Logo
image

পাঠান' আৰু 'জৱান'ৰ ব্যাপক সফলতাই কাল হৈছে নেকি শ্বাহৰুখ খানৰঃ বলীউডৰ বাদশ্বাহক মৃত্যুৰ ভাবুকি, ৱাই+ নিৰাপত্তা প্ৰদান চৰকাৰৰ

ডিজিটেল ডেস্কঃ একেৰাহে দুখনকৈ ছবি ছুপাৰ হিট হোৱাৰ পিছত জীৱন বিপদাপন্ন হৈ পৰিছে শ্বাহৰুখ খানৰ৷ 'পাঠান' আৰু 'জৱান'ৰ ব্যাপক সফলতাৰ পিছত  আণ্ডাৰৱৰ্ল্ড আৰু গেংষ্টাৰৰ লক্ষ্য হৈ পৰিছে বলীউডৰ কিং খান৷ যাৰ বাবে শ্বাহৰুখ খানক ৱাই+ নিৰাপত্তা প্ৰদান কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। 'পাঠান' আৰু 'জৱান'ৰ সফলতাৰ পিছত মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে শ্বাহৰুখ খানে। সেয়ে শ্বাহৰখ খানৰ নিৰাপত্তা বৃদ্ধি কৰি ৱাই+ নিৰাপত্তা প্ৰদান কৰিছে মুম্বাই আৰক্ষীয়ে৷

শ্বাহৰুখ খানে মহাৰাষ্ট্ৰ চৰকাৰক এটা লিখিত অভিযোগ দিছিল যে 'পাঠান' আৰু 'জৱান' চলচ্চিত্ৰৰ পিছত তেওঁ মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে। ইয়াৰ পিছতে মহাৰাষ্ট্ৰ চৰকাৰে অভিনেতাজনক ৱাই+ নিৰাপত্তা প্ৰদান কৰিছে। এতিয়াৰে পৰা শ্বাহৰুখ খানৰ নিৰাপত্তাত ২৪ ঘণ্টাই থাকিব ৬জনকৈ কামাণ্ডো৷ ইয়াৰ পূৰ্বে অভিনেতাজনৰ নিৰাপত্তাত মাত্ৰ দুজন আৰক্ষী নিয়োজিত আছিল৷