Logo
image

টীম ইণ্ডিয়াৰ সন্মুখত আজি আফগানিস্তানৰ কঠিন পৰীক্ষা

নতুন দিল্লী, ১১ অক্টোবৰঃ অষ্ট্ৰেলিয়াক চাৰি উইকেটত পৰাস্ত কৰি অভিযান আৰম্ভ কৰাৰ পাছত  বিশ্বকাপত আজি ভাৰত অৱতীৰ্ণ হ’ব আফগানিস্তানৰ বিৰুদ্ধে৷ উল্লেখ্য, চেন্নাইৰ চেপাক গ্ৰাউণ্ডত অনুষ্ঠিত প্ৰথমখন খেলত উইকেট আছিল মন্থৰ আৰু স্পিনাৰৰ সহায়ক৷ তাৰ বিপৰীতে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত পিটছ বেটিঙৰ সহায়ক হোৱাৰ সম্ভাৱনা আছে৷ এইখন ষ্টেডিয়ামতে দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাৰ মাজৰ খেলখনত সংগ্ৰহ হৈছিল ৭০০তকৈ অধিক ৰান৷ ডেংগিত আক্ৰান্ত হোৱা অ’পেনাৰ শুভমন গীলে আফগানিস্তানৰ বিৰুদ্ধেও খেলিব নোৱাৰিব৷ সেইবাবে বুধবাৰেও অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে ইনিংছ মুকলি কৰাৰ সুযোগ পাব ঈশান কিষাণে৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন খেলত ঈশান কিষাণৰ লগতে শ্ৰেয়স আয়াৰ দুৰ্বল শ্বট খেলি আউট হৈছিল৷ ফলত ভাৰতৰ আৰম্ভণি সন্তোষজনক হোৱা নাছিল৷ শনিবাৰলৈ শুভমন গীল সম্পূৰ্ণ সুস্থ হৈ নুঠিলে পাকিস্তানৰ বিৰুদ্ধে হ’বলগীয়া হাই ভল্টেজ খেলখনতো ঈশান কিষাণে ভাৰতীয় ইনিংছ মুকলি কৰাৰ দায়িত্ব ল’বলগীয়া হ’ব পাৰে৷ সেয়েহে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা খেলখনত কৰা ভুল-ত্ৰুটীবোৰ তেওঁ আঁতৰাব লাগিব৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মাত্ৰ ২ ৰানত ভাৰতে তিনিটা উইকেট হেৰুওৱাৰ পাছত বিৰাট কোহলি আৰু লোকেশ ৰাহুলে শতকীয় ৰানৰ যুটি গঢ়ি ভাৰতৰ জয় সম্ভৱ কৰি তুলিছিল৷ বুধবাৰে কোহলিয়ে খেলিব গৃহ চহৰত৷ নিজৰ নামত নিৰ্মাণ কৰা পেভেলিয়নৰ সন্মুখত খেলি অনুৰাগীক এটা স্মৰণীয় ইনিংছ উপহাৰ দিয়াৰ চেষ্টা চলাব তেওঁ৷

প্ৰথমখন খেলত ভাৰতীয় বলিং আছিল আশানুৰূপ, যাৰ বাবে অষ্ট্ৰেলিয়াই ১৯৯ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হৈছিল৷ সেইখন খেলত ভাৰতৰ মূল একাদশত আছিল তিনিজন স্পিনাৰ৷ কিন্তু দিল্লীত যদি ভাৰতে মূল একাদশত তিনিজন স্পিনাৰ নৰখাৰ সিদ্ধান্ত লয়, তেন্তে ৰবিচন্দ্ৰন অশ্বিনৰ স্থানত মহম্মদ ছামিক স্থান দিয়া হ’ব পাৰে৷ ইপিনে, প্ৰথম খেলত বাংলাদেশৰ হাতত পৰাস্ত হোৱাৰ পাছত আফগাস্তিানেও বিচাৰিব  ভুল-ত্ৰুটীবোৰৰ শুধৰণি ঘটোবলৈ৷ আফগানিস্তানৰ প্ৰধান শক্তি হৈছে স্পিন বলিং৷ কিন্তু তাৰ লগতে ভাৰতৰ বিৰুদ্ধে দলটোৰ বেটাৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শন৷ বাংলাদেশৰ বিৰুদ্ধে আফগানিস্তানে ১৫৬ ৰানতে সকলো উইকেট হেৰুৱাইছিল৷ দলটোৱে সেই প্ৰদৰ্শন উন্নত কৰিব লাগিব৷ অ’পেনাপ ৰহমতুল্লা গুৰবাজ ভাল ফৰ্মত থকাটো অৱশ্যে আফগানিস্তানৰ বাবে উৎসাহৰ বিষয়৷