৱশেষত বৰফ গলিল৷ ৯ বছৰ ধৰি দুই তাৰকাৰ মান-অভিমান যেন ভংগ হ’ল৷ ছলমান খানৰ বাসভৱন গেলেক্সিত দেখা গ’ল জনপ্ৰিয় গায়ক অৰিজিৎ সিঙক৷ বলীউডৰ ভাইজানৰ আহিবলগীয়া নতুন ছবি ‘টাইগাৰ-৩’ত সম্ভৱত শুনা যাব জনপ্ৰিয় গায়ক অৰিজিৎ সিঙৰ গান৷ ইতিমধ্যে টাইগাৰ-৩’ৰ টেইলৰ  মুক্তি পাইছে৷ উল্লেখ্য, ২০১৬ চনত এক সংগীতানুষ্ঠানত অৰিজিতৰ সৈতে ছলমান খানৰ মনোমালিন্য হৈছিল৷ এৱাৰ্ড শ্ব’টোত শ্ৰেষ্ঠ গায়কৰ পুৰস্কাৰ দিয়া হৈছিল অৰিজিতক৷ ছলমান খান আছিল সেই অনুষ্ঠানৰ সঞ্চালক৷ শ্ৰেষ্ঠ গায়কৰ পুৰস্কাৰ ঘোষণাৰ পাছত মঞ্চলৈ অহাত কিছু পলম কৰিছিল অৰিজিতে৷ তাকে লৈ অৰিজিতৰ ওপৰত খৰ্গহস্ত হৈ পৰিছিল ভাইজান৷ অৱশ্যে তাক প্ৰকাশ নকৰাকৈ স্বভাৱসিদ্ধ ভংগিমাৰে ক্ষণিক ৰসিকতা কৰি ছলমানে কৈছিল– ‘তুমি কি শুই আছিলা?’ উত্তৰত গায়ক অৰিজিতে কৈছিল– ‘কি কৰিব, আপোনালোকেই শুবলৈ বাধ্য কৰাইছে৷’ সেইদিনা অৰিজিতে ‘আশিকী-২’ ছবিৰ ‘তুম হ্যি হো’ শীৰ্ষক গানৰ কাৰণে পুৰস্কাৰ পাইছিল৷ ছলমানে ক’লে– ‘এনেকুৱা গান গালে দৰ্শকো শুই পৰিব৷’

নতুন এজন গায়কৰ পৰা এনেধৰণৰ বেকা জবাব ভাল নালাগিল ছলমানৰ৷ সেইদিনাৰ পৰাই বাঢ়ি যায় দুয়োৰে দূৰত্ব৷ পৰৱৰ্তী সময়ত ক্ষমা বিচাৰি চিঠিও দিছিল অৰিজিতে৷ কিন্তু মন নগলিল ভাইজানৰ৷ ৮ বছৰ ধৰি এখনৰ পাছত আন এখন হিট ছবি নিৰ্মাণ কৰিছে যদিও ছলমানে অৰিজিতক গান গোৱাৰ সুযোগ দিয়া নাই৷ কিন্তু শেহতীয়াকৈ যেন মন কুমলিল ভাইজানৰ৷ স্বাভিমান এৰি বুধবাৰে নিশা অৰিজিতক প্ৰশ্ৰয় দি অনুৰাগীক চমক দিয়ে ছলমানে৷ বুধবাৰে নিশা ভাইজানৰ গেলেক্সি এপাৰ্টমেণ্টৰ চৌহদত দেখা গ’ল অৰিজিতৰ গাড়ী৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টো দেখি নেটিজেনে কৈছে– ‘ছলমানৰ গেলেক্সিত অৰিজিৎ!কি ঘটিছে?’ কাৰোমতে টাইগাৰ ৩-ত গীত গাব অৰিজিতে৷ কোনোৱে কৈছে– কৰণ জোহৰৰ  নতুন ছবিৰ বাবেই ছলমানৰ গেলেক্সিত বৈঠক বহিছে৷ উল্লেখ্য জন্মসূত্ৰে অৰিজিৎ শিখ সম্প্ৰদায়ৰ৷ তেওঁৰ মাতৃ বাঙালী হ’লেও অৰিজিতৰ জন্ম শিখ পৰিয়ালত৷ ক’ৰনা কালত মাতৃৰ বিয়োগৰ পাছত পিতৃ সুৰেন্দ্ৰ সিঙৰ সংস্কৃতি অনুসৰণ কৰি অৰিজিতে মূৰত পাগুৰি মাৰিবলৈ লয়৷ ২০০৫ চনত ‘ফেম গুৰুকুল’ নামেৰে এটা ৰিয়েলিটী শ্ব’ত প্ৰথম দেখা গৈছিল অৰিজিতক৷ পৰৱৰ্তী সময়ত জনপ্ৰিয় সংগীত পৰিচালক প্ৰীতমৰ সহকাৰী হিচাপে কাম কৰি এটা সময়ত সংগীত জগতত বাৰুকৈয়ে খোপনি পুতে অৰিজিতে৷ সঘনে লাইম লাইটত থকা অৰিজিতৰ কোটি কোটি ফ’লোৱাৰ আছে৷