Logo
image

‘আমি সকলো বিক্ৰী কৰিবলৈ সাজু’

আজিলৈকে বোধকৰোঁ ভাৰতৰ কোনো এজন বিত্তমন্ত্ৰীয়ে ইমান দুঃসাহস কৰা নাছিল, যিমান নিৰ্মলা সীতাৰমণে কৰিলে৷ বাজেট ভাষণত সীতাৰমণে  কৈ দিলে– ‘আমি সকলো বিক্ৰী কৰিবলৈ সাজু হৈছোঁ’৷ এইশাৰী বাক্যই প্ৰমাণ কৰিছে যে ২০২১-২২ বৰ্ষৰ বাবে যুগুত কৰা বাজেটখন বজাৰৰ বাবে অতি সুন্দৰ বাজেট৷ আচলতে বিগত সময়ত বজাৰ সৃষ্টিৰ বাবেই বিজেপি চৰকাৰে যিমান আইন-কানুন আছে সকলো হয় পৰিৱৰ্তন কৰিছে, নহয় নতুন আইন আনিছে৷ তাৰ এটা সুন্দৰ নিদৰ্শন হ’ল কৃষকৰ নামত অনা তিনিখন আইন৷ যাৰ জৰিয়তে বৰ্তমানলৈ কৰ্প’ৰেটৰ প্ৰায় প্ৰৱেশ নথকা এই কৃষিক্ষেত্ৰখন যাতে সম্পূৰ্ণৰূপে বহুজাতিক কোম্পানীৰ হাতত অপৰ্ণ কৰিব পাৰে৷ সেয়ে বাজেট দাখিল কৰি বিত্তমন্ত্ৰীয়ে সকলো বিক্ৰী কৰাৰ কথা ক’লে৷ লাগিলে সেয়া বিমানবন্দৰ হওক, বিমান কোম্পানী হওক, ৰে’ল, ৰাজপথ, বেংক, বীমা, লাগিলে সেয়া বিদু্যৎ পৰিবাহী তাঁৰেই নহওক কিয়, চৰকাৰী গুদাম, য’ত চৰকাৰে খাদ্যসামগ্ৰী মজুত ৰাখে, সেইবোৰো পুঁজিপতিক গতালে৷ যিবোৰ এতিয়ালৈকে ভাৰতীয় খাদ্য নিগমৰ গুদাম আছিল৷ দেশৰ সকলো ষ্টেডিয়াম ব্যক্তিগত খণ্ডত দি দিব৷ চৰকাৰে তেল পৰিবাহী পাইপলাইনো ব্যক্তিগত খণ্ডত অপৰ্ণ কৰিব৷ আজিলৈকে কোনো চৰকাৰে ইমান খোলাখুলিকৈ এনে বিক্ৰীৰ বিজ্ঞাপন বাজেটৰ জৰিয়তে দিবলৈ সাহস কৰা নাছিল৷ নিশ্চিতভাৱে ১৯৯১ চনত ভাৰতে বিশ্ব বাণিজ্যত প্ৰৱেশ কৰাৰ পাছত এয়া সবৰ্বৃহৎ নিবিৰ্নিয়োজন কৰিবলৈ চৰকাৰ সাজু হৈছে৷ এই বাজেটৰ আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে দেশৰ চৰকাৰৰ হাতত আৰু কোনো বিত্তীয় প্ৰতিষ্ঠান নাথাকিব৷ যি উদ্দেশ্য আগত ৰাখি অৰ্থাৎ দেশৰ জনগণৰ ধন সুৰক্ষিত কৰাৰ বাবে ইন্দিৰা গান্ধীয়ে বেংক ব্যৱস্থা ৰাষ্ট্ৰীয়কৰণ কৰিছিল, এতিয়াৰ পৰা জনগণৰ ধনৰ সুৰক্ষাৰ দিশটোত চৰকাৰৰ কোনো দায়িত্ব নাথাকিব৷ চৰকাৰে বিগত বৰ্ষত ২,১০,০০০ কোটি টকাৰ নিবিৰ্নিয়োজনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল, কিন্তু পহিলা ফেব্ৰুৱাৰীপৰ্যন্ত চৰকাৰৰ ওচৰত এই প্ৰক্ৰিয়াত ধন আহিল মাত্ৰ ১৯,৪৯৯ কোটি টকা৷ এইবাৰ বাজেটত নিবিৰ্নিয়োজনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ১.৭৫ লাখ কোটি টকা৷ ইয়াৰ পৰা দেখা যায় চৰকাৰে নিবিৰ্নিয়োজনৰ পৰা পাব লগা যি ধন সেই ধনৰ একেবাৰে সামান্য অংশহে চৰকাৰৰ হাতলৈ আহিছে৷ বৰ্তমান নিৰ্ধাৰণ কৰা লক্ষ্যৰো যে সামান্য অংশহে চৰকাৰৰ হাতলৈ ধন আহিব সেইটো নিশ্চিত, কাৰণ যিবোৰ সম্পত্তি ইতিমধ্যে বিক্ৰী কৰা হৈছে আৰু যিবোৰ ভৱিষ্যতলৈ বিক্ৰী কৰিব, সেইবোৰৰ অৱস্থা চৰকাৰে বিক্ৰীৰ পূবেৰ্ ইমানেই শোচনীয় হৈছে যে পুঁজিপতিয়ে সামান্য দৰত সেইবোৰ ক্ৰয় কৰিছে৷ সেয়ে চৰকাৰে এতিয়াৰ পৰা ৰে’ল বা পথৰ দৰে লাভজনক খণ্ডবোৰ বিক্ৰী কৰাৰ বাবে আগবাঢ়িছে, যাতে চৰকাৰ চলাবলৈ প্ৰয়োজনীয় টকা আহে৷ কিন্তু এটা ডাঙৰ প্ৰশ্ন– যদি চৰকাৰৰ খৰচ কৰিবলৈ প্ৰত্যক্ষ বা পৰোক্ষ কৰৰ পৰা ধন অহা নাই, জি এছ টিৰ পৰা আকাংক্ষিত ফল লাভ কৰা নাই, তেন্তে এনেদৰে সম্পত্তি বিক্ৰী কৰি চৰকাৰে কিমান দিনলৈ দেশ চলাব? যেতিয়া বিক্ৰী কৰিবলৈ চৰকাৰৰ হাতত কোনো সম্পত্তি নাথাকিব, তেতিয়া চৰকাৰে কি কৰিব? আনহাতে, আজি যি পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি বিগত চাৰি মাহে কৃষকে দিল্লীৰ ৰাজপথত অৱস্থান কৰিবলগা হৈছে, সেই সম্পৰ্কত বাজেটে কৃষকক কোনো ৰেহাই বা কৃষকৰ স্বাৰ্থত কোনো কথা নক’লে৷ বৰঞ্চ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে যি লক্ষ্য নিৰ্ধাৰণ কৰিছে বিশেষতঃ পথ নিৰ্মাণৰ, তেনে অৱস্থাত কৃষকৰ অৱস্থা যে অধিক জৰ্জৰ হৈ পৰিব সি নিশ্চিত৷ কাৰণ এনে কাৰ্যৰ বাবে পুনৰ কৃষকৰ পৰা মাটি অধিগ্ৰহণ কৰা হ’ব৷ লাহে লাহে ভাৰতৰ কৃষকৰ হাতত যে মাটি নাথাকিব, সেইটো নিশ্চিত৷ উদাহৰণ স্বৰূপে দিল্লী-মুম্বাইক ঔদ্যোগিক কৰাৰ যি কথা কোৱা হৈছে, তাত ২৫৪২খন গাঁও আহিব৷ য’ত কৃষকক উচ্চেদ কৰা হ’ব৷ আনহাতে, যিখন চৰকাৰে ঘোষণা কৰি থৈছে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ হৈ যাব বুলি, এই দিশতো বাজেটত কোনো পদক্ষেপ ঘোষণা নকৰিলে যাৰ দ্বাৰা চৰকাৰৰ লক্ষ্য পূৰণ হয়৷ যি সময়ত দেশৰ বিকাশৰ হাৰ ৭.৭ শতাংশলৈ অৱনমিত হ’ল, ইয়াক ধনাত্মকৰ দিশত নিবলৈ চৰকাৰৰ পদক্ষেপ সম্পৰ্কতো কোনো কথা বাজেটত উল্লেখ নাই৷ বাজেটখনত স্বাস্থ্যখণ্ডত ধন বৃদ্ধি কৰাৰ বাবে হৈ-চৈ কৰা হৈছে যদিও এই ধন কৰ’না মহামাৰীৰ বাবে হোৱা খৰচৰ লগতে ভেকচিন দিওঁতেই শেষ হ’ব৷ চৰকাৰে প্ৰতিৰক্ষা শিতানত পুনৰ ধন বৃদ্ধি কৰিছে, কিন্তু শিক্ষা খণ্ডত ধনৰ পৰিমাণ পূবৰ্তকৈ কম কৰি চৰকাৰে এইখন ক্ষেত্ৰৰ দায়িত্ব যে সম্পূৰ্ণৰূপে সামৰি ইয়াৰ দায়িত্ব পুঁজিপতিক দিব বিচাৰিছে, সি নিশ্চিত৷ সেয়ে এই বাজেটে বজাৰৰ বাবে আনন্দ কঢ়িয়াইছে আৰু দেশৰ সাধাৰণ নাগৰিকৰ বাবে যে চকুপানী আনিব, সেয়া নিশ্চিত৷